শঙ্কৰদেৱৰ অন্যতম সহযোগী তথা শিষ্য আৰু অসমত নৱ-বৈষ্ণৱ ভক্তিধৰ্ম আন্দোলনৰ অন্যতম গুৰিধৰোতা মাধৱদেৱৰ আজি তিৰোভাৱ তিথি । মাধৱদেৱৰ জন্ম হৈছিল ১৪৮৯ চনত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত । দেউতাকৰ নাম গোবিন্দগিৰী আৰু মাকৰ নাম মনোৰমা । শঙ্কৰ দেৱৰ দেহাৱসানৰ পিচত মহাপুৰুষীয়া একশৰণ নাম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দায়িত্ব মাধৱদেৱৰ ওপৰত পৰিছিল । মাধৱদেৱৰ অমূল্য সৃষ্টি “নামঘোষা ” । বৰগীত,ভটিমা,ভক্তিৰত্নাৱলী,দধিমথন,ভোজন-বেহাৰ,ভূমি লেটোৱা,চোৰধৰা পিম্পৰা গুচোৱা,জন্ম ৰহস্য আদি গীত,ভাওঁনা,ধৰ্ম-সাহিত্য আদিৰে আৰু নামঘৰ,সত্ৰ আদিৰে অসমীয়া সমাজ-সংস্কৃতি, ভাষা আৰু শঙ্কৰদেৱৰ আদৰ্শেৰে গঠণ হোৱা সুশৃংখল অসমীয়া জাতিৰ ভেটি শক্তিশালী কৰি ১৫৯৬ চনত মাধৱদেৱৰ দেহাৱসান হ’য় ।
মাধৱদেৱে শঙ্কৰদেৱক গুৰু হিচাবে গ্ৰহণ কৰি বৈষ্ণৱ পন্থালৈ অহাৰ আগতে শাক্তপন্থী আছিল । বলি বিধান, যাগ-যজ্ঞ, পূজা-পাতলত বিশ্বাসী মাধৱদেৱে ধুৱাহাট নামৰ ঠাইত এক দীঘলীয়া ধৰ্মীয় যুক্তি-তৰ্কৰ অন্তত শঙ্কৰ দেৱৰ এক শৰণ নাম ধৰ্ম গ্ৰহণ কৰে । শঙ্কৰদেৱে ৫৫০ বছৰ আগৰ অসমৰ সমাজত ধৰ্মৰ নামত চলি থকা সমাজৰ বাবে অপকাৰী বা সাধাৰণ মানুহৰ বাবে সঠিক নহ’য় বুলি ভৱা আচাৰ ব্যৱহাৰ, নিয়ম নীতি, ধৰ্ম পন্থা আদিৰ বিৰোধীতা কৰি সেই সময়ৰ সমাজৰ বাবে সঠিক বুলি ভৱা নিয়ম-নীতি প্ৰচলনৰ প্ৰচেষ্টা কৰি ৰজাঘৰ আৰু প্ৰজাঘৰৰ বহুতোৰে শত্ৰু হৈ পৰিছিল । শঙ্কৰ-মাধৱৰ নেৰানেপেৰা প্ৰচেষ্টা, যুক্তি-তৰ্কৰে বিভিন্ন জাতি-জনজাতি আনকি বেলেগ ধৰ্মৰ লোককো আকৃষ্ট কৰি সমগ্ৰ অসমীয়া জাতিকে একতাৰ দোলেৰে বান্ধি নামঘৰ,সত্ৰ,বৰগীত ভাওঁনা আদিৰে অসমীয়া সমাজ আৰু সংস্কৃতিক সমৃদ্ধ কৰি থৈছে । পুৰণি অসমীয়া সমাজক এখন নতুন সমাজলৈ ৰূপান্তৰ কৰা শঙ্কৰ দেৱক আজিৰ আধুনিক বিজ্ঞান মনস্ক সমাজৰ বিভিন্ন জনে বিভিন্ন ধৰনেৰে গ্ৰহণ কৰিছে ।
যুক্তি-তৰ্কেৰে নিজৰ মতাদৰ্শৰ প্ৰতি অন্য মতাদৰ্শৰ লোকক আকৰ্ষণ কৰিব পৰাটোৱে আছিল শঙ্কৰদেৱৰ বিশেষত্ব । সেয়েহে হয়তো শঙ্কৰদেৱৰ ধৰ্মালম্বীলোক সকল সহণশীল আৰু যুক্তিবাদী হোৱা দেখা যায় । প্ৰগতিশীল লেখক, নাট্যকৰ্মী বিপ্লৱজ্যোতি ভূঞাঁই তেওঁৰ ফেচবুক পেজত শঙ্কৰদেৱক এজন ‘জননেতা’ আখ্যা দি শঙ্কৰ দেৱৰ তিৰোভাৱ তিথিৰ দিনত শঙ্কৰদেৱৰ প্ৰতি সন্মান জনাইছে । তেওঁ সেৱাৰ সলনি শঙ্কৰদেৱলৈ “লাল চালাম”ৰে অভিৱাদন জনাইছে । বিভেদ-বিদ্বেষৰ সলনি উচ্চ-নীচ ,জাতি-জনজাতি,নাৰী-পুৰুষ, সকলোকে এক কৰি ৰখা শঙ্কৰ দেৱৰ আদৰ্শক বিশ্ব দৰবাৰত প্ৰতিস্থাৰ সলনি ঠেক আৰু সাম্প্ৰদায়িক মনোবৃত্তিৰে সংকীৰ্ণ উদ্দেশ্যৰে শঙ্কৰদেৱক ব্যৱহাৰ কৰা সকৰক ভূঞাঁই সমালোচনা কৰিছে । সেই অপৰাধতে অসম চৰকাৰে আজিলৈ শ্ৰী ভূঞাঁক বন্দী কৰি ৰাখিছে । শঙ্কৰ সংঘৰ সম্পাদকজনৰ অভিযোগৰ ভিত্তিত শ্ৰী ভূঞাঁক আজিলৈ বন্দী কৰি ৰখাটো গণতান্ত্ৰিক দেশৰ মত প্ৰকাশৰ অধিকাৰৰ ওপৰত ডাঙৰ আঘাট । শঙ্কৰ সংঘৰ সম্পাদকজন শ্ৰী ভূঞাঁৰ মতামতৰ বিৰোধীতা যুক্তি-তৰ্কেৰে নকৰি পুলিচ প্ৰসাশনৰ সহায়েৰে কৰিব বিচৰাটো দু:খ জনক ।
ভূঞাঁই তেওঁৰ পোষ্টটোত শঙ্কৰদেৱৰ বিৰুদ্ধে বা শঙ্কৰদেৱৰ ধৰ্মক কোনো ধৰনেৰে হেয় কৰা কথা লিখা নাই । তেওঁৰ অন্যান্য লিখনী আৰু সেই বিশেষ পোষ্টটোত শঙ্কৰ দেৱৰ মহানতাহে প্ৰকাশ কৰিছে । সামাজিক মাধ্যমত সেয়েহে শ্ৰী বিপ্লৱজ্যোতি ভূঞাঁৰ গেপ্তাৰৰ তীব্ৰ প্ৰতিবাদ হৈছে আৰু আজিলৈ মুক্তি নিদিয়াৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে ।
লেখক-দিলীপ ৰায়চৌধুৰী