“আইকণ উঠা বাপুকণ, ৰাতি পোহৰে হ’ল- পুৱাৰ সুৰুজে মাৰিলে ভুমুকি, কুঁৱলী মেলিলে ফাট’ – এই মধুৰ গীতেৰে শুৱলা কণ্ঠৰে হাউচৰ গীত গোৱা জনজীৱনৰ শিল্পী বৰপেটাৰ ভকতপাৰাৰ গোকুল পাঠক যেন এগৰাকী ‘বোহেমিয়ান’ ৷ যশশ্বী শিল্পী পুৰুষোত্তম দাসে ‘বহু মানুহ বহু কথা’ৰে লিখে – “জাত-বোহেমিয়ানৰ বোহেমিয়ান ৰক্ত দুগুনে উথলি উঠে ৷ তথাপিও মনত অফুৰন্ত উছাহ –উদ্যমেৰে ঘূৰি ফুৰে বুকুত মহাতৃষ্ণা লৈ ৷ গীত ৰচে, সুৰ কৰে, গায়, গোৱায়, নাট লিখে, সেই নাট মঞ্চস্থ হয় বৰপেটাৰ ঐতিহ্যমণ্ডিত ‘মিলন মন্দিৰ ৰঙ্গমঞ্চত’ ৷ কেতিয়াবা আকৌ ঢাল-তৰোৱাল নোহোৱাকৈ যুদ্ধ কৰিব বিচাৰে নিধিৰাম চৰ্দাৰ হৈ, কেতিয়াবা আকৌ পষেকীয়া সাপ্তাহিক বাতৰি কাকত উলিয়ায় সম্পাদক নিজে হৈ ৷” এই গৰাকী গোকুল পাঠকে একেবাৰে মাৰ্ক্সবাদৰ পৰা শংকৰদেৱ-মাধৱদেৱলৈ আৰু কেৱল সৰু সৰু মানুহৰ সৈতেহে জীৱনৰ সম্পৰ্ক গঢ়ি তুলি, বিষ্ণু ৰাভাৰ দিনৰে পৰা তেওঁৰ আদৰ্শৰে অনুপ্ৰানিত হৈ, বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ লগত জড়িত হৈ তিনিবাৰ কাৰাবৰণ খটা, বিয়াল্লিছত বৃটিছ সাম্ৰাজ্যবাদীৰ বেঁকী বিমান-ঘাটি জ্বলাই দিয়াৰ সময়ছোৱাত ‘ইয়ে আাদী জুঠা হ্যায়” বুলি ক’লা পতাকা উৰুৱাৰ মাজত থকা গোকুল পাঠকে ‘ৰাইজৰ মেল’ উলিয়ায় আৰু; ’ৰূপান্তৰ’ৰ মাজেৰে লোকগীত, হোলিগীতৰ ছন্দে ছন্দে জনজীৱনৰ কোঁহে কোঁহে মানুহৰ সম্বাদ বিচাৰি ’আমাৰ দেশ’ৰ সাংবাদিকতা কৰে ৷ “বহু শ্ৰম, বহু নিষ্ঠা আৰু বিস্তৃত অধ্যয়নেৰে এইজন যাযাবৰীয়ে লিখিলে ‘বৰপেটা সত্ৰৰ ইতিহাস’৷ এইখনেই বৰপেটা সত্ৰৰ আতিগুৰি সম্পৰ্কীয় একমাত্ৰ প্ৰমান্য গ্ৰন্থ বুলি কোৱা হয় ৷ তেওঁৰে গীত আৰু সুৰ বিভিন্নজনৰ কণ্ঠেৰে জনপ্ৰিয় হয় ৷ পঞ্চাশৰ দশকত লোকগীতৰ দল এটিৰ সৈতে ‘মামা-ভাগিন’ৰ দল বুলি পৰিচিত এই দলটোত মাথোঁ তিনিগৰাকী শিল্পী- “ৰাঘৱ দাস, মাহানন্দ দাস, আৰু গোকুল পাঠক _ লোকগীত গাই গোটেই অসমতে আলোড়নৰ সৃষ্টি