
শাৰদীয় দুৰ্গোৎসৱৰ মাজতেই পশ্চিম বংগত দেখা গল এক অদ্ভুত দৃশ্য। পশ্চিম বংগৰ দক্ষিণ কলিকতাৰ এটি পূজাৰ মণ্ডপত দেখা গ’ল মহিষাসুৰৰ ৰূপত জাতিৰ পিতা মহাত্মা গান্ধীক।
অভিযোগমৰ্মে, দক্ষিণ কলিকতাৰ ৰুবী পার্ক এলেকাত অখিল ভাৰতীয় হিন্দু মহাসভাই আয়োজন কৰা এখনি পূজাত দুৰ্গাৰ প্ৰতিমাৰ লগতে মহিষাসুৰৰ ঠাইত মহাত্মা গান্ধীৰ মূৰ থৈ ‘বধ’ কৰা এক দৃশ্য সম্প্ৰীতি সামাজিক মাধ্যমত ভাইৰেল হৈছে। হিন্দুস্তান টাইমছ (বাংলা)ই প্রকাশ কৰা এক বাতৰি অনুসৰি এইবাৰ দুৰ্গোৎসৱ আৰু গান্ধী জয়ন্তী একে লগে পৰাৰ কাৰণে এনে প্ৰতিমা বনাইছে অখিল ভাৰতীয় হিন্দু মহাসভাই।
উল্লেখ্য যে, ২ অক্টোবৰ অৰ্থাৎ মহাত্মা গান্ধীৰ জন্ম দিন যিসময়ত সমগ্ৰ দেশত ‘গান্ধী জয়ন্তী’ ৰূপে পালন কৰা হয়, ঠিক সেই সময়ত এই সংগঠনে ক’লা দিৱস হিচাপে পালন কৰে। অখিল ভাৰতীয় হিন্দু মহাসভাৰ পশ্চিমবংগ কমিটিৰ সভাপতি চন্দ্ৰচুড় গোস্বামীয়ে কয় যে তেওঁলোকে গান্ধীক দেশৰ পিতা বুলি নামানে। বৰঞ্চ দেশৰ বিভাজনৰ বাবে তেওঁলোকে গান্ধী দায়ী বুলি কব বিচাৰে।
এতিয়া প্ৰশ্ন হয়, যি সময়ত দেশদ্ৰোহ, ৰাষ্ট্ৰদ্ৰোহৰ নামত, দেশৰ অপমান কৰাৰ নামত ভিন্নজনক চৰকাৰে গ্ৰেপ্তাৰ কৰিছে, তেনে সময়ত ভাৰতৰ ৰাজনীতিৰ আটাইতকৈ প্ৰভাৱশালী ব্যক্তি, অন্যতম স্বাধীনতা সংগ্ৰামী মহাত্মা গান্ধীৰ অপমানত প্ৰশাসন নীৰৱ কিয়? এই কথাই মমতা বেনাৰ্জীৰ দক্ষতা আৰু আদৰ্শৰ ওপৰতো নিশ্চয় প্ৰশ্ন উত্থাপন কৰিব।
