মৰাণ মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষয়িত্ৰী তথা বিদূষী মহিলা, ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া প্ৰয়াত আফটাবুদ্দিন আহমেদৰ পত্নী তথা ইলোৰা বিজ্ঞান মঞ্চৰ অন্যতম শুভাকাংশী মচফিকা চুলতানা (ডালিয়া)ৰ কালি ৮ ছেপ্তেম্বৰৰ নিশা গুৱাহাটীৰ হাতীগাঁও-চিজুবাৰী পথৰ নিজ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে। পৰিয়াল আৰু সমনীয়া তথা বন্ধুবৰ্গৰ মাজত ‘ডালিয়া’ বুলি খ্যাত মহিলা গৰাকীয়ে ২০১৭ চনৰ পৰা জটিল কৰ্কট ৰোগত ভুগি আছিল আৰু ৰোগৰ বিৰুদ্ধে সাহসেৰে যুঁজিছিল। মৃত্যুৰ সময়ত তেখেতে দুগৰাকী কন্যা ক্ৰমে নিনন চেহনাজ আৰু লুবনা চাহিনৰ লগতে বহু আত্মীয়-স্বজন আৰু গুণমুগ্ধক এৰি গৈছে।
মানৱহিতৈষী আৰু বিজ্ঞানমনস্ক মহিলা গৰাকীৰ শেষ ইচ্ছা অনুযায়ী তেখেতৰ মৰণোত্তৰ দেহ অহা ১১ ছেপ্টেম্বৰ, দেওবাৰে দিনৰ ১০.৩০ বজাত গুৱাহাটী মেডিকেল কলেজৰ এনাটমী বিভাগত ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে দান কৰা হ’ব। মৃত্যুৰ পাছতে দুজন দৃষ্টিহীনক দৃষ্টিদানৰ উদ্দেশ্যে তেওঁৰ চকুৰ কৰ্নিয়া শংকৰদেৱ নেত্ৰালয়ক দান কৰা হয়। উল্লেখ্য যে মচফিফা চুলতানাৰ স্বামী আফটাবুদ্দিন আহমেদ (প্ৰাক্তন আই এ এছ বিষয়া)ৰ মৰণোত্তৰ দেহো মানৱ-কল্যাণ তথা চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধনৰ বাবে ২০১১চনৰ ১৪ নবেম্বৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দান কৰা হৈছিল। দেওবাৰে মচফিকা চুলতানাৰ দেহদান সুকলমে সম্পন্ন হলে সমগ্ৰ দেশত এয়া হ’ব ইতিহাস। কাৰণ মানৱসেৱা আৰু চিকিৎসা বিজ্ঞানৰ উন্নয়নৰ বাবে এহাল বৈজ্ঞানিক মানসিকতা সম্পন্ন মুছলমান দম্পতিৰ এয়া হ’ব দেশত প্ৰথম দেহদান। তেওঁলোকৰ দুয়োগৰাকী কন্যাও সমানেই বিজ্ঞানমনস্ক। কালি নিশা মৃত্যুৰ পাছত মচফিকা চুলতানাৰ মৃতদেহ এখন ব্যক্তিগত চিকিৎসালয়ৰ মৰ্গত ৰখা হৈছে। ছুইডেনত থকা ডাঙৰ জীয়ৰী নিনন গুৱাহাটী আহি পোৱাৰ পাছত দেওবাৰে দেহদান কৰা হ’ব।
মচফিকা চুলতানাৰ পিতৃ আছিল গোৱালপাৰা চহৰৰ বিশিষ্ট আইনজীৱী, উদাৰ মনৰ মানৱতাবাদী ব্যক্তি তথা প্ৰাক্তন বিধায়ক মজিৰুদ্দিন আহমেদ। ১৯৪৭ চনত গোৱাপাৰাত জন্ম গ্ৰহণ কৰা মচফিকাই শ্বিলঙৰ লেডী কীন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লৈ ১৯৬৮ চনত মৰাণ কলেজত শিক্ষা বিভাগৰ প্ৰবক্তা হিচাপে চাকৰিত যোগদান কৰে আৰু ৩৫ বছৰ শিক্ষকতা কৰি স্ব- ইচ্ছাৰে অৱসৰ গ্ৰহণ কৰে। ১৯৭৭ চনত তেখেতে আফটাবুদ্দিন আহমেদৰ সতে বিবাহ সম্পন্ন হয়।
ইলোৰা বিজ্ঞান মঞ্চই বিজ্ঞানমনস্ক মহিলা গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে আৰু মানৱদৰদী মহিলা গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। মঞ্চই তেখেতৰ দুই কন্যাৰ লগতে শোকস্তব্ধ পৰিয়ালৰ প্ৰতি জ্ঞাপন কৰিছে সমবেদনা।