কৰা গোকুল পাঠকে অভিনেতা হিচাপেও ৰাইজৰ মনত ৰেখাপাত কৰিবলৈ সক্ষম হৈছিল ‘মৰ্জিয়ানা’ নাটৰ ‘বাবা মোস্তাফা’ চৰিত্ৰৰে ৷ তেওঁ লিখা উল্লেখযোগ্য নাট তিনিখন হ’ল ‘হাদিৰাই চকুলো টোকে’, জীয়া নৈৰ পাৰ’ আৰু ‘এই বিপ্লৱ কিয়” ? তেওঁ পোন্ধৰ বছৰ কাল গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ যোগে লোকগীত পৰিবেশন কৰিছিল ৷
সংস্কৃতিৰ জ্ঞান আহৰণেৰে তেওঁৰ জীৱন- যাপন সমৃদ্ধ হৈছিল – অভিজ্ঞতা আৰু সৎসংগৰ পৰা। বহু ঘাত-প্ৰতিঘাত, দাৰিদ্ৰ্য, দুখ-বেদনা আৰু অস্থিৰ মানসিকতাৰে ভৰা তেওঁৰ জীৱনৰ এক দীৰ্ঘ পৰিক্ৰমা। উদাৰ মনৰ অধিকাৰী শিল্পী গোকুল পাঠক বিপ্লৱী সাম্যবাদী আদৰ্শৰে উদ্বুদ্ধ হোৱা তেওঁ কলাগুৰু বিষ্ণু ৰাভাৰ একালৰ সহকৰ্মী। বিষ্ণু ৰাভাৰ দৰেই গোকুল পাঠকে শংকৰদেৱ-মাধৱদেৱৰ দৰ্শনতত্ব আয়ত্ব কৰিছিল ৷ মহাপুৰুষীয়া ধৰ্মৰে প্ৰভাৱান্বিত হ’লেও স্পষ্টতৰ যে আজীৱন তেওঁ কমিউনিষ্ট আদৰ্শৰ অনুগত আছিল।
বিষ্ণু ৰাভাৰ ব্যক্তিত্ব আৰু শিল্প চেতনাই গোকুল পাঠকৰ ওপৰত বহুখিনি প্ৰভাৱ পেলাইছিল। বহুবাৰ গোকুল পাঠকৰ ঘৰলৈ গৈছিল, তেওঁৰ ঘৰত খাইছিল, শুইছিল, কাৱৈ মাছেৰে ভাত খাইছিল, কণী আৰু ‘কঠৈলা-দৈ’ৰ জুতি লৈছিল ৷ গোকুল পাঠকৰ সৈতে ভকতপাৰাত গানৰ মজলিচ কৰিছিল ৷ বৃহৎ অসমীয়া জাতিগঠনৰ ভুমিকা লোৱা বিষ্ণু ৰাভা নিপীড়িত, বঞ্চিত, শোষিত কৃষক-মজদুৰৰ সংগ্ৰামী প্ৰেৰণাৰ যি থল আছিল- সেই ভৰসাৰ থল গোকুল পাঠকৰো আছিল ৷ ঢোৱাখুলীয়া অৱস্থাত দেশ স্বাধীন হ’বলৈ অগ্ৰসৰ হোৱাত দৃ্ষ্টিগোচৰ হৈছিল কৌটি কৌটি দলিত, শোষিত আৰু নিপীড়িতৰ মুক্তিৰ বাটতে অখণ্ড মাতূভুমিক খণ্ডিত কৰাৰ প্ৰয়াস কৰিছে শোষণবাদীসকলে ৷ সেয়েহে ১৯৪৭ চনৰ ১৫ আগষ্টত বিষ্ণু ৰাভাৰ নিৰ্দেশত ‘য়ে আজাদী ঝুঠা হ্যায়’ বুলি ক’লা পতাকা উৰুৱালে গোকুল পাঠকে ৷ বিষ্ণু ৰাভাই উৰুৱাইছিল দিঘেলীত আৰু গোকুল পাঠকে উৰুৱাইছিল সৰভোগত ব্ৰজ নাথ শৰ্মাৰ সহযোগী হৈ ৷ গোকুল পাঠকৰ চোতালখনৰ দৰে