২০১৭ আৰু ২০১৮ বৰ্ষত নামভর্তি কৰা নন চি বি এছ পাঠ্যক্ৰমৰ স্নাতক কলা, বিজ্ঞান, বাণিজ্য আৰু বি-ভকৰ (এৰিয়াৰ)ৰ পৰীক্ষা ২০২২ বৰ্ষৰ মাৰ্চ মাহতে অনুষ্ঠিত পৰীক্ষাৰ ফলাফলসমূহ প্রায় ছমাহ পাৰ হৈ যোৱাৰ পাছটো প্ৰকাশ কৰা নাই গুৱাহাটী বিশ্ববিদ্যালয়ে।
বিশ্ববিদ্যালয় কর্তৃপক্ষই ২০ ছেপ্টেম্বৰ বা তাৰ পূৰ্বে এই পৰীক্ষাৰ ফলাফল দিয়া হ’ব বুলি কৰা ঘোষণা কৰিও কাৰ্যকৰী নোহোৱাত সমস্যাৰ সন্মুখীন হৈছে ছাত্র-ছাত্রীসকল।
স্নাতকোত্তৰ শাখাত নামভৰ্তি কৰিবলৈ পৰা নাই চূড়ান্ত গ্রেড ছীট অবিহনে ।
অহা ৩০ ছেপ্টেম্বৰৰপৰা পূজাৰ বন্ধৰ আগতে বিশ্ববিদ্যালয়ে ফলাফলসমূহ ঘোষণা নকৰিলে এই শিক্ষার্থী সকলৰ ভৱিষ্যৎ অন্ধকাৰলৈ গতি কৰিব
