বিশিষ্ট সমাজ বিজ্ঞানী, কবি-গীতিকাৰ,গল্পকাৰ – ঔপন্যাসিক আৰু অসমৰ প্ৰগতিশীল সাহিত্য আন্দোলনৰ এগৰাকী পুৰোধা অনিল ৰায়চৌধুৰীৰ ২০২০ চনৰ ১ মে তাৰিখে দেহাৱসান ঘটে। ১ মে তাৰিখটো গোটেই বিশ্বতে শ্ৰমিক দিৱস হিচাপে পালন কৰা হয় ৷ তেখেতৰ জীৱন কৰ্মৰাজী তথা জীৱন আদৰ্শৰ প্ৰতি লক্ষ্য কৰিলে, ১ মে তাৰিখত তেখেতৰ মৃত্যু এক তাৎপৰ্যপূৰ্ণ ঘটনা বুলি অভিহিত কৰিব পাৰি যেন লাগে ৷ ১৯২৬ চনত বৰপেটাত জন্ম লাভ কৰা ৰায়চৌধুৰীৰ জীৱন পৰিক্ৰমা অসমৰ সমাজ জীৱনৰ ঘাত প্ৰতিঘাতৰ লগত ওতঃপ্ৰোত ভাৱে সাঙোৰ খাই আছিল । ৰায়চৌধুৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ ৰাজনৈতিক কৰ্মৰ সহযোগী, পৰৱৰ্তী কালত বিপ্লৱী কমিউনিষ্ট পাৰ্টিত যোগদান কৰি কমিউনিষ্ট আন্দোলনৰ লগত জড়িত হৈ কৃষকসকলক সংগঠনত আত্মনিয়োগ কৰে। পিছত ক্ৰমে ভাৰতৰ কমিউনিষ্ট দল আৰু ভাৰতৰ মাৰ্ক্সবাদী কমিউনিষ্ট দলৰ সদস্য ৰূপে ৰাজনৈতিক স্থিতি লৈ সমাজ জীৱনৰ সৈতে যুক্ত হৈ আছিল। কৰ্মসূত্ৰে তেওঁ আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী । স্বাধীনতাৰ পৰৱৰ্তীকালত তেওঁ এগৰাকী কবি গীতিকাৰ ৰূপে আত্মপ্ৰকাশ কৰিছিল আৰু প্ৰায় ডেৰশ গীত ৰচনা কৰিছিল। দিলীপ শৰ্মা, ভাৰতী চৌধুৰী, মেৰী খাটুন আদিয়ে তেওঁৰ গীতত কণ্ঠদান কৰিছিল। স্বাধীনতাৰ পিছৰ কালত প্ৰকাশিত ‘আৱাহন’ৰ পাতত তেওঁ গল্প লিখিছিল। ‘ত্ৰিকোণ’ তেওঁৰ একমাত্ৰ গল্প সংকলন। ৰাজনৈতিক পৰিঘটনাক সামৰি লিখা তেওঁৰ দুখন উপন্যাস হৈছে ‘কাণ্ডাৰী’ আৰু ‘শত্ৰু’। উপন্যাস দুখনে ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসৰ দুটা বিশেষ ঘটনাৰ কিছু গুৰুত্বপূৰ্ণ দিশ আলোকিত কৰাৰ লগতে তাৰ বস্তুনিষ্ঠ বিশ্লেষণ দাঙি ধৰিছে। এই উপন্যাস দুখন অতিশয় ৰাজনৈতিক চেতনাযুক্ত উপন্যাস আৰু সেই সময়ছোৱাৰ দলিল বুলি অভিহিত কৰিব পাৰি। দুয়োখন উপন্যাসতে বৰ্ণিত ঘটনাৱলী, ৰাজনৈতিক পৰিস্থিতি, দেশনেতা আৰু চৰকাৰী মদতপুষ্ট সাহিত্যিক-বুদ্ধিজীৱীৰ স্বৰূপ আৰু সামগ্ৰিকভাৱে ঔপন্যাসিকৰ বক্তব্য আজিৰ পটভূমিতো সমানে প্ৰাসংগিক।
