গোলাঘাট জিলাৰ টেঙানিত ২০০২ চনত হোৱা গণ সংগ্ৰামৰ স্মৃতি ৰোমন্থন কৰি সংগ্ৰাম খনৰ কৰ্মী মণিকংকনা বৰাৰ ”টেঙানি গণ সংগ্ৰামৰ অধ্যায়” নামৰ এখন গ্ৰন্থ ১৭ অক্টোবৰত গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰা হয় । গ্ৰন্থখনৰ উন্মোচনী সভাত উপস্থিত থাকে অসমৰ বহু কেইগৰাকী সন্মানীয় ব্যক্তি। এই অনুষ্ঠানটোত উন্মোচক হিচাপে উপস্থিত থাকি বিশিষ্ট চিন্তাবিদ, লেখক তথা বি বৰুৱা মহাবিদ্য়ালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ দিনেশ বৈশ্যই কয় যে- “বৰ্তমান দেশৰ এই সংকটৰ সময়ত আমি কোনোমতে জীয়াই আছো। দেশত সংগ্ৰামৰ ধ্বজা বহনকাৰী লোকসকলোক নিমাত কৰাৰ গভীৰ ষড়যন্ত্রৰ সময়ত টেঙানিৰ সংগ্ৰামী ইতিহাসৰ ওপৰত ৰচিত এই গ্ৰন্থখনে অসমত ভূমিৰ অধিকাৰৰ যুজঁত এক ইতিহাস ৰচনা কৰিব। দৈয়াং-টেঙানি এই শব্দ দুটাই মানুহক শিয়ৰিত কৰে-মনত শক্তি দিয়ে। টেঙানিৰ এই ইতিহাসে অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে হোৱা সংগ্ৰাম সমূহক বাট দেখুৱাব।” লগতে তেখেতে শিক্ষাৰ বাণিজ্যিকীকৰণৰ ওপৰতো উদ্বেগ প্রকাশ কৰি সকলো ৰাইজক অপশক্তিৰ বিৰুদ্ধে যুঁজিবলৈ কৃষক, শ্ৰমিক, সাধাৰণ ৰাইজক সংগঠিত কৰাত গুৰুত্ব দিব লাগে বুলি মন্তব্য আগবঢ়াই।
আনহাতে এই অনুষ্ঠানটোত উপস্থিত থাকে সমাজকৰ্মী, যশস্বী কণ্ঠশিল্পী তথা লেখক লোকনাথ গোস্বামী আৰু নাৰীবাদী লেখক জুনু বৰাৰ লগতে বহু কেইগৰাকী গণ্যমান্য ব্যক্তি।