গোবৰ-মাটিৰে মচি থোৱা বহু বঞ্চনাৰে ভৰা চোতালত, সম্ভ্ৰান্তসুলভ আদব-কায়দাৰে উজুতি খাই অহা ভাৰতৰ মুক্তি সংগ্ৰামৰ স্বাধীনতাই বুনিয়াদ গঢ়িব নোৱাৰিলে ৷ ‘পঞ্চায়তীৰাজ শাসনৰ’ অদৰ্শকে সাৰোগত কৰি গীত-মাতেৰে গোকুল পাঠকে সংগঠনৰ কামত ঘূৰি ফুৰিব ধৰিলে দক্ষিণ কামৰূপত বিষ্ণু ৰাভাৰ সৈতে ৷ তেওঁলোকৰ লগত আছিল প্ৰয়াত গোপাল দাস ( আজীৱন বিপ্লৱী সাম্যবাদী ), নবীন কালিতা, হাৰিদাস ডেকা, তৰুনসেন ডেকা আদি ৷ বিষ্ণু ৰাভা, হেমাঙ্গ বিশ্বাস আৰু গোকুল পাঠকৰ নিচিনা শিল্পীসকলে কৃষক-সমাজ আৰু বঞ্চিত মানুহৰ জীৱন-সংগ্ৰামৰ সৈতে একাত্ম হৈ উঠি-বহি কটাই আৰু তেওঁলোকৰ ভাব, মাত-কথাৰে সৃ্ষ্টি কৰিব পাৰিছিল জনগণৰ গীত, সুৰ আৰু সংগীত ৷ গোকুল পাঠকে লিখিলে- “আগবাঢ়ি ব’ল নতুনৰ দল/ ৰঙা সুৰুযৰ সৌ সোণালী কিৰণ”, “কত আশা পালি মাটিকে ফালিলি/ বহুৱাই নাঙলৰ ফাল/ লখিমী সিচিলি পায়ো নাপালি / নুগুচিল দুখৰে কপাল” ইত্যাদি গীত ৷ ১৯৫৭ চনত প্ৰকাশ পোৱা তেওঁৰ “ৰাইজৰ মেল উপন্যাসখনো কৃষক সমাজৰে বাস্তৱতাৰ প্ৰতিফলন ৷ সেই একেই প্ৰতিফলন ঘটিছে তেওঁৰ ‘মুক্তি অভিযান’, ‘কৃষকৰ জয়গান’ গীতৰ সংকলনত আৰু ‘অবিচাৰ’ নামৰ গ্ৰন্থখনত ৷ বঞ্চিত মানুহৰ পেটৰ ক্ষুধা নিবাৰণৰ বাবেই বিষ্ণু ৰাভাহঁতৰ দৰে গোকুল পাঠকে বিপ্লৱী সাম্যবাদ কৰিছিল ৷
১৯২৬ চনৰ ১৪ অক্টোবৰত সৰভোগ-বৰনগৰৰ আমগুৰি-সাপনা নামৰ গাওঁত গোকুল পাঠকৰ জন্ম হয় ৷ তেওঁৰ দেউতাক আছিল লোকশিল্পী গহীন চন্দ্ৰ পাঠক ৷ দেউতাকৰ পৰাই গোকুল পাঠকে শৈশৱতে বিভিন্ন লোকবাদ্য যেনে খোমক, একতাৰা, খোল, খঞ্জৰি, দোতাৰা আদিৰ লগতে লোকগীতৰো প্ৰশিক্ষণ লাভ কৰে ৷ তেওঁ কেতেকীবাৰী প্ৰাথমিক বিদ্যালয়ত প্ৰাৰম্ভিক শিক্ষা লাভ কৰে ৷ বৰনগৰ জুৰোৰাম পাঠক হাইস্কুলৰ পৰা ১৯৪৭ চনত গোকুল পাঠকে প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় ৷ তাৰপিছত তেওঁ গুৱাহাটীৰ বি বৰুৱা কলেজ আৰু বৰপেটাৰ মাধৱ চৌধুৰী কলেজত কলেজীয়া শিক্ষা লাভ কৰে ৷
