গণনাট্য সংঘৰ অন্যতম সদস্য কবি ৰাম গগৈয়ে, কবি ৰবীন্দ্ৰ সৰকাৰক বিষ্ণু ৰাভাৰ লগত ‘এওঁ কবিতা লিখে’ বুলি চিনাকি কৰি দিওঁতে ৰাভাই হেনো কৈছিল- “বৰ ভাল কথা, কাৰ কাৰণে কবিতা লিখিবা, ঠিক কৰি লোৱা ৷” এই যিটো প্ৰশ্ন, ইয়াৰ গুঢ়াৰ্থ নিশ্চয় আলোচনা কৰাৰ প্ৰয়োজন নাই ৷ কথাখিনি বহুদিনলৈ সৰকাৰৰ অন্তৰ চুই আছিল ৷ যি সৃষ্টিত সাধাৰণ জনতাৰ সুখ-দুখ, হাঁহি-কান্দোন, জীৱনৰ ঘাট, প্ৰতিঘাতে স্থান পাব সেই সৃষ্টিয়ে স্বাভাবিকতে পাঠকৰ সমাদৰ পাব ৷ নগৰ-চহৰ কেন্দ্ৰিক বৰ্তমানৰ লিখক বিশেষকৈ নৱপ্ৰজন্মৰ লিখক সকলৰ লেখাই কিমানজন নিষ্পেষিত, নিপীড়িতক চুব পাৰিছে, অন্য কথাত জনগণৰ হা-হুতাশাক চুই যাব পৰাকৈ সৃষ্টি কৰিব পাৰিছে সেয়া লক্ষণীয় হ’ব ৷ আমাৰ গল্প, কবিতা বা অন্যান্য ৰচনাত – মানুহৰ মানৱিকবোধৰ বাবে প্ৰতিবাদী চেতনা জগ্ৰত কৰাত আমি সফল হ’ব পাৰিছোঁনে সেয়াও এক ডাঙৰ প্ৰশ্ন !
আধুনিক হিন্দী তথা উর্দু ভাষাৰ অন্যতম সফল লেখক মুন্সী প্ৰেমচান্দে তেওঁৰ গল্প উপন্যাসত, নিৰ্ভীকভাৱে সমাজৰ সকলো অত্যাচৰ, অনাচাৰ, দুৰ্নীতি, ভণ্ডামি, কুসংস্কাৰ, ধনী আৰু বিত্তবানৰ চালিয়াতি, অনৈতিকতা, অসততা আৰু সমাজৰ দুৰ্বল তথা দৰিদ্ৰশ্ৰেণীৰ ওপৰত সিহঁতৰ শোষনৰ বিষয়ে অত্যন্ত পৰিষ্কাৰকৈ প্ৰাঞ্জল ভাষাত প্ৰকাশ কৰিছে; উন্মোচন কৰি দিছে প্ৰতাৰক, ভণ্ডসকলৰ মুখা ৷
…..ইলিয়টৰ সমালোচনাৰে ভবানন্দ দত্তই অসমৰ কবিসকলক বাস্তৱ তথা জাতীয় জীৱনৰ মুখামুখি কৰিব বিচাৰিছিল ৷ সাম্ৰাজ্যবাদৰ দ্বাৰা লুণ্ঠিত দেশৰ কবিৰ ভুমিকা সাম্ৰাজ্যবাদৰ লগত সহযোগিতা হ’ব নোৱাৰে ৷ জনসাধাৰাণৰ মুক্তি সংগ্ৰাম নি:সন্দেহে হ’ব কবিৰ কাব্য-প্ৰেৰণা ৷ ব্যক্তিজীৱনৰ পৰিসীমাৰ মাজত থাকি কবিয়ে জনসাধাৰণৰ সংগ্ৰামৰ আভাস ল’ব নোৱাৰে ৷ তেওঁ কৈছে “দ্বিধাশূন্য অন্তৰৰ একাগ্ৰ তন্ময়তা নেথাকিলে প্ৰথম শ্ৰেণীৰ কাব্য সৃ্ষ্টি হ’ব নোৱাৰে ৷” এই পটভুমিতে প্ৰগতিশীল কবিৰ ভুমিকা নিৰ্ণয় কৰি তেওঁ কৈছে যে কৃষক আৰু শ্ৰমিকৰ নিষ্পেষিত জীৱনৰ প্ৰতি সহানুভুতি আৰু সমবেদনা প্ৰগতিশীল কবি সাহিত্যিকৰ কাৰণে প্ৰথম প্ৰয়োজন ৷
