নৱজাতকৰ মৃত্যুৰ হাৰেৰে অভিলেখ গঢ়িছে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ে, শেহতীয়াকৈ পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য। ৰাজ্য চৰকাৰে আমোল পৰিৱৰ্তন ঘটা বুলি কথাৰ ফুলজাৰি মাৰি থকাৰ সময়তে ৰাজ্যৰ চৰকাৰী স্বাস্থ্য খণ্ডৰ প্ৰকৃত নমুনা পোহৰলৈ আহিছে। চিকিৎসা মহাবিদ্যালয়খনত দুটা মাহত ৬২টিকৈ শিশুৰ মৃত্যু হোৱা ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । উল্লেখ্য যে, মৃত্যু হোৱা ৬২টি শিশুৰ ভিতৰত ৪৯টিৰ শিশু মাতৃৰ গৰ্ভতে মৃত্যু হৈ ভৰ্তি হৈছে চিকিৎসা মহাবিদ্যালয় খনত। ইফালে ১৩টি শিশুৰ মৃত্যু হৈছে জন্মৰ পিছত মহাবিদ্যালয়খনত চিকিৎসাধীন অৱস্থাত। যি ঘটনাই ফোপোলা স্বৰূপ উদঙাইছে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ।তথ্য অনুসৰি আগষ্ট মাহত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈছিল মুঠ ২৯৬টি শিশু, ইয়াৰে মৃত্যু হৈছে ১৯টি শিশুৰ, ছেপ্টেম্বৰত মাহত ভৰ্তি হোৱা ২৫০টি শিশুৰ ভিতৰত মৃত্যু হৈছে ১২টি শিশুৰ। সমান্তৰালভাৱে নৱজাতকৰ ICUত বাহিৰৰ পৰা আহি ভৰ্তি হোৱা ১২৫টি শিশুৰ ভিতৰত মৃত্যু হৈছে ২০টি শিশুৰ, আনফালে মহাবিদ্যলয়খনতেই জন্ম হোৱা ১২৭টি নৱজাতকৰ ভিতৰত মৃত্যু হৈছে ১১টি নৱজাতকৰ। ছেপ্টেম্বৰ মাহত মহাবিদ্যালয়খনত বাহিৰৰ আহি ভৰ্তি হোৱা ১১২টি শিশুৰ ভিতৰত মৃত্যু হৈছে ২৭টি শিশুৰ আৰু তেজপুৰ চিকিৎসা মহাবিদ্যলয়তেই জন্ম হোৱা ১৬৭টি শিশুৰ ভিতৰত মৃত্যু হৈছে ২৮টি শিশুৰ। এতিয়া ৰাইজৰ প্ৰশ্ন, সকলো সময়তে কেৱল মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ বাবে বাট চাই ৰোৱা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই প্ৰকৃততে কৰি আছে ক