আজীৱন আৰ্থিক দুৰৱস্থাত জৰ্জৰিত গোকুলে ছয়বছৰ বয়সত নাওত উঠি পিতৃৰ লগত বিলত মাছ মাৰিছিল, নাওত উটি অহা কাঠ ধৰিছিল আৰু গধুলি নল-খাগৰি এবোজা কাটি লৈ ঘৰমূৱা হৈছিল। সাঁচতীয়া সোণ বিক্ৰী কৰি তেওঁৰ ককায়েকে এখন সৰু গৰুগাড়ী কিনি নিজে হয় গাৰোৱান আৰু গোকুলে পথাৰৰ ঘাঁহ কাটি আনি গৰুহালৰ যত্ন লয়। পথাৰত খেতিও কৰে। পিছলৈ নদীৰ পাৰৰ জীৱন -প্ৰবাহত তেওঁৰ গীতৰ ছন্দ এনেদৰে লালায়িত হয় -” হালোৱা জালোৱাকাই, জীৱন যুঁজলৈ যায়, কান্ধতে সঁজুলি লৈ, জীয়ৰী-বোৱাৰীৰ কাষত কলচী, নৈৰ ঘাটলৈ যায়!”
১৯৪১-১৯৪৭ চনৰ স্বাধীনতা আন্দোলনৰ সময়ত গোকুল পাঠকে মুক্তি আন্দোলনক লৈ ৰচিত তেওঁৰ প্ৰথমখন গানৰ সংকলন ‘মুক্তি অভিযান’ প্ৰকাশ কৰে ৷ পৰৱৰ্ত্তী কালত তেওঁ ‘কৃষকৰ জয়গান’, ‘অবিচাৰ’ আদি গ্ৰন্থ ৰচনা কৰে ৷ কলেজত অধ্যয়ন কৰি থকা কালত তেওঁ কমিউনিষ্ট দলত সক্ৰিয়ভাৱে অংশ ল’বলৈ আৰম্ভ কৰে ৷ ফলত পুলিচৰ হেঁচাত তেওঁ বৰপেটালৈ আহি শিক্ষা গ্ৰহণ কৰিব লগা হয় ৷
বিষ্ণু ৰাভা বঁটা, অনন্তৰাম দাস বঁটা, হাউলী বঁটা, শিল্পী পেন্সন (১৯৮৯)সাহিত্যিক পেন্সন (২০০৯)ৰে সন্মানিত হৈছিল গোকুল পাঠককলৈ নাট্যকাৰ, অভিনেতা বাদল চৌধুৰীয়ে গোকুল পাঠকৰ ওপৰত এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল বুলি জনা যায় ৷
লোকগীত গাই গোটেই অসমতে আলোড়নৰ সৃষ্টি কৰা গোকুল পাঠকে বৰপেটাৰ স্বকীয় বৈশিষ্ট্যৰে মহিমামন্দিত হোলী গীতক অসমীয়া গীতি-সাহিত্য চহকী কৰাসকলৰ ভিতৰত অন্যতম আছিল লোকশিল্পী গোকুল পাঠক । আশীৰ দশকত গোকুল পাঠকে প্ৰচলিত ধাৰাৰ পৰা কিছু ফালৰি কাটি আহি হোলী গীতক সৰ্বভাৰতীয় পৰ্যায়লৈ নিয়াৰ বাবে নতুন সুৰ সংযোজনেৰে ভালেসংখ্যক হোলীগীত ৰচনা কৰে ।
