সমগ্র অসমবাসীৰ বাবে এক স্মৰণীয় দিন হৈ ৰৱ ১ মে২০২৩ ৰ দিনটো। এই দিনটোতেই ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ মহৎ কৃতি ‘হেমকোষ’-এ ‘গীনিজ বুকছ অৱ ৱৰ্ল্ড ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত কৰি অসমীয়া জাতিটোক বিশ্ব দৰবাৰত সুপ্রতিষ্ঠিত কৰিলে। অসমীয়া জাতিৰ গৌৰৱ ‘হেমকোষৰ ব্ৰেইল সংস্কৰণে ইতিমধ্যে সমগ্ৰ বিশ্বৰ সৰ্ববৃহৎ দ্বি-ভাষিক ব্রেইল অভিধান হিচাপে ‘গীনিজ বকছ অব ৱৰ্ল্ড ৰেকর্ডছ’ত নাম অন্তর্ভু কৰিছে। এই উপলক্ষে সোমবাৰে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১২৭ সংখ্যক তিৰোভাব তিথিৰ পৰিত্ৰ দিনটোত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ড° বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত গীনিজ বৰ্ল্ড রেকর্ডছ কর্তৃপক্ষই হেমকোষ প্রকাশনক আনুষ্ঠানিকভাবে বিশ্ব অভিলেখৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে।
হেমকোষৰ ব্ৰেইল সংস্কৰনে অন্ধ ছাত্ৰ ছাত্ৰী সকলৰ জ্ঞান আহৰণৰ ক্ষেত্ৰত নতুন পথৰ সন্ধান দি এক অভূতপূৰ্ব বৰঙণি যোগালে।গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড ক লৈ আমি অত্যধিক উৎসাহিত হৈ লাভ। এই কথা অনস্বীকাৰ্য যে কেৱল এটা স্বীকৃতিয়ে এটা ভাষাক জীয়াই ৰাখিব নোৱাৰে যদি সেই ভাষা ব্যৱহাৰ কৰা লোকসকলে ভাষাটোক জীয়াই থাকিবলৈ নিৰন্তৰ চেষ্টা অব্যাহত নাৰাখে। যিকোনো এখন ৰাজ্যত এটা ভাষাই তাৰ ভাষিক স্বীকৃতি অক্ষুন্ন ৰাখিবলৈ গৰিষ্ঠসংখ্যক লোকে তাক মাতৃভাষা হিচাবে গ্ৰহণ কৰিব লাগিব। কিন্তু দুখৰ বিষয়, অসমীয়া ভাষা আজি ৰাজনৈতিক পাক চক্ৰত সোমাই পৰিছে, ক্ষুদ্ৰ ৰাজনৈতিক স্বাৰ্থ আগত ৰাখি চৰকাৰৰ কামকাজে নমাই আনিছে অসমীয়া ভাষালৈ চৰম সংকট। এনে এক পৰিপ্ৰেক্ষিতত হেমচন্দ্ৰ বৰুৱাৰ প্ৰাসংগিকতা সদায় থাকিব।
আনহাতে ১ তাৰিখৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসমৰ ৰাজ্যপাল কাটাৰীয়াই ভাষণ প্ৰসংগত কয়— “আজি সমগ্র অসমীয়া জাতি ধন্য হল। ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ অতুলনীয় অৱদানে অসমীয়া জাতিক বিশ্ব দৰবাৰত প্রতিষ্ঠা কৰি জাতিটোক ধন্য কৰিলে। হেমকোষ প্রকাশনৰ সৈতে জড়িত বিদ্বৎ সমাজৰ অপৰিসীম কষ্ট আৰু ত্যাগৰ ফলত আজি অসমীয়া জাতি ধন্য হৈছে।