“নৱ-বৈঞ্চৱ যুগৰ লগতে যোৱা দুটা শতিকা অসমৰ সমাজ-ইতিহাস আৰু ৰাজনীতিৰ গতিপ্ৰবাহক যিসকল লেখক-গৱেষকে যুক্তিনিষ্ঠ দৃষ্টিৰে বিশ্লেষণৰ প্ৰয়াস চলাই আহিছে সেইসকলৰ অন্যতম আছিল অনিল ৰায়চৌধুৰী । অসমৰ বৌদ্ধিক ইতিহাসত কেইবাটাও দিশত ৰায়চৌধুৰী স্মৰণীয় হৈ ৰ’ব; বিশেষকৈ মাৰ্ক্সীয় দৃষ্টিকোণেৰে তেখেতে কৰা শংকৰদেৱৰ মূল্যায়ন আৰু নামনি অসমৰ ইতিহাসৰ অন্তৰ্ভেদী আলোচনাৰ বাবে।”
ভৱানন্দ দত্তৰ পিছতে শংকৰদেৱৰ নৱ মূল্যায়নত আগভাগ লৈ তেওঁ শংকৰদেৱ চৰ্চাত বিশিষ্ট বৰঙণি যোগাই গৈছ। তেনেদৰে ‘নামনি অসমৰ সামাজিক পটভূমি’লৈও এখন গৱেষণালব্ধ পুথি লিখাৰ উপৰিও তেওঁ অসমৰ বাংলাদেশী সমস্যাটোকো ইতিহাসৰ প্ৰেক্ষাপটত বস্তু নিষ্ঠভাৱে পৰ্যালোচনা কৰিছে ‘অসমত বাংলাদেশী’ পুথিত। তেখেতৰ ৰচিত ‘দুধু মিঞা’ গল্পটো হিন্দু মুছলিম সম্প্ৰীতিৰ এক জলন্ত নিদৰ্শন । তেওঁৰ ‘ অসমীয়া ভাষাৰ দৰ্শন’ আন এখন অসমৰ জাতীয় জীৱনলৈ আগবঢ়োৱা তেওঁৰ মূল্যবান বৰঙনি। অসমত প্ৰগতিশীল সাহিত্য আন্দোলন এটি গঢ়ি তোলাত যি উদ্যোগ গ্ৰহণ কৰিছিল অনিল ৰায়চৌধুৰী আছিল তাৰ অন্যতম উদ্যোক্তা। “নতুন সাহিত্য পৰিষদৰ” সম্পাদক আৰু সভাপতি হিচাপেও কাৰ্যনিবাহ কৰাৰ উপৰিও “নতুন পৃথিৱী” আলোচনীৰ সম্পাদনা সমিতিৰ সৈতেও জড়িত আছিল ।
ৰায়চৌধুৰীয়ে স্কুলীয়া দিনতে ভাৰতৰ স্বাধীনতা আন্দোলনত অংশ লৈছিল। অসম সচিবালয়, শিক্ষকতা, কেন্দ্ৰীয় আবকাৰী পৰিদৰ্শক আদি কৰি প্ৰায় আঠটা চাকৰি বাদ দি ১৯৫১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰশাসনীয় বিভাগৰ কৰ্মচাৰী হিচাপে নিযুক্ত হয়। পৰৱৰ্তী সময়ত ১৯৮৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰাই প্ৰশাসনিক বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰে। বিশ্ববিদ্যালয় কৰ্মীসংঘৰ সাধাৰণ সম্পাদকৰ উপৰি তেওঁ কাৰ্যকৰী সভাপতি হিচাপে নিৰ্বাচিত হৈছিল আৰু ১৯৬২, ১৯৬৫ আৰু ১৯৭৫ চনত গ্ৰেপ্তাৰ হৈ কাৰাবাস খাটিছিল।
