মুঠ ৭৪ খন সুৰাৰ বিপণীৰে ৰাজ্যৰ ভিতৰতে সৰ্বাধিক সুৰাৰ বিপণী থকা জিলাৰ অভিলেখ গঢ়াৰ দিশে নলবাৰী। এই বিষয়কলৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নলবাৰীত। চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ভাৰতৰ ছাত্ৰ ফেডাৰেছনৰ নলবাৰী জিলা সমিতি।
শিক্ষাৰ নৱদ্বীপখ্যাত নলবাৰী জিলাৰ বিভিন্ন অঞ্চলত পুনৰ ১৭ খনকৈ নতুন সুৰাৰ দোকানৰ অনুমতি প্ৰদান কৰি জিলাখনৰ ভৱিষ্যৎ অন্ধকাৰাছন্ন কৰাৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতাৰে সংবাদ মাধ্যমলৈ প্ৰেছ বিবৃতি প্ৰেৰণ কৰিছে ভাৰতৰ ছাত্ৰ ফেডাৰেছন(SFI)ৰ নলবাৰী জিলা সমিতিয়ে।
বিজেপি চৰকাৰে ৰাজহক মুল লক্ষ্য হিচাপে ৰাখি যি অদূৰদৰ্শী আৰু অবিবেচক সিদ্ধান্ত লৈছে ই জিলাখনৰ যুৱ-প্ৰজন্মৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব বুলি এছ এফ আই, নলবাৰী জিলা সমিতিয়ে শংকা প্ৰকাশ কৰে। ছাত্ৰ সংগঠনটোৱে বৰ্তমান জিলাখনত ছাত্ৰ-যুৱ সমাজৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি নিবনুৱা সমস্যা, শিক্ষাখণ্ডৰ বিভিন্ন সমস্যাকে ধৰি আন আন সমস্যাসমূহ নিৰ্মূল কৰিব নোৱাৰি চৰকাৰখনে উঠি অহা প্ৰজন্মক মদৰ নিচাত আৱদ্ধ কৰি সমাজখনক পংগু কৰি নিজৰ শাসনৰ বাঘজৰী ৰক্ষা কৰাৰ বাবে এক পৰিকল্পিত কৌশল লৈছে বুলি অভিযোগ কৰিছে। লগতে সংগঠনটোৱে সুৰাৰ বিপণীৰ পৰিবৰ্তে ছাত্ৰ-যুৱ প্ৰজন্মৰ শিক্ষা,কৰ্মসংস্থাপন দিয়াৰ ক্ষেত্ৰসমূহত সুপৰিকল্পনাৰ প্ৰতি মনোনিৱেশ কৰিবলৈ আহ্বান জনায়।