অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বৰেণ্য শিল্পী ড° বীৰেন্দ্ৰ নাথ দত্তক ‘সত্ৰভূষণ জগন্নাথ বায়ন বঁটা’ প্ৰদান।
বৰপেটাৰ অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান একাডেমী অব্ খোল বাদ্যই প্ৰদান কৰে এই বঁটা।
একাডেমী অব্ খোল বাদ্যই সঙ্গীত নাটক একাডেমী বঁটা ‘সত্ৰভূষণ’ আৰু ‘বৰপেটা শিৰোমণি’ উপাধিৰে বিভূষিত সত্ৰীয়া শিল্পী প্রয়াত জগন্নাথ বায়নৰ স্মৃতিত চলিত বৰ্ষৰ পৰা প্ৰতি বছৰে আগবঢ়াই যাব।
উল্লেখ্য যে একাডেমী অব্ খোল বাদ্যই অহা ২২ আৰু ২৩ অক্টোবৰত অনুষ্ঠিত কৰিবলগীয়া ‘বৰপেটা সংগীত সমাৰোহৰ সৈতে সংগতি ৰাখি এই বঁটা প্ৰদান কৰাৰ কথা আছিল কিন্তু ড° বীৰেন্দ্ৰ নাথ দত্তৰ শাৰীৰিক অসুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক ঘৰতে ১২ অক্টোবৰত এই বঁটা প্ৰদান কৰে।
এই বঁটা প্ৰদান অনুষ্ঠানত একাডেমীৰ হৈ বিশিষ্ট সাহিত্যিক তথা কলাগুৰু আৰু ‘শিক্ষাৰত্ন’ বঁটা প্ৰাপক অক্ষয় কুমাৰ মিশ্র, বৰপেটা ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিৰিঞ্চি কুমাৰ দাস, মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক ড° ইন্দ্ৰজ্যোতি ৰায়চোধুৰী, অনাতাঁৰ আৰু দূৰদৰ্শনৰ বৰগীতৰ বিশিষ্ট শিল্পী গুণীন্দ্র নাথ ওজা, সংগীত নাটক একাডেমীৰ যুৱ বঁটা প্ৰাপক মনোজ কুমাৰ দাসকে ধৰি কেইবাগৰাকীও লোকৰ লগতে বিশিষ্ট সংগীত পৰিচালক ৰমেন চৌধুৰী উপস্থিত থাকে।
এই বঁটা প্ৰদান কৰিবলৈ বৰপেটাৰ কেইবাগৰাকীও ব্যক্তি এনেদৰে তেওঁৰ ঘৰত উপস্থিত হোৱাটো তেওঁৰ বাবে অত্যন্ত সৌভাগ্যৰ কথা বুলি মন্তব্য কৰে ড° বীৰেন্দ্ৰ নাথ দত্তই।
