অসমৰ বেছিভাগ মানুহে গছ বঢ়িয়াকৈ দেখা পায়,কিন্তু গছবোৰ চাই থাকি অৰণ্য খন দেখা নাপায়।ফলত অৰণ্য খনৰ সমবেত শক্তি বা দোষ-গুণৰ উমানো নাপায়।
এতিয়া অসম জোঁকাৰি আছে দুটা বিতৰ্কই। জ্যোতি প্ৰসাদৰ ‘লভিতা’ নাটক খন আৱাহন থিয়েটাৰে বিকৃত ৰূপত পৰিবেশন কৰাক লৈ,আৰু আনটো শ্ৰদ্ধেয়া নিৰূপমা বৰগোহাঞি বাইদেৱে ‘অসমীয়া প্ৰতিদিন’ক সাক্ষাৎকাৰত কৰা অপ্ৰত্যাশিত সাম্প্ৰদায়িক
মন্তব্যক লৈ।
এই দুয়োটাৰ মাজত কিন্ত্ত আমি সতকাই মন নকৰা এটা যোগসূত্ৰ আছে।দুয়োটা ঘটনাত এক কূট ৰাজনৈতিক মহলৰ দীৰ্ঘম্যাদী চক্ৰান্তৰ
লক্ষণ দেখা যায়।
‘লভিতা’ৰ ৰচক জ্যোতিপ্ৰসাদৰ জ্যোতিৰ্ময় মহিমা আৰু
প্ৰভাৱ অসৎ উদ্দেশ্যৰে ব্যৱহাৰ কৰি উক্ত ৰাজনৈতিক মহলৰ প্ৰভাৱ বৃদ্ধি কৰাৰ উদ্যোগ নাটকৰ নতুন ৰূপটোত পৰিষ্কাৰ।কাৰণ
দ্বিতীয় মহাযুদ্ধৰ খলনায়ক বিলাকৰ প্ৰচণ্ড
নিপীড়নে অসমৰ আজলী গাৱঁলীয়া গাভৰু
এজনীক অচৈতন্য অসহায় অৱস্থাৰ পৰা জগাই অতি সচেতন,সাহসী আৰু নিৰ্ভীক বীৰাংগনাত পৰিণত কৰা মূল নাটকৰ
কাহিনী বৈষম্য আৰু প্ৰতিক্ৰিয়াৰ সপক্ষে থকা চক্ৰান্তকাৰী মহলটোৰ অপছন্দ।সেয়ে সিহঁতৰ পছন্দৰ ধাৰণা অনুযায়ী জাগ্ৰত বিপ্লবী নাৰীৰ প্ৰতিমূৰ্তি নায়িকাৰ চৰিত্ৰ গোটে-পাতে সলাই নতুন নাট্যকাৰে পুৰুষৰ প্ৰণয়ৰমুগ্ধা পাত্ৰীত পৰিণত কৰিছে।মূল নাটকত কিন্ত আজিৰ যুগৰ আহ্বান আওকাণ কৰা আপোচকামী কাপুৰুষ প্ৰেমিকক নায়িকাই ঘৃণাৰে প্ৰত্যাখ্যান কৰিছে।
ইলাহী বক্সো হৈছে অসমৰ সাধাৰণ ৰাইজৰ মানবতা আৰু বিবেক বুদ্ধিৰ প্ৰতিনিধি,যি শাসক শ্ৰেণীয়ে বিয়পাই দিয়া সাম্প্ৰদায়িক হলাহলৰ মাজতো মৈত্ৰী আৰু মমতাৰ অৱতাৰ হৈ দেখা দিয়ে।এনে উদাহৰণ চক্ৰান্তকাৰী শক্তিৰ অসহ্য।সেয়ে ইলাহী বক্সৰ
সেই ভূমিকা নাটকৰ নতুন ৰূপত অদৃশ্য।
আকৌ দেশমুক্তিৰ সঙ্গ্ৰামত ‘জয় হিন্দ’ সলাই ‘ভাৰত মাতাকী জয়’ কৰা হৈছে,কাৰণ নেতাজী সুভাষচন্দ্ৰই গ্ৰহণ কৰা ধ্বনিটো উৰ্দু ভাষাত,আৰু ‘ভাৰত মাতাকী জয়’ ধ্বনিত তেনে মুছলমানী উপাদান
