• About Us
  • Contact
  • Disclaimer
No Result
View All Result
THE OPINION
Tuesday, July 1, 2025
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
THE OPINION
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

পশুপালন মন্ত্ৰীৰ গৃহ সমষ্টিত প্ৰহসনত পৰিণত পশু টিকাকৰণ আঁচনি

পল্লৱ হাজৰিকা by পল্লৱ হাজৰিকা
February 22, 2023
in সমাজ
Share on FacebookShare on Whatsapp

পল্লৱ হাজৰিকা, বোকাখাত

অসমৰ পশুপালন মন্ত্ৰী গৰাকীৰ গৃহ সমষ্টিতে প্ৰহসনত পৰিণত হৈছে কেন্দ্ৰীয় চৰকাৰৰ এখন অভিলাষী আঁচনি। ২০২০-২১ চনতে কেন্দ্ৰীয় চৰকাৰে দেশজুৰি মুকলি কৰা এই ‘National Animal Disease Control Programme’ চমুকৈ NADCP আঁচনিখনে কোনোধৰণেই বিগত ৩ বছৰে উপকৃত কৰিব নোৱাৰিলে পশুপালন মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতৰ পশুপালক সকলক।

প্ৰথম পৰ্যায়ত ২০২০-২১ চনৰ পৰা ২০২৪ চনলৈকে চলিব লগীয়া এই আঁচনিখনৰ ৰেহৰূপ পশুপালন মন্ত্ৰী গৰাকীৰ গৃহ সমষ্টিত দৃষ্টিগোচৰ হোৱা অনুসৰি সন্দেহ কৰা হৈছে ইয়াৰ পৰা বিশেষভাৱে উপকৃত নহ’ব সমষ্টিটোৰ পশুপালক সকল। ‘National Animal Disease Control Programme’ এই কেন্দ্ৰীয় চৰকাৰৰ আঁচনি অনুসৰি  পশুপালকৰ  ঘৰচীয়া পশুৰ মুখমণ্ডল আৰু খুৰাত হোৱা মাৰাত্মক আৰু সংক্ৰামক ৰোগ সমুহ সমুলঞ্চে নিৰাময় কৰিবৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল আঁচনিখনৰ যোগেদি। ২০৩০ চন আছিল এই মুখমণ্ডল আৰু খুৰাত হোৱা মাৰাত্মক আৰু সংক্ৰামক ৰোগ সমুহ ভাতৰবৰ্ষৰ পৰা সমুলঞ্চে নাইকিয়া কৰাৰ লক্ষ্য বৰ্ষ।

উল্লেখযোগ্য সমগ্ৰ দেশত ৫০০ মিলিয়ন পশুধনক এই আঁচনিৰ অধিনত টিকাকৰণ কৰাৰ লগতে প্ৰতি বছৰে সংক্ৰামক ব্যাধিৰ লগত যুঁজ কৰা ৩৬ মিলিয়ণ মাইকী পশুধনক টিকাকৰণ কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছিল। আৰু ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে পাঁচ বছৰৰ বাবে ধাৰ্য কৰিছিল ১৩,৩৪৩ কোটি টকাৰ বিশাল ধনৰাশী (২০১৯-২০ ৰ পৰা ২০২৩-২৪ বৰ্ষলৈ)।

কিন্তু কেন্দ্ৰীয় চৰকাৰে ইমান এখন অভিলাষী আঁচনি ৰূপায়ণ কৰাৰ পাছতো বোকাখাত বিধান সভা সমষ্টিত ইয়াৰ দ্বাৰা পশুপালক সকল উপকৃত নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে। এইখিনিতে উল্লেখ কৰিব লাগিব যে, এই আঁচনি খনৰ লাভালাভৰ সন্দৰ্ভত বোকাখাত বিধান সভা সমষ্টিৰ ভালেকেইটা অঞ্চলত এই প্ৰতিবেদকে কৰা ক্ষেত্ৰভিত্তিক অধ্যয়নৰ পাছত দেখা পোৱা গ’ল এখন হতাশজনক ছবিহে। সমষ্টিটোৰ বহু অঞ্চলত বিশেষকৈ পশুধনৰ কাণত ear tag (পশুপালক সকলে সহজ ভাষাত কাণফুলি বুলি ক’লে) কৰা হ’ল যদিও সামান্য সংখ্যক পশুধনক টিকাকৰণ কৰাৰ বিপৰিতে  কিন্তু অধিক সংখ্যক পশুধনক বৰ্তমানলৈকে টিকাকৰণ কৰা নহ’ল। আনকি গ্ৰামাঞ্চলৰ বহু পশু পালকে ear tag নো কি বস্তু তাৰ ‘ভু’কে নাপালে।

