• About Us
  • Contact
  • Disclaimer
No Result
View All Result
THE OPINION
Tuesday, July 1, 2025
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
THE OPINION
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

যৌন নিৰ্যাতনৰ বলি হৈছে নেকি আপোনাৰ কণমাণি সন্তান? কেনেকৈ বুজিব আপুনি?

News Desk by News Desk
August 21, 2024
in সমাজ
Share on FacebookShare on Whatsapp

আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত হোৱা ধৰ্ষণ আৰু হত্যাকাণ্ডৰ পিছৰে পৰা সমগ্ৰ দেশৰ পৰিৱেশ অস্থিৰ হৈ পৰিছে। পুনৰবাৰ চৰ্চালৈ আহিছে মহিলাৰ সুৰক্ষাৰ কথা।

উল্লেখ কৰাৰ প্ৰয়োজন নাই যে আমাৰ সমাজত বহু মহিলাই শৈশৱতে যৌন নিৰ্যাতনৰ অভিজ্ঞতাৰ সন্মুখীন হয়। যৌনতা আৰু যৌন নিৰ্যাতন কি বুজি নোপোৱা বয়সতে যৌন নিৰ্যাতনৰ বলি হয় শিশু সকল। বেছিভাগ ক্ষেত্ৰত নিজৰ আত্মীয়, শিক্ষক আদিৰ দ্বাৰাই যৌন নিৰ্যাতনৰ সন্মুখীন হয় ভুক্তভোগী শিশুসকল। সেইবাবে শিশুৰ পিতৃ-মাতৃ সদায় সচেতন হোৱা দৰকাৰ।

কিন্তু আপোনাৰ সন্তান যৌন নিৰ্যাতনৰ বলি হৈছে নেকি সেই কথা আপুনি কেনেকৈ বুজিব? কাৰণ সৰু শিশুৱে যৌন নিৰ্যাতন কি সেয়া ভালকৈ বুজি নাপায় অথবা ক’ব নোৱাৰে। কেতিয়াবা ভয়-ভাবুকিৰ বাবেও নোকোৱাকৈ থাকিব পাৰে। গতিকে তেনেক্ষেত্ৰত আপোনাৰ শিশুটিৰ মানসিক আৰু শাৰীৰিক অৱস্থান বুজি পোৱাতো খুব জৰুৰী হৈ পৰে।

অস্বাভাৱিক আচৰণঃ শিশুটিয়ে আন দিনাৰ দৰে আচৰণ কৰা নাই নেকি? কিবা এটা বিৰক্তি অনুভৱ কৰিছে নেকি আপোনাৰ শিশুটিয়ে? সততে দুষ্টামী কৰা শিশুটিৰ আচৰণত অস্বাভাৱিক পৰিৱৰ্তনে দেখা দিছে নেকি? হয়তো আপোনাৰ সন্তানে ইচ্ছাকৃতভাৱে এনেকুৱা কৰা নাই। তেওঁৰ নিশ্চয় কিবা সমস্যা হৈছে। এনেকুৱা হ’লে শিশুটিৰ বিষয়ে জানিবলৈ চেষ্টা কৰক। শিশুটিক মৰমেৰে সোধক। শিশুটিয়ে ক’ত কেতিয়া কাৰ লগত আছিল সেয়া অনুসন্ধান কৰক।

ভয় : শিশুটি নিমাত হৈ আছে? অনবৰতে কথা কৈ থকা শিশুটিয়ে কথা ক’বলৈ এৰিছে নেকি? হঠাৎ সৰু সৰু কথালৈ ভয় কৰিছে নেকি শিশুটিয়ে? তেন্তে ইয়াৰ কাৰণ জানিবলৈ চেষ্টা কৰক। উৎপেক্ষা নকৰিব।

পৰিহাৰ : আপোনাৰ সন্তানে কোনো বিশেষ ব্যক্তিৰ পৰা আঁতৰি থাকিবলৈ লৈছে নেকি? মৰমেৰে মাতিলেও শিশুটিয়ে ভয়তে পলাই গৈছে নেকি? তেন্তে সাৱধান হওক। আৰু ইয়াৰ কাৰণ জানিবলৈ চেষ্টা কৰক। শিশুটিক সময় দিয়ক। কোনো ক্ষেত্ৰতে জোৰজবৰদস্তি নকৰিব।

যৌনতাৰ প্ৰতি আগ্ৰহ : আপোনাৰ সন্তানে হঠাতে অশ্ৰাব্য ভাষা ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। টেলিভিছন বা কম্পিউটাৰত প্ৰাপ্তবয়স্কৰ ছবি চোৱাৰ প্ৰতি আগ্ৰহ বাঢ়িছে। এনেকুৱা যদি হৈছে তেন্তে আপোনাৰ শিশুটিৰ লগত ঘটা ঘটনা সমূহ অধ্যয়নৰ কৰক।