বৰ্তমান সময়ত আলোচিত হোৱা এটা প্ৰধান বিষয় – বহু ব্যক্তি কবি সাহিত্যিক নিজকে কোনো অনুষ্ঠানৰ লগত জড়িত কৰে এক বিলাসিতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ আকাঙ্খা লৈ আত্ম প্ৰচাৰৰ কাৰণে ৷ কবি ৰবীন্দ্ৰ সৰকাৰে তেওঁৰ ‘দিনবোৰ মোৰ সোণৰ সজাত” গ্ৰন্থখনত উল্লেখ কৰিছে – “ কবিতা মোৰ বাবে যশস্যা লাভৰ উপায় নহয় ৷ কবিতাৰ জৰিয়তে এই সময়, সমাজ আৰু নিজৰ অৱস্থানক মই চিহ্নিত কৰিব খোজোঁ ৷”
অতুল তামুলীৰ কবিতা সম্পৰ্কীয় এটা প্ৰৱন্ধত পঢ়িবলৈ পাইছিলোঁ –“ এগৰাকী কবি কেৱল কল্পনাবিলাসী হৈ ভাৱ সাগৰত ওপঙি নুফুৰি, বাস্তৱজীৱনৰ বিভিন্ন ঘটনা-পৰিঘটনাৰ আধাৰত মানৱীয় দৃষ্টিভঙ্গীৰে কবিতাৰ বিষয়বস্তু বাচি লৈ সমাজৰ মঙ্গল আৰু উত্তৰণৰ কাৰণে কবিতা ৰচনা কৰাটো অতি প্ৰয়োজনীয় কথা, কেৱল আত্মতুষ্টিৰ বাবে বা মুষ্টিমেয় কেইজনমান কবিতাৰ বিশেষ ৰসগ্ৰাহীৰ বাবে কবিতা সৃ্ষ্টি কৰাটো কবিতাৰ বাবে সুখদায়ক বাৰ্তা নহয় ৷ কবিৰ অন্তৰৰ অনুভুতি, ভাৱনাৰাজি সকলোশ্ৰেণীৰ মানুহৰ মাজত বিলাই দিব পৰাটোৱেই কবিৰ কৃতিত্ব ৷ সমাজৰ হিতৰ বাবে কবিতাৰ সৃষ্টি সময়ৰ দাবী ৷” সাহিত্যৰ যিকোনো ধৰাৰ ক্ষেত্ৰতে এইখিনি কথা সমানেই প্ৰযোজ্য ৷ যিকোনো লিখাতে সমাজৰ উত্তৰণৰ কাৰণে, মঙ্গলৰ কাৰণে ‘মেচেজ’ এটা থকা দৰ্কাৰ ৷
কবি সমীৰ তাঁতীয়ে এটা সাক্ষাৎকাৰত কৈছিল – “সকলোৱেই সামাজিকভাৱে দায়বদ্ধ ৷ তুমি নিজৰ প্ৰতি, ঘৰখনৰ প্ৰতি, সমাজখনৰ প্ৰতি দায়বদ্ধ নহয় নেকি ? কবিতাটোও এটা সামাজিক প্ৰডাক্ট ৷ দেখদেখকৈ এই কথাটো ইয়াত নিহিত হৈ আছে; কবি এজনো সামাজিকভাৱে দায়বদ্ধ ৷” সৃষ্টিধৰ্মী সাহিত্য মূলত: এক প্ৰকাৰ, শিল্প আৰু যিকোনো শিল্পয়েই নিশচিতভাৱে সমাজৰ ওচৰত দায়বদ্ধ৷ কিন্তু যিজন লেখক নিজৰ বিবেকৰ ওচৰত দায়বদ্ধ নহয়, তেওঁৰ বাবে উপৰুৱা সামাজিক দায়বদ্ধতাৰ সকলো কছৰৎ অৰ্থহীন ৷