“আমাৰ ইয়াত গৰুবোৰৰ কাণত ফুলি পিন্ধালে কিন্তু বেছিভাগ ঠাইতে আজিলৈকে ভেকচিন দিয়া নহ’ল, কাণত পিন্ধোৱা ‘বস্তু’টোৰ পৰা আমাৰনো কি লাভ হ’ব, সেই বিষয়ে আমাক একো বুজাই দিয়া নাই”- এই মন্ত্ৰব্য এজন গো-পালকৰ। আনকি কিছু কিছু অঞ্চলত পৰবৰ্তী সময়ত টিকাকৰণ কৰাৰ নামত ‘টিকাদাৰে’ (vaccinator) পশু পালকৰ পৰা ধন লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিলে একাংশ পশু পালকে। গতিকে খোদ পশুপালন মন্ত্ৰীৰ গৃহ সমষ্টিতে এই অভিলাষী আঁচনিখনৰ এক বিশাল ধনৰাশীৰ অপচয় বা হৰলুকি হৈছে সি সহজেই অনুমেয়।

ইফালে বোকাখাত বিধান সভা সমষ্টিত বৰ্তমানলৈকে কিমান পশুধনক টিকাকৰণ কৰা হ’ল এই বিষয়ে কোনো বিশ্বাসযোগ্য তথ্য দিবলৈ সক্ষম নহ’ল বোকাখাত পশু চিকিৎসালয় কৰ্তৃপক্ষ। উল্লেখযোগ্য যে, সমষ্টিটোৰ কিছু অঞ্চলত টিকাকৰণ নকৰাকৈ ‘ear tag’ কৰাৰ গুৰুতৰ অভিযোগৰ বিপৰিতে অস্বস্তিহে প্ৰকাশ কৰিলে চিকিৎসালয় কৰ্তৃপক্ষই। ২০২০ বৰ্ষৰ নবেম্বৰ মাহত কেন্দ্ৰীয় চৰকাৰৰ পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰালয়ৰ যুটীয়া সচিব উপমণ্যু বসুৰ স্বাক্ষৰ সম্বলিত আৰু অসম চৰকাৰলৈ প্ৰেৰণ কৰা এখন পত্ৰত ভেকচিন সমুহৰ মান সন্দৰ্ভত সন্দেহ প্ৰকাশ কৰি অসমত সাময়িক ভাৱে ভেকচিন প্ৰদান বন্ধ কৰা হৈছিল। অৱশ্যে পৰবৰ্তী সময়ত পুনৰ আন ভেকচিনৰ দ্বাৰা আঁচনি খন চলাই নিবলৈ কোৱা হৈছিল। তাৰ পিছতো ৰহস্যজনক ভাৱে উপকৃত নহ’ল সাধাৰণ পশুপালক সকল, গতিকে এই ক্ষেত্ৰত স্বাভাৱিকতেই ৰাজহুৱা ধনৰ অপচয়ৰ প্ৰসংগত প্ৰশ্ন উঠিব।

ইফালে এই অভিলাষী আঁচনিখনত পশুপালক সকলক প্ৰকৃতাৰ্থতেই স্পৰ্শ কৰিব পৰাকৈ গ্ৰামাঞ্চল সমুহত  হৰডিং, চপা মাধ্যম, দেৱাল লিখন, দৃশ্য-শ্ৰাব্য মাধ্যম, লিফলেট, আদিৰ যোগেদি জনসচেতনতা বৃদ্ধিৰ উল্লেখ আছে যদিও বোকাখাত বিধান সভা সমষ্টিত বিগত সময়চোৱাত তেনে কোনো বিশেষ প্ৰচেষ্টা হাতত লোৱাৰ কথা প্ৰকাশ নকৰিলে একাংশ অঞ্চলবাসীয়ে। “আমাৰ ইয়াত ভেকচিনৰ বিষয়ে কোনো প্ৰচাৰ চলোৱা হোৱা নাই, কোনোধৰণৰ লিফলেট আমাক দিয়া নাই, চৰকাৰে কোনো ভিডিঅ’ও আমাক দেখুউৱা নাই, গৰু-ছাগলীৰ কিছুমান বেমাৰ আমাৰ ইয়াত প্ৰতিবছৰে হয় আৰু বহুতৰে মৃত্যুও হয় কিন্তু কিয় হয়, নিৰাময়ৰ বাবে কি ব্যৱস্থা ল’ব লাগে কোনেও আমাক শিকাই দিবলৈ অহা নাই”- আন এজন পশুপালকে ক’লে। অথচ উক্ত আঁচনি অনুসৰি ২০৩০ বৰ্ষত দেশৰ পৰা সমুলঞ্চে বিদায় দিয়া হ’ব ঘৰচীয়া পশুৰ মুখমণ্ডল আৰু খুৰাত হোৱা মাৰাত্মক আৰু সংক্ৰামক ৰোগ সমুহক !

