শংকৰী ঐতিহ্যৰ বহল বাটেৰে আহি বিষ্ণু ৰাভাই এদিন অসমৰ সাংস্কৃতিক পথাৰত খোজ দিছিল ৷ তেতিয়াই তেওঁ বুজিছিল যে জনজীৱনক ভালকৈ চিনি, মানুহক শোষণ-বঞ্চনা নিৰ্যাতনৰ পৰা মুক্তি দিবলৈ এক ৰাজনৈতিক সংগ্ৰামৰ প্ৰয়োজন ৷ তেওঁৰ বিশ্বাস কৰিছিল যে মাৰ্ক্সবাদ, লেনিনবাদৰ জৰিয়তেহে এনে বিশুদ্ধ গণমুখী সংগ্ৰাম সম্ভৱ ৷ সেয়েহে ‘বিপ্লৱী কমিউনিষ্ট পাৰ্টি’ত যোগ দি তেওঁ হৈ পৰিছিল দুখীয়া-নিপীড়িতৰ পৰম বন্ধু ৷ কৃষক, বনুৱা, শ্ৰমিক মজদুৰ, নিৰ্যাতিতৰ বাবে তেওঁ গোটেই জীৱন নিপাত কৰিছিল ৷ অসমৰ সমাজ জীৱনত যেতিয়া শোষণ, প্ৰলোভন, প্ৰতাৰণাই ঘেৰি ধৰিছিল, সমাজ জীৱনত যেতিয়া সমন্বয়ৰ সংকটে দেখা দিছিল , তেতিয়াই বিষ্ণু ৰাভাই এই সংকট মোচনৰ বাবে সংগ্ৰাম কৰিছিল ৷ বৰ্তমানেও কৃষক, বনুৱা, শ্ৰমিক মজদুৰ সকলোৱে নিৰ্যাতনৰ বলি হ’ব লগা হৈছে ৷ চৈদিশে সাম্প্ৰদায়িকতাবাদ, বিচ্ছিন্নতাবাদ, সন্ত্ৰাসবাদ, ভ্ৰষ্টাচাৰ, শোষক, দুৰ্নীতিগ্ৰষ্টৰে পৰিপূৰ্ণ হৈ পৰিছে ৷ গতিকে এনে বিশৃঙ্খল সমাজ ব্যৱস্থাত বিষ্ণুৰাভাৰ আদৰ্শক পুনৰ জাগ্ৰত কৰি এখন ৰাভাই বিচৰা সমাজ গঢ়াৰ সময় আহি পৰিছ ৷
জনস্বাৰ্থবৰোধী শাসক-শোষকপক্ষ আৰু সুবিধাবাদী মধ্যশ্ৰেণীয়ে ৰাভাৰ সূৰ্যসম প্ৰখৰ ব্যক্তিত্ব আৰু বিশাল প্ৰতিভাক ঢাকি ৰখাটো সম্ভৱ নহয় বুলি উপলব্ধি কৰিয়েই ৰাভা সোঁৱৰণী দিৱস পাতিবলৈ একপ্ৰকাৰ বাধ্য হৈছে ৷ দেশৰ চাৰিওফালে ৰজাঘৰ, প্ৰজাঘৰে ৰাভা দিৱস পতাৰ উজান উঠিছে ৷ ৰাভাৰ প্ৰকৃত কৰ্মপন্থা , কাৰ্যাৱলীৰ পৰা আঁতৰি ৰাভা দিৱস আজি ‘ফেশ্বনলৈ পৰিৱৰ্তন কৰিছে ৷ তেওঁলোকে কেৱল ‘বিলতে হালিছে ধুনীয়া পদুমী’, ‘পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা’, আদি প্ৰেমৰ গীত-কবিতা লিখা বা নাটক, চলচিত্ৰত অভিনয় কৰা ‘কলাগুৰু ৰাভাকহে স্মৰণ কৰে ৷ “বল বল ব’ল কৃষক শক্তি দল”, “তেজৰে বোলেৰে লিখি যাম ইতিহাস” জাতীয় বিপ্লৱী গীত লিখা খাটি খোৱা কৃষক- শ্ৰমিকৰ কথা কোৱা, তেওঁলোকৰ মুক্তিৰ স্বাৰ্থত অস্ত্ৰ তুলি লোৱা ‘সৈনিক শিল্পী’ ৰাভাক ভুলতো স্মৰণ কৰিব নিবিচাৰে ৷
