(লেখাটো চিপিআই(এম) ৰ অসম ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰৰ সামাজিক মাধ্যম ফেছবুক ৱালৰ পৰা লোৱা হৈছে)
নীলমনি ফুকন ছাৰৰ বিয়োগে অসমৰ সমগ্ৰ সমাজখনকে শোকাতুৰ আৰু স্মৃতিকাতৰ কৰি ৰাখিছে।ইয়াৰ ব্যতিক্ৰম হ’লেহে আচৰিত হ’লোহেতেন। সঁচাকৈয়ে অসমৰ এটা গৌৰৱোজ্জ্বল পৰ্বৰ অন্ত পৰিল।
ছাত্র সংগঠন এছএফআইৰ বিভিন্ন কামত আমি সময়ে সময়ে নীলমনি ফুকন ছাৰৰ ওচৰ চাপিছিলো। ছাৰৰ দূৰদৰ্শী, আন্তৰিক আৰু প্ৰগতিশীল কথা-বাৰ্তাবোৰে আমাক ভালকৈয়ে আকৃষ্ট কৰিছিল।১৯৯৯চন। গুৱাহাটীত এছএফআইৰ ৰাজ্যিক সন্মিলন। অভ্যৰ্থনা সমিতি গঠনৰ বাবে আমি বিশিষ্ট ব্যক্তিসকলৰ ওচৰলৈ গৈ নিমন্ত্ৰণ কৰি আছোঁ। এইদৰে ৰাজেশ আহমেদ আৰু মই গৈ ফুকন ছাৰৰ ঘৰৰ সন্মুখ পালোঁ। আমাৰ মনলৈ চিন্তা এটা আহিল — অভ্যৰ্থনা সমিতিৰ সভাপতি হোৱাৰ প্ৰস্তাৱ ফুকন ছাৰক দি চাওঁ নেকি? অইন দুই-এজনৰ সৈতে যোগাযোগ কৰিলোঁ।তেওঁলোকেও হয়ভৰ দিলে। আমি ছাৰক প্ৰস্তাৱটো দিলোগৈ। আমাক বিস্মিত কৰি তেখেতে একাষাৰে আমাৰ প্ৰস্তাৱত সন্মতি দিলে।সন্মতি দিয়াই নহয়,অতি মূল্যৱান কথা কেইটামান ক’লে। ছাৰে ক’লে মই এই প্ৰস্তাৱত সন্মতি দিছোঁ এই কাৰণেই যে অসমৰ ৰাইজে জনাটো বিচাৰোঁ, ৰাজনৈতিক দৃষ্টিভংগীৰ দিশৰ পৰা মই কোনফালে আছোঁ। আমাৰ মন ভৰি গ’ল। সন্মিলনৰ প্ৰস্তুতিৰ খবৰ ছাৰে আন্তৰিকভাৱেই ৰাখিছিল। তেখেতেই প্ৰস্তাৱ দিলে, অভ্যৰ্থনা সমিতিৰ ফালৰ পৰা এখন সংবাদ মেলৰ আয়োজন কৰা, মই উপস্থিত থাকিম। গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত সংবাদ-মেল সম্বোধি ফুকন ছাৰে শিক্ষা জগতৰ সমস্যা, শিক্ষা সংকট লৈ উদ্বেগ প্ৰকাশ কৰিলে। ক’লে সমাজতন্ত্ৰই ভৱিষ্যৎ। অৱশ্যে সন্মিলনত উপস্থিত থাকিব নোৱাৰিলে। সম্ভৱতঃ ল’ৰাৰ ওচৰলৈ যাবলগীয়া হ’ল। সেই সন্মিলনতে মই এছএফআইৰ পৰা অৱসৰ ল’লো। এই সন্তুষ্টিৰে যে ফুকন ছাৰৰো আশীৰ্বাদ আছে এছএফআইৰ প্ৰতি।
২০০০চনত হীৰেন গগৈৰ সম্পাদনাত ‘নতুন পৃথিৱী’ৰ পুনৰ-প্ৰকাশ আৰম্ভ হ’ল।কিছুদিনৰ বাবে সহযোগী সম্পাদকৰ দায়িত্ব মোৰ ওপৰত ন্যস্ত হৈছিল।তেতিয়া নীলমনি ফুকন ছাৰৰ ওচৰলৈ অলপ সঘনে আহ-যাহ কৰিছিলোঁ।বেছ কিছুদিন তেখেতে কবিতা শিতানটি চাই দিছিল।তেতিয়াও দেখিছোঁ, বাঁওপন্থী মতাদৰ্শ আৰু ৰাজনীতিৰ প্ৰতিয়ে ছাৰৰ দৰদ আৰু সমৰ্থন আছিল।পিছে শিল্পী-সাহিত্যিকসকলৰ সৈতে এই মহলটোৱে প্ৰয়োজনীয় যোগাযোগ নৰখা আদিৰ বাবে তেখেত অসন্তুষ্টও আছিল।চিপিআই(এম)ৰ মুখপত্ৰ গণশক্তি ছাৰলৈ পঠিওৱা হৈছিল।খুটিনাটিকৈ তেখেতে গণশক্তি পঢ়িছিল।আমি গ’লে তেখেতৰ পৰ্যবেক্ষণ দাঙি ধৰিছিল।শিক্ষা, সাহিত্য-সংস্কৃতি, আন্তৰ্জাতিক ঘটনাৱলী নিয়মীয়াকৈ সামৰি লোৱাটো বিচাৰিছিল। তেখেতৰ পচন্দৰ লেখাবোৰ আনন্দমনেৰে প্ৰশংসা কৰিছিল। চকুৰে পঢ়িব পৰা হৈ থকালৈকে ছাৰে গণশক্তি পঢ়িছিল। মানৱতাবাদী ফুকন ছাৰৰ বিষয়ে সেয়ে আত্মবিশ্বাসেৰে ক’ব পাৰোঁ, তেখেত আছিল বাঁও আদৰ্শৰ প্ৰতি সহমৰ্মী।