উল্লেখযোগ্য, উক্ত অভিলাষী আঁচনিখনত কোৱা হৈছিল কেন্দ্ৰীয় চৰকাৰে টিকাকৰণৰ বাবে ধাৰ্য কৰা বিশাল ধনৰাশীৰ ১৬.৬ শতাংশ ধন অনুসুচিত জাতিৰ পশুপালকৰ মাজত আৰু ৮.৬ শতাংশ ধন অনুসুচিত জনজাতিৰ মাজত Scheduled Caste Special Plan চমুকৈ SCSP আৰু Tribal Sub Plan চমুকৈ TSP অধিনত খৰচ কৰা হ’ব যদিও বোকাখাত বিধান সভা সমষ্টিৰ তেনে অঞ্চল সমুহত এই প্ৰতিবেদকে কৰা ক্ষেত্ৰ ভিত্তিক অধ্যয়নৰ সময়ত বিভাগীয় কৰ্তৃপক্ষই তেনে পশুপালকৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহন কৰাৰ কথা অবগত নকৰিলে কোনো পশুপালকে। “অনুসূচিত জাতি বা জনজাতিৰ পশুপালক বুলি আমাৰ প্ৰতি বিশেষ আগ্ৰহ দেখুউৱা নাই, আঁচনিখনত তেনে কিবা কথা আছে যদিও আমি অৱগত নহয়। ear tag  কৰিবৰ সময়ত আমাক এই কথা কোৱা হোৱা নাই”- এজন সচেতন পশুপালকৰ মন্তব্য।

গতিকে প্ৰকৃততে পশু টিকাকৰণৰ নামত যে বোকাখাত বিধান সভা সমষ্টিত এক বৃহৎ প্ৰহসন চলি আছে সি স্পষ্ট।

Tags: assam govtঅসম চৰকাৰবোকাখাট
Previous Post

“মৰুভুমি এইদৰে আহে, লাহে লাহে, মাহে মাহে, বছৰে বছৰে’

Next Post

ত্ৰিপুৰা নিৰ্বাচনৰ ফলাফলৰ পাছতে বিৰোধী বাওঁমৰ্চা-কংগ্ৰেছ কৰ্মীক আক্ৰমণ বিজেপিৰ।

Related Posts

অসম

গৰু বিহুত খোৱা এশ এবিধ শাক কি কি জানো আহক

April 14, 2025
যৌন নিৰ্যাতনৰ বলি হৈছে নেকি আপোনাৰ কণমাণি সন্তান? কেনেকৈ বুজিব আপুনি?
সমাজ

যৌন নিৰ্যাতনৰ বলি হৈছে নেকি আপোনাৰ কণমাণি সন্তান? কেনেকৈ বুজিব আপুনি?

August 21, 2024
বেঙ্ক ৰাষ্ট্ৰীয়কৰণ দিৱসৰ উপলক্ষে সৰ্বভাৰতীয় বেঙ্ক বিষয়া কনফেডাৰেচনৰ ৰাষ্ট্ৰীয় সম্পাদক ৰূপম ৰয়ৰ প্ৰেছ বিজ্ঞপ্তি
সমাজ

বেঙ্ক ৰাষ্ট্ৰীয়কৰণ দিৱসৰ উপলক্ষে সৰ্বভাৰতীয় বেঙ্ক বিষয়া কনফেডাৰেচনৰ ৰাষ্ট্ৰীয় সম্পাদক ৰূপম ৰয়ৰ প্ৰেছ বিজ্ঞপ্তি

July 19, 2023
Next Post
ত্ৰিপুৰা নিৰ্বাচনৰ ফলাফলৰ পাছতে বিৰোধী বাওঁমৰ্চা-কংগ্ৰেছ কৰ্মীক আক্ৰমণ বিজেপিৰ।

ত্ৰিপুৰা নিৰ্বাচনৰ ফলাফলৰ পাছতে বিৰোধী বাওঁমৰ্চা-কংগ্ৰেছ কৰ্মীক আক্ৰমণ বিজেপিৰ।

Currently Playing

TRENDING

  • অসমীয়া জাতীয় জীৱনত শঙ্কৰদেৱৰ অৱদান

    0 shares
    Share 0 Tweet 0
  • প্ৰগতিবাদী কবি অমূল্য বৰুৱা

    0 shares
    Share 0 Tweet 0
  • হীৰেন গোহাঁই কোন?

    0 shares
    Share 0 Tweet 0
  • গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী

    0 shares
    Share 0 Tweet 0

THE OPINION is a digital media platform based in Guwahati, Assam. It aims to disseminate the opinions floating in various strata of the society. It believes that the viewers can come to a logical conclusion only when different opinions are allowed to flourish. Let THE OPINIONs bloom.

Categories

  • অভিমত (9)
  • অৰ্থনীতি (5)
  • অসম (84)
  • আন্তঃৰাষ্ট্ৰীয় (7)
  • ক্ৰীড়া (10)
  • জীৱনশৈলী (1)
  • দেশ (63)
  • বাণিজ্য (1)
  • বিজ্ঞান (2)
  • বিশেষ লেখা (10)
  • ভিডিঅ’ (2)
  • ভ্ৰমণ কাহিনী (3)
  • মনোৰঞ্জন (3)
  • ৰাজনীতি (24)
  • শিক্ষা (4)
  • সমাজ (47)
  • সংস্কৃতি (5)
  • সাহিত্য (5)
  • স্বাস্থ্য (4)

© 2022 THE OPINION - Designed by Kareng Technologies.

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

© 2022 THE OPINION - Designed by Kareng Technologies.