নাই।তাৎপৰ্যপূৰ্ণ কথা এয়ে যে আজিকালি বাটে-ঘাটে ‘জয় হিন্দ’ ধ্বনি দিবলৈ উৎসাহী মুছলমান মানুহক ভয় দেখুৱাই বা নিৰ্মম অত্যাচাৰ কৰি ‘ভাৰত মাতাকী জয়’ কবলৈ জোৰ-জবৰদস্তি কৰাৰ ঘটনা উত্তৰ ভাৰতত বহুত ঘটিছে।
এনেবোৰ তথ্যৰ পৰা প্ৰমাণ হয় যে নতুন নাটকখন উক্ত চক্ৰান্তকাৰী মহলৰ মন যোগাবলৈ বা হয়তো তাৰ নিৰ্দেশতে প্ৰস্তুত কৰা হৈছে।
এইবাৰ আহোঁ নিৰুপমা বাইদেউৰ বিতৰ্কিত মন্তব্যলৈ।সাক্ষাৎকাৰটোত বাইদেৱে এনে কথা কৈছে
নে নাই,তেখেতে নিজেই স্পষ্টীকৰণ নিদিলে সত্যাসত্য জনা নাযাব।কিন্তু সাক্ষাৎকাৰটোৰ বিষয়ে আলোচনা হোৱা জৰুৰী প্ৰয়োজন,কাৰণ বাইদেউৰ নামতে তাৰ প্ৰচাৰ আৰু প্ৰভাৱ বিস্তীৰ্ণ
হোৱাৰ সম্ভাৱনা ব্যাপক।
অসম কেনেবাকৈ মুছলিম প্ৰধান হলে আমিও আচৰিত আৰু শঙ্কিত হম।কাৰণ তেতিয়া
বৰ্তমান পৰিস্থিতিত জঘণ্য মৌলবাদী শক্তিৰ মাৰাত্মক কাৰ্য-কলাপ বৃদ্ধি পাব।কিন্তু তাৰ পৰা উদ্ধাৰ পাবলৈ একমাত্ৰ উপায় হৈছে এন-আৰ-চিৰ প্ৰয়োজনীয় সংশোধনেৰে
শীঘ্ৰে তাক গ্ৰহণ কৰা।কিন্তু শাসাআকগোষ্ঠীৰ বাবে সেই পন্থা অতি অপ্ৰিয়।সিহঁতে বিচাৰে বাঙ্লাদেশৰ লাখ লাখ হিন্দু আমদানি কৰি অসম হিন্দুপ্ৰধান কৰি ৰাখিবলৈ।যাৰ ফলত আকৌ অসমৰ থলুৱা ৰেহ-ৰূপ,ভাষা-সঙ্স্কৃতিৰ
চিন-চাব হেৰাব।
বাইদেউৰ এই সাক্ষাৎকাৰত কিন্তু পৰোক্ষভাবে আৰু হয়তো অজ্ঞাতসাৰে শাসকগোষ্ঠীৰ মনঃপূত পন্থাটোৰ প্ৰতি সমৰ্থনৰ ভাব প্ৰকাশ পাইছে ।নিৰুপমা বাইদেউৰ বুলি প্ৰকাশিত হোৱা সাক্ষাৎকাৰটোৰ আটাইতকৈ বিভ্ৰান্তিকৰ আৰু বিপজ্জনক অঙ্শ সেই পেৰাগ্ৰাফটো,য’ত তেওঁ অসম আন্দোলনৰ আৰম্ভণিৰ সময়ত তাৰ ভয়ানক ফেচীবাদী ধাৰাটো উন্মোচন কৰা উত্তৰ কামৰূপৰ মুকালমুৱাৰ হত্যাকাণ্ডৰ চৰজমিন অনুসন্ধান কৰাৰ অভিজ্ঞতা উল্লেখ কৰিছে।(যদি সঁচাকৈ তেখেতেই তেনেদৰে কৈছে।)
তেখেতে তাৰ বিষয়ে যি বিবৰণ দিছে,তাত কোৱা হৈছে যে সেই ভয়ানক হত্যাকাণ্ডৰ(য’ত মাক আৰু কেঁচুৱাক একেলগে হত্যা কৰি জুইত জাপি দিয়া হৈছিল)বলি হৈছিল বাঙালী হিন্দু মানুহ।এই প্ৰসঙ্গত তেখেতে(?) অসমীয়াৰ লগত
মিলি যাবলৈ ‘বিশ্বাস’ উপাধি সলাই ‘দাস’ উপাধি লিখা এজন দুৰ্ভগীয়া নিৰ্যাতিত বাঙালী মানুহৰ উক্তিও উদ্ধৃত কৰিছে।