জনসাধাৰণক সচেতন কৰি তোলাটো লেখকৰ অন্যতম দায়িত্ব হোৱা উচিত ৷ চিন্তাশীল মানুহৰ লগতে শিল্পী, সাহিত্যিক আৰু বিজ্ঞানীয়ে জগতত এটা অতি গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিব পাৰে ৷ তেওঁলোকৰ কলমেৰে যিবোৰ লেখা প্ৰকাশ পায়, সেইবোৰৰ ‘ওজন’ বাঢ়িব লাগিব ৷ শক্তিশালী লেখকৰ কলমৰ জোৰত দেশ-মহাদেশ সকলোতে ব্যাপক প্ৰভাৱ পৰিলক্ষিত হোৱা দেখা যায় ৷ তেওঁলোকে মানৱ-কল্যাণৰ অৰ্থে যুগে যুগে কলম হাতত তুলি লয় ৷ আধুনিক বিশ্বত স্বাৰ্থান্ধ মানুহৰ সংখ্যাটো বোধহয় আগতকৈ বেচি হৈছে ৷ সঘনাই দল সলোৱা মানুহৰ দৰে সঘনাই মতাদৰ্শ সলনি কৰা লেখক, শিল্পী আৰু গায়কো উচ্চ স্থানৰ ব্যক্তি হ’ব নোৱাৰে ৷ গেলা ঘাত মাখি পৰাৰ দৰে তেওঁলোকে স্বাৰ্থ সিদ্ধিৰ উৎসবোৰত সঘনাই ভিৰ কৰে ৷ নিজৰ উদ্দেশ্য পুৰণৰ বাবে তেওঁলোক যিকোনো পৰ্যায়লৈকে যাব পাৰে ৷ তেনে মানুহৰ বাবে সমাজৰ ডাঙৰ ক্ষতি হয় ৷ দেশ যে সকলোৰে আগত, সেইকথা প্ৰতিজন মানুহেই জানে ৷ সাহিত্যিকে তেনে কথা আৰু অধিক ভালকৈ জনা বুলি ভবা হয় ৷ গতিকেই প্ৰতিজন লেখকেই যি লিখে তাক ভাবি-চিন্তি লিখা উচিত ৷ নিজৰ স্বাৰ্থ আগত ৰাখি লিখা লেখা কালজয়ীতো নহয়েই, সমাজৰো কোনো কামত নাহে ৷
সাম্প্ৰতিক সময়ত অনু কবিতা, খুদ কবিতা, চুটি কবিতা, এশৰীয়া কবিতা, অনু গল্প, এক মিনিটৰ গল্প আদিৰে পৰীক্ষা নিৰীক্ষা চলি থকা দৃষ্টিগোচৰ হৈছে ৷ মাজতে ‘শৰাই” আদিৰ আকৃতিৰে কবিতাৰ শৰীৰ সজাই লিখা কবিতাও পঢ়িবলৈ পালোঁ ৷ এইধৰণৰ পৰীক্ষা-নিৰীক্ষাবোৰে পাঠকক আমোদ দিয়াও লক্ষ্য কৰা যায় ৷ কিন্তু এনেধৰণৰ সৃষ্টিয়ে পাঠক বা সমাজ বা সাহিত্যৰ জগতখনত কিমান অৰিহণা যোগাইছে তাৰ আলোচনাৰ প্ৰয়োজন আছে নিশ্চয় ৷