সুনিপুন কৰ্মদক্ষতা আৰু দায়বদ্ধতাৰে দেশ তথা জাতিৰ উন্নয়নৰ কামত আজীৱন ব্ৰতী ৰায়চৌধুৰী আছিল স্পষ্টবাদী ৷ ৰায়চৌধুৰীয়ে স্বাধীনতা আন্দোলনত অংশ লৈ ১৯৪৪ চনলৈকে শ্ৰেণী বৰ্জন কৰিছিল আৰু সেই বছৰতে মেট্ৰিক পৰীক্ষা দি কৃতকাৰ্য হ’ব নোৱাৰি ঘৰৰ পৰা গৈ গুৱাহাটীত সৈন্য বাহিনীৰ কেৰাণী পদত সাক্ষাৎকাৰ দি চাকৰিত যোগদান কৰিছিল ৷ পিছত দেউতাকে গম পাই বুজাই-বঢ়াই ঘৰলৈ অনাত পুনৰ ১৯৪৫ চনত মেট্ৰিক দি উত্তীৰ্ণ হৈ বৰপেটাৰ মাধৱ চৌধুৰী কলেজত নাম ভৰ্তি কৰে ৷ কলেজত পঢ়ি থকা সময়তে ৰায়চৌধুৰীয়ে ‘অসম আত্মৰক্ষা ফৌজ’ আৰু ‘জাতীয় মহাসভা’ৰ জিলা পৰ্যায়ৰ সম্পাদক হিচাপে কাৰ্যনিবাহ কৰে ৷ ট্ৰেড উনিয়ন আন্দোলনত জড়িত হোৱাৰ উপৰিও বিভিন্ন সংগঠনৰ নেতৃত্ব বহন কৰি তেওঁ সমাজ সেৱাৰ উৎকৃষ্ট উদাহৰণ দেখুৱাই গৈছে ৷
“নিজৰ নামত শ্ৰী লিখি ভালপোৱা অনিল ৰায়চৌধুৰী মানুহজন দৰাচলতে বিদ্যায়তনিক ক্ষেত্ৰৰ পৰা সৃষ্টি হোৱা নাছিল ৷ লেখক হিচাপে স্বীকৃত হোৱাতকৈ বাঁও ৰাজনৈতিক অথবা সমাজকৰ্মী হিচাপে আক্ৰান্ত হোৱাৰ দুৰ্বালতাইহে তেওঁক জীৱনৰ বেছিখিনি সময় ভাৰাক্ৰান্ত কৰি ৰাখিছিল ৷ নিজা বিশ্লেষণ অনুসৰি তেওঁ এটা ‘হতশ্ৰী সামন্ত পৰিয়াল’ৰ পৰা কেৱল সম্ভ্ৰান্ত অতীতসৃষ্ট আত্ম-অভিমানৰ মাজেৰে, অভাৱ-অনাটনৰ মাজেৰে যেন জয়ৰ পথত আগ বাঢ়িছিল ৷”
মানৱদৰদী আৰু যুক্তিবাদী, বিজ্ঞানমনস্ক ৰায়চৌধুৰীৰ শেষ ইচ্ছা অনুসৰি তেওঁৰ মৰনোত্তৰ দেহ মানৱ কল্যাণ তথা চিকিৎদা বিজ্ঞানৰ উৎকৰ্ষ সাধনৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ক দান কৰা হয় ৷
আজি ১ মে’ ( শ্ৰমিক দিৱসৰ দিন ) তাৰিখত, কৈ শেষ কৰিব নোৱৰা এক উপন্যাসোপম চৰিত্ৰৰ এই প্ৰগতিশীল সাহিত্যিক, শ্ৰমিক কৃষকৰ সংগঠনত জড়িত থকা মানুহজনৰ মৃত্যুদিৱসত বৈপ্লৱিক শ্ৰদ্ধাঞ্জলি যাচিলোঁ ।