বোকা পানী, ৰ’দ বৰষুণ, জাৰ জহ, দিন-ৰাতিক একাকাৰৰ কৰি বিষ্ণু প্ৰসাদ ৰাভাই খাটি খোৱা মানুহক একত্ৰিত কৰিবলৈ অসমত ইমুৰৰ পৰা সিমুৰলৈ ভ্ৰমণ কৰিছিল ৷ নানা সভা সমিতি পাতি ঐক্যবদ্ধ সংগ্ৰামৰ বাবে ৰাভাই আহ্বান জনাইছিল উদাত্ত কণ্ঠে ৷ ৰাভাই বুজিছিল যে সমাজ গঢ়ে কৃষক আৰু শ্ৰমিকেহে ৷ “খেতিয়ক-বনুৱা শ্ৰেণীয়েহে সমাজ বা সমাজৰ ৰাজহাড় ৷’ শোষক পক্ষই সদায় কামনা কৰে যে ৰাইজ (শোষিত শ্ৰেণী ) সদায়েই নিশকতীয়া হৈ থাকক ৷ গতিকে সচেতনভাৱে কৃষক শ্ৰমিকক সংগঠিত কৰি বিপ্লৱ কৰিব নোৱাৰিলে শ্ৰমজীৱী লোকৰ কল্যাণ সাধন বা সাংস্কৃতিক বিকাশ সম্ভৱ নহয় ৷ এইখিনিতে ১৯৫৩ চনৰ ১৯ নভেম্বৰত শ্ৰী তিলক দাসলৈ লিখা এখন চিঠিৰ কিছু অংশ পাঠকৰ জ্ঞাতাৰ্থে লিপিবদ্ধ কৰিলোঁ –
“মৰমৰ তিলক,
………মোৰ জীৱনৰ বিষয়ে তুমি কিছু element আৰু material বিচাৰিছিলা ৷ এইবাৰৰ Tourৰ , এই আছিল প্ৰধান কাৰণ ৷ কিন্তু এইবাৰো বিশেষ একো নহ’ল ৷ তুমি যদি ইমান হেঁপাহেই কৰিছা তেন্তে তোমাক মোৰ জীৱনৰ এটা চমু টোকা দিম ৷…
মোৰ জীৱনৰ বিষয়ে লিখিবলৈ হ’লে তুমি Andrew Muroise “Ariel for (Shellyৰ জীৱনী ) অথবা Irning Stone লিখা “Lust for life”- (Vinent Gogh নামে এজন Dutch Artistৰ জীৱনী পঢ়িবা ৷…সেই ঠাঁচত লিখিলে কিতাপৰ মূল্য বাঢ়িব ৷ ….মোৰ বিষয়ে জনতাৰ কি মত,–খেতিয়ক, বনুৱা, ছাত্ৰ, মধ্যবিত্ত শ্ৰেণীৰ কি অভিমত,–বুদ্ধিজীৱীসকলৰ কেনে ভাৱ সেই ফাললৈকো লক্ষ্য ৰাখিবা ৷.. মোৰ জীৱনৰ philosophy কি, –কি অৱস্থাত মই শিল্পী, গায়ক, নৃত্যশিল্পী, লেখক, কবি, সাহিত্যিক, ঐতিহাসিক, নাট্যকাৰ, চিত্ৰ পৰিচালক অভিনেতা, খেলুৱৈ আদি হ’লোঁ—সেইবিলাকো মন কৰিবলগীয়া ৷….