“এতিয়া আমাৰ সাহিত্যত অনুগল্পৰ দিন চলিছে ৷ ভাল কথা ৷ লিমাৰিকৰো ভালেই দিন ৷ ভাল কথা ৷ কিন্তু এটা কথা ৷ ফুলনিত ফুল ৰুলেও তাত এটা ‘মেথড’ লাগিব ৷ এটা আৰ্ট ৷ ঘনীভূত হোৱা মানে মৌলিক গুণাৱলী নোহোৱা হোৱা নুবুজায় ৷ Brevity is the soul of wit ‘ – বৰ দামী কথা ৷ কথাবোৰ আমি সকলোৱে গভীৰভাৱে লোৱা ভাল ৷ পা”চ মিলিগ্ৰামৰ এটা খাদ্যপ্ৰাণৰ বড়িত পাঁচ কিলোগ্ৰামৰ খাদ্যৰ গুণ নিহিতহৈ থকাটো বৰ চিত্তাকৰ্ষক ৷”- ইমৰান শ্বাহ ৷
সাহিত্যৰ পৰীক্ষা-নিৰীক্ষা কৰোঁতে সদায় দৃষ্টি দিব লাগিব সাধাৰণ জনতাৰ কল্যাণৰ প্ৰতি, লগতে সাহিত্যৰ বৈশিষ্ট তথা সাহিত্যৰ মানদণ্ড যাতে অক্ষুন্ন থাকে তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব ৷ ইহলোক ভিত্তিক মানৱকেন্দ্ৰিকতা, বাস্তৱধৰ্মিতা, বৈজ্ঞানিক প্ৰমাণ নিৰ্ভৰ যৌক্তিকতা, পৰিবৰ্তনমুখীতা, গণতান্ত্ৰিক মূল্যবোধ তথা দৃষ্টিকোণৰ লগতে জাতীয়তাবোধ, বৰ্ণাশ্ৰম বিৰোধিতা আৰু শ্ৰেণী চেতনা কিছুমান গৰুত্বপূৰ্ণ দিশ বুলি বিবেচিত হোৱা দৰ্কাৰ ৷
মামনি ৰয়ছম গোস্বামীৰ সাহিত্য সম্পৰ্কে শ্ৰী হোমেন বৰগোহাঞিয়ে তেখেতলৈ এবাৰ লিখিছিল -“আপোনাৰ মন কি দুঃসহ বেদনাৰে ভাৰাক্ৰান্ত সেই কথা আপুনি নক’লেও মই জানো। কিন্তু শিল্প সৃষ্টিৰ দাবী ইমানেই নিষ্ঠুৰ যে সি কাৰো ব্যক্তিগত দুখ বেদনাৰ কথা বিবেচনা নকৰে। সাধাৰণ নৰ-নাৰীৰ এই অতলন্ত দুখত নিমজ্জিত হৈ মৃতপ্ৰায় হৈ থাকিবলৈ সম্পূৰ্ণ অধিকাৰ আছে, কিন্তু আপোনাৰ এই অধিকাৰ নাই। কাৰণ আপুনি লিখিকা, জাত শিল্পী।” উল্লেখযোগ্য যে কীৰ্তিনাথ হাজৰিকাইও মামনি ৰয়ছম গোস্বামীক হাতত কলম ল’বলৈ আৰু নিপীড়িতসকলৰ ছবি আঁকিবলৈ শিকাইছিল বুলি তেখেতে নিজে উল্লেখ কৰিছে।