শাৰীৰিক সমস্যা : কম বয়সতে শাৰীৰিক নিৰ্যাতনৰ ফলত শিশুৰ শৰীৰত বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে। যদি আপোনাৰ সন্তান অসুস্থ হৈছে তেন্তে চিকিৎসকৰ ওচৰলৈ লৈ যাওক। প্ৰয়জনীয় সকলো পৰীক্ষা কৰক। প্ৰয়োজন হ’লে বিশেষজ্ঞৰ পৰামৰ্শ লওক।

আঙুলিয়াই দিয়া : কিছুমান ক্ষেত্ৰত শিশুৱে আঙুলিয়াই দিবলৈ চেষ্টা কৰে। শিশুৰ আচৰণৰ কোনো অস্বাভাৱিকতা আওকাণ নকৰিব। শিশুটিয়ে দিয়া ইংগিত বুজিবলৈ চেষ্টা কৰক। সময় থাকোঁতে সাৱধান হওক।

Previous Post

স্মাৰ্ট মিটাৰৰ নামত উপদ্ৰৱ আৰু গ্ৰাহকক লুণ্ঠন বন্ধ কৰক : চিপিআই(এম)

Next Post

ধিঙৰ ধৰ্ষণ কাণ্ডক তীক্ষ্ণতম ভাষাৰে নিন্দা চিপিআই(এম)ৰ

Related Posts

অসম

গৰু বিহুত খোৱা এশ এবিধ শাক কি কি জানো আহক

April 14, 2025
বেঙ্ক ৰাষ্ট্ৰীয়কৰণ দিৱসৰ উপলক্ষে সৰ্বভাৰতীয় বেঙ্ক বিষয়া কনফেডাৰেচনৰ ৰাষ্ট্ৰীয় সম্পাদক ৰূপম ৰয়ৰ প্ৰেছ বিজ্ঞপ্তি
সমাজ

বেঙ্ক ৰাষ্ট্ৰীয়কৰণ দিৱসৰ উপলক্ষে সৰ্বভাৰতীয় বেঙ্ক বিষয়া কনফেডাৰেচনৰ ৰাষ্ট্ৰীয় সম্পাদক ৰূপম ৰয়ৰ প্ৰেছ বিজ্ঞপ্তি

July 19, 2023
হীৰেন গোহাঁই কোন?
সমাজ

হীৰেন গোহাঁই কোন?

July 18, 2023
Next Post
ধিঙৰ ধৰ্ষণ কাণ্ডক তীক্ষ্ণতম ভাষাৰে নিন্দা চিপিআই(এম)ৰ

ধিঙৰ ধৰ্ষণ কাণ্ডক তীক্ষ্ণতম ভাষাৰে নিন্দা চিপিআই(এম)ৰ

Currently Playing

TRENDING

  • অসমীয়া জাতীয় জীৱনত শঙ্কৰদেৱৰ অৱদান

    0 shares
    Share 0 Tweet 0
  • প্ৰগতিবাদী কবি অমূল্য বৰুৱা

    0 shares
    Share 0 Tweet 0
  • হীৰেন গোহাঁই কোন?

    0 shares
    Share 0 Tweet 0
  • গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী

    0 shares
    Share 0 Tweet 0

THE OPINION is a digital media platform based in Guwahati, Assam. It aims to disseminate the opinions floating in various strata of the society. It believes that the viewers can come to a logical conclusion only when different opinions are allowed to flourish. Let THE OPINIONs bloom.

Categories

  • অভিমত (9)
  • অৰ্থনীতি (5)
  • অসম (84)
  • আন্তঃৰাষ্ট্ৰীয় (7)
  • ক্ৰীড়া (10)
  • জীৱনশৈলী (1)
  • দেশ (63)
  • বাণিজ্য (1)
  • বিজ্ঞান (2)
  • বিশেষ লেখা (10)
  • ভিডিঅ’ (2)
  • ভ্ৰমণ কাহিনী (3)
  • মনোৰঞ্জন (3)
  • ৰাজনীতি (24)
  • শিক্ষা (4)
  • সমাজ (47)
  • সংস্কৃতি (5)
  • সাহিত্য (5)
  • স্বাস্থ্য (4)

© 2022 THE OPINION - Designed by Kareng Technologies.

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

© 2022 THE OPINION - Designed by Kareng Technologies.