কামৰূপীয়া লোকগীতৰ ধাৰক-বাহক, শিল্পী-সাহিত্যিক, সাংবাদিক তথা বৰপেটাৰ মহীৰূহ গোকুল পাঠকৰ ৯৩ সঃখ্যক জন্ম দিন পালন উপলক্ষে কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰি “বৰপেটা সত্ৰৰ ইতিহাস” প্ৰণেতা তথা লোকসংগীত শিৰোমণি বঁটা প্ৰাপক গোকুল পাঠকে ৰাইজৰ আশীৰ্বাদত ইমান বছৰে জীয়াই থকা বুলি স্বীকাৰ কৰি কৈছিল- ‘পৃথিৱীখন সকলোৰে বাবে ক্ষন্তেকীয়া ঘৰ ৷ এই পৃথিৱীত কোনোৱে চিৰদিন থাকিব নোৱাৰে, এদিন সকলোৱে এই পৃথিৱীৰ পৰা যাবই লাগিব। তথাপি পৃথিৱীখন এৰি যাবলৈ মোহ লাগে৷”
“বৰপেটাৰ মধ্যবিত্ত সমাজখন মঞ্চৰ পাদ-প্ৰদেপৰ মাজত উজ্বলি থকাৰ দৰে ৷ এই কাষৰৰে গোকুল পাঠক উজ্বলো নহয় আৰু অনুজ্বলো নহয় ৷ মনৰ দৃ্ষ্টিৰে অনুধাৱন কৰিব পাৰি –তেওঁ যেন বোকামাটিৰ লালায়িত এটা সূৰ্যমুখী ফুলৰ নিচিনা ৷ তেওঁৰ শি্ষ্টতা, বাক-প্ৰৱণতা আৰু দোষ-গুণেৰে ভৰা স্বভাৱ আচৰণৰ মাজেদি অনুভৱ কৰিব পাৰি- সেয়া হ’ল তেওঁ নিজকে কেতিয়াও লুকাই ৰখা নাছিল ৷ ‘ভাল- মানুহ বুলি চিহ্নিত তথাকথিত ভদ্ৰ শ্ৰেণীটোৰ দৰে সন্মোহিত বাদুলি- ব্যক্তিত্বক পৰিগ্ৰহণো নকৰিলে তেওঁ ৷ “
“গোকুল পাঠক বৰপেটাৰ ( তথা অসমৰো ) লোক-সংস্কৃতিৰে উজ্জীৱিত-প্ৰগতিবাদী চিন্তাৰ পৰিচয় থকা জন-সংস্কৃতিৰ আজিৰ শেষ সময়ৰ প্ৰতিনধি ৷”
অৱদান ::
লেৰেলা ফুলৰ সৌৰভ বিচাৰি (গীতৰ সংকলন) মুক্তি অভিযান (গীতৰ সংকলন) কৃষকৰ জয়গান অবিচাৰ, বৰপেটা সত্ৰৰ ইতিহাস, হাদিৰাই চকুলো টোকে, এই বিপ্লৱ কিয়, জীয়া নৈৰ পাৰ, নল দময়ন্তী, ধৰ্ম শ্ৰেষ্ঠ কৃষ্ণ ভকতি, ৰাইজৰ মেল, তথাপিতো হোৱা নাই ক্লান্ত,বসন্ত বাহাৰ, সুৰ মঞ্জৰী, গাই যাওঁ মুকুতিৰ জয়গান, টঙালি বান্ধিবৰ হ’ল, সীতা কবৰত ফুলক অগ্নিফুল, ৰঙে ৰঙে এককাৰ (হোপলী গীত),বাস্তু প্ৰকাশ, সতী ৰাধিকা, অৰুণালৈ বিয়াৰ বজাৰৰ চিঠি, পোহৰৰ বাটেদি, খেতিয়ক, লুইতপৰীয়া বিষ্ণু ৰাভা, অসম অসমীয়াৰ, নৱ জাগৰণ, শিঙৰী ঘৰৰ শিঙা, ভুৰুকাত মহাভাৰত ।
এইগৰাকী কিংবদন্তী পুৰুষ গোকুল পাঠকৰ ২০২০ চনৰ ১০ মে তাৰিখে ৯৪ বছৰ বয়সত দেহাৱসান ঘটে ।
গোকুল পাঠকৰ আজি ১৪ অক্টোবৰৰ জন্মদিনটোত আমাৰ সশ্ৰদ্ধ শ্ৰদ্ধাঞ্জলি যাচিলোঁ৷
-গুনীন চৌধুৰী