মোৰ জীৱনৰ যিখিনি প্ৰকাশযোগ্য—তাৰো আভাস যাতে সমাজত ছাব নপৰাকৈ বিৰিঙে ৷ কিয়নো মই ৰাজনীতিত যোগ দিলোঁ সেইফালেও মন দিবা ৷…” এই চিঠিখনে স্পষ্টকৈ বুজায় যে ৰাভাৰ জীৱনৰ প্ৰতিটো ঘটনাতে নিহিত হৈ আছে তেওঁৰ সংগ্ৰামী জীৱনৰ ইতিহাস আৰু তেওঁৰ প্ৰতিটো সৃষ্টিৰ অন্তৰালত থকা উদ্দেশ্য ৷ উল্লেখনীয় যে তিলক দাসৰ বিষ্ণু ৰাভাক লৈ লিখা “বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি” গ্ৰন্থখনত বিষ্ণু ৰাভাই বিচৰামতেই তেওঁৰ সংগ্ৰামী জীৱনৰ লগতে ব্যক্তিগত জীৱনৰ বহুখিনি কথা প্ৰকাশ পাইছে ৷
বিষ্ণুপ্ৰসাদে বিশ্বাস কৰিছিল যে যিমান দিনলৈ ৰজা-জমিদাৰ, ধনী-পুঁজপতিৰ কৰতলত সমাজ ব্যৱস্থা থাকিব, শোষণকাৰী ৰাষ্ট্র থাকিব, সিমানদিনলৈ দুখীয়া –বনুৱাৰ দুখ-বেদনাৰ অন্ত নপৰিব, ৷সিমান দিনলৈ সুন্দৰ সংস্কৃতিও বিকশিত হৈ উঠিব নোৱাৰিব ৷ এই তত্বটো তেওঁ এনে ধৰণে বাখ্যা কৰিছে :
“.. যিবিলাক ধনী, জমিদাৰ, হাকিম, পুঁজিপতি, চাহ বাগিচাৰ মালিক তেওঁলোকে এই বাপতি সাহোনীয়া সম্পত্তি অসমৰ কৃষ্টি-সংস্কৃতি, উপহাস আৰু আমোদৰ উপকৰণ বুলি ইতিকিং কৰি নিষ্ঠুৰ আনন্দ লভে ৷ কিন্তু তেওঁলোক জানো অসমীয়া ? তেওঁলোক জানো ভাৰতৰ নাগৰিক ? তেওঁলোক অসমীয়া নহয়, ভাৰতৰ নাগৰিকো নহয় ৷ পৃথিৱীৰ আন আন দেশৰ সেই একেই শোষক সম্প্ৰদায়ৰ তেওঁলোক, যাৰ জাতি নাই, দেশ নাই, কেৱল সুবধাবাদী মুনাফাখোৰ, চোৰাং বাজাৰী ৷ তেওঁলোকৰ ৰচনা, তেওঁলোকৰ বক্তৃতা, তেওঁলোকৰ সৃষ্টি কেৱল ভুৱা আৰু ফাঁকি ৷ …… তেতিয়াহে প্ৰকৃত শিৱৰ উৎকৰ্ষ সাধন হ’ব, যেতিয়া এই অত্যাচাৰিত দলৰ প্ৰকৃত স্বৰূপ উদঘাটিত হ’ব, অৱনত দুৰৱস্থা উন্নীত হয় আৰু তেওঁলোক এই আহল বহল পৃথিৱীৰ বুকুত চিৰমুক্ত, চিৰস্বাধীন হৈ উমলি ফুৰিব পাৰিব ৷”
তেওঁ মৰ্মে মৰ্মে অনুভৱ কৰিছিল যে যে অসমীয়া কৃষ্টি-সংস্কৃতি- সভ্যতাক এই অনাদৃত, শোষিত নিষ্পেষিতসকলেহে জীয়াই ৰাখিছে