সমাজৰ সামগ্ৰিক উন্নতি-উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ কবি-সাহিত্যিকসকলে নতুন সহিত্য সৃষ্টি কৰি সামাজিক অপশক্তিৰ বিৰুদ্ধে যুঁজ দিয়াৰ লগতে মানৱতাৰ উন্মেষ ঘটোৱাৰ লক্ষৰে আগবাঢ়ক আৰু এই লক্ষ্যত উপনীত হ’বলৈ হ’লে এক জীৱন আদৰ্শ অনুসৰণ কৰিব পাৰিব লাগিব- সৃষ্টি কৰিবলৈ এক নিৰ্দিষ্ট আদৰ্শক সৰোগত কৰি সৃষ্টিত আত্ম নিয়োগ কৰিলেহে সমাজৰ সামগ্ৰিক উন্নতিত অৰিহণা যোগোৱাৰ ফল পোৱা যায় বুলি প্ৰগিতিশীল-সমাজসচেতন লোকসকলে ক’ব খোজে ৷ আমি সদা সচেতন, সক্ৰিয় হৈ থাকিব লাগিব যাতে কুসংস্কাৰ, অন্ধবিশ্বাস, ধৰ্মীয় ৰক্ষণশীলতা, সাম্প্ৰদায়িকতা, জাতি বিদ্বেষ, যৌন অশ্লীলতা আৰু মানৱ বিদ্বেষী ধাৰণাসমূহে ৰঙচঙীয়া সাহিত্যৰ সাজ-পিন্ধি পঢ়ুৱৈ সামজৰ মানস মণিকুটত আসন লাভ কৰিব নোৱাৰে ৷
ভাষা শিলৰ ৰেখা নহয় – ই বিকশিত বস্তু। সাহিত্যৰ মাধুৰ্য ৰক্ষা কৰিও ইয়াক জনগণৰ কাৰণে সহজবোধ্য কৰাৰ ওপৰতে ইয়াৰ সাৰ্বজনীনতা নিৰ্ভৰ কৰিব। নহ’লে সাহিত্য জনগণৰ পৰা আঁতৰি উচ্চ মঞ্চৰ লোকৰ বস্তু হৈ পৰিব ৷ কঠোৰ পৰিশ্ৰমৰ প্ৰতি যাৰ অনীহা, অধ্যয়নৰ প্ৰতি যাৰ বিৰাগ, বাস্তৱ সম্পৰ্কত যিজন শুচিবায়ুগ্ৰস্ত, নিজৰ বিবেকৰ ওপৰত যিজন অসৎ তেনে লিখকৰ লিখক হিচাপে দীৰ্ঘদিন তিষ্ঠি থকাটো সম্ভৱ নহয়। “প্ৰতিটো শব্দ সৃষ্টিৰ মুহূৰ্ত্ততে সত্যৰ বাবে মৃত্যু-পণ কৰাৰ সাহসৰ প্ৰয়োজন ৷ উদাহৰণ বিচাৰি অইন দেশলৈ প্ৰয়োজন নাই ৷ সততা, সাহস আৰু প্ৰতিভাৰ কি দুৰ্লভ সমন্বয়েহে প্ৰকৃততে এজন প্ৰকৃত লেখকৰ সৃ্ষ্টি কৰে, সেই কথা হৃদয়ঙ্গম কৰিবলৈ ড’ হীৰেণ গোঁহাইৰ লিখনিৰ ওপৰত এবাৰ চকু ফুৰালেই হ’ল ৷ কুৎসা ৰটনা, ভাবুকি আনকি শাৰীৰিকভাৱে প্ৰহৃত হোৱাৰ পিছতো লেখক হিচাপে যি ঈৰ্ষণীয়, সততা আৰু সাহসৰ তেখেতে পৰিচয় দিছে, সেয়া অতুলনীয় ৷ কাৰোবাৰ সাহস থাকে, কিন্তু সততা নাথাকে; কাৰোবাৰ সততা থাকে, কিন্তু প্ৰতিভা নাথাকে, ড’ গোঁহাই এই তিনিওৰে সমন্বয় “ – ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী ৷