কিন্তু সেই অভিজ্ঞতাৰ অবিস্মৰণীয় বিবৰণ দিয়া ‘নিজৰ কাণক বিশ্বাস নহয়’ লিখাটো মই ‘কলাখাৰ’ত প্ৰথমে ছপাইছিলোঁ।তাত কিন্তু তাৰ মানুহখিনি হিন্দু
বুলি লিখা নাছিল।এইটো আটায়ে জনা কথা যে সেই সময় নালাগে আজিও মুকালমুৱাত হিন্দু বাঙালী নাই।তাৰ নিৰ্যাতিত মানুহ খিনি প্ৰব্ৰজনমূলীয় মুছলমান আছিল।
বয়সৰ হেঁচাত মানুহৰ স্মৃতিত খেলিমেলি লাগে।কিন্তু কোনো ব্যক্তি যদি নিজেই
কিবা ঘটনাত জড়িত থাকে,আৰু যাৰ ফলত তেওঁ নিজেও তীব্ৰ মানসিক নিৰ্যাতন আৰু ঘোৰ অন্যায় তথা দুৰ্যোগৰ গৰাহত পৰে,তেন্তে তাৰ স্মৃতিত ইমান ডাঙৰ খেলিমেলি হোৱা অসম্ভৱ।
কিন্তু এই বৃত্তান্তটো কুচক্ৰী শাসকগোষ্ঠীয়ে প্ৰচাৰ কৰা উদ্দেশ্যপ্ৰণোদিত বৃত্তান্তৰ লগত মিলে।বাঙালী হিন্দু
পাকিস্তানতে নহয় অসমতো নিৰ্যাতিত হৈছে বুলি এই সময়ত প্ৰচাৰ কৰি সঙ্ঘ পৰিবাৰে পুতৌৰ ভাব জগাই বাঙ্লাদেশৰ হিন্দুক অসমত সঙ্স্থাপন দিয়াৰ আয়োজন কৰিছে ‘কা’-আইনৰ আলম লৈ।ফলত বাইদেউৰ(?) বক্তব্যই শাসকগোষ্ঠীৰ অভিপ্ৰায়কহে সহায় কৰিব।অসমত আমাৰ সহনশীল ঐতিহ্য নস্যাৎ কৰি কুৎসিত মুছলিম-নিপীড়নত ইন্ধন যোগাব।
এইবোৰ কথা মোৰ বাবেও বিব্ৰতকাৰী আৰু বেদনাদায়ক হৈছে।সঁচা কথাটো সোনকালে ওলালে সকলোৰে মঙ্গল।
যদি বাইদেৱে কথাটো কোৱাই নাই,গণতান্ত্ৰিক মানুহখিনিয়ে সকাহ পাব,আৰু যদি কৈছে ভুল স্বীকাৰ কৰিলে তেখেতৰ বিৰাট অৱদানৰ একো হানি-বিঘিনি নহয়।আমি সকলো তেজ-মঙহৰ মানুহ,আমাৰ সকলোৰে কেতিয়াবা ভুল হয়।
এই ঘটনা যদিও অতি দুৰ্ভাগ্যজনক( যদি সঁচা!),তথাপি তাকে লৈ বাইদেউৰ সৃষ্টিশীল প্ৰতিভা,কালজয়ী ৰচনা সমূহ,গণতান্ত্ৰিক সঙ্গ্ৰামলৈ তেখেতৰ অৱদান,সৰুৰে পৰা বিদ্ৰোহিণী,অদমনীয় সৎসাহসী চৰিত্ৰ আৰু অসাধাৰণ অন্তৰ্দৃষ্টি কোনেও উৰাই দিব নোৱাৰে।ইয়াক লৈ কোনোবাই চৰিত্ৰহনন কৰিব খুজিলেও সেইটো
সফল হোৱা টান।
এই সময়ছোৱাত তেখেতৰ সঙ্গত অণিমা গুহ বা তোষপ্ৰভা কলিতা নাই।কোনোবাই তেখেতৰ নিঃসঙ্গতাৰ সুযোগ লৈ অনবৰত অপপ্ৰচাৰেৰে তেখেতক বিভ্ৰান্ত কৰিলেও আচৰিত নহয়।
যি কি ঞনহওক,সত্যটো শীঘ্ৰে প্ৰকাশ পালে সকলোৱে শান্তি আৰু স্বস্তিৰে উশাহ ল’ব পাৰিব।
ইতি,
হীৰেন গোহাঁই।