আৰম্ভণিতে সাদিন-প্রতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ পৰিনাতি জয়ন্ত বৰুৱাই উপস্থিত থাকি অভ্যাগত সকলক আদৰণি জনাই ভাষণ প্ৰসংগত কয়— ‘আমাৰ পিতামহ হেমচন্দ্ৰ বৰুৱাৰ মহান কৃতিয়ে অসমীয়া জাতিক সমৃদ্ধিশালী কৰি ৰাখিব। লগতে তেওঁলোকৰ ডেৰ শতিকাজোৰা ত্যাগ আৰু কষ্টৰ ফচল হেমকোষৰ অবিৰত প্ৰকাশৰ যাত্ৰাতেই অসমীয়া ভাষা এতিয়াও জ্যোতিষ্মান হৈ আছে। হেমকোষ পৰিয়ালৰ চতুর্থ প্রজন্ম হিচাপে আমি গৌৰৱান্বিত যে আঠশ কোটি মানুহৰ বিশ্বৰ ক্ষুদ্রতম অংশ অসমৰ অসমীয়াসকলৰ মাজত থকা নেত্রহীন সকলৰ বাবে ‘হেমকোষৰ ব্ৰেইল সংস্কৰণৰ যোগেৰে সামান্যতম সংযোজন ঘটাবলৈ সক্ষম হৈছে।
ইপিনে সভাত উপস্থিত থাকি গীনিজ ৱৰ্ল্ড ৰেকর্ড কৰ্তৃপক্ষৰ কাৰ্যবাহী বিষয়া ঋষি নাথে গীনিজ বুকছ অৱ ৱৰ্ল্ড ৰেকর্ডছ’ৰ প্ৰমাণ পত্ৰখন আনুষ্ঠানিক ভাৱে সাদিন-প্রতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাৰ হাতত প্ৰদান কৰি ভাষণ প্ৰসংগত কাৰ্যবাহী বিষয়া নাথে এয়া অসমীয়া জাতিৰ বাবে এক বিৰল সন্মান বুলি মন্তব্য কৰে। তদুপৰি সভাত উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ড° প্রতাপজ্যোতি সন্দিকৈ, দিল্লী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ অধ্যাপক ভাৰাতেন্দু পাণ্ডে আৰু বিশিষ্ট সাহিত্যিক বসন্ত কুমাৰ গোস্বামীয়ে ভাষণ প্ৰসংগত হেমকোষ অভিধানৰ ব্ৰেইল সংস্কৰণ অসমীয়া ভাষা আৰু সাহিত্যৰ বাবে এক মাইলৰ খুঁটি হৈ ৰ’ব বুলি সদৰী কৰে। উল্লেখ্য যে অনুষ্ঠানটোৰ আৰম্ভণিতে ভাষাৰ ওজা, হেমচন্দ্ৰ বৰুৱা আৰু হেমকোষ প্রাণ দেবানন্দ বৰুৱাৰ প্রতিকৃতিৰ সন্মুখত বত্তি প্রজ্বলন কৰে অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই। অনুষ্ঠানটোত মন্ত্ৰী পীযূষ হাজৰিকা, প্ৰাক্তন মন্ত্রী পৃথিৱী মাঝি, গুৱাহাটীৰ সাংসদ কুইন ওজা, অসমৰ কেইবাগৰাকী সাহিত্যিক-বুদ্ধিজীৱী, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকে ধৰি মহানগৰীৰ কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্র-ছাত্রী, সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাৰ উপৰিও বিজ্ঞান মানসিকতাৰ অগ্ৰণী অনুষ্ঠান ইলোৰা বিজ্ঞান মঞ্চৰ বিষয়ববীয়া সকলো উপস্থিত থাকে। ইলোৰা বিজ্ঞান মঞ্চৰ হৈ ডাঃজয়দেব শৰ্মাই হেমচন্দ্ৰৰ প্ৰতিমূৰ্তিত মাল্যাদান কৰে। হেমকোষৰ ব্ৰেইল সংস্কৰনে অন্ধ ছাত্ৰ ছাত্ৰী সকলৰ জ্ঞান আহৰণৰ ক্ষেত্ৰত অভূতপূৰ্ব সাফল্য প্ৰদান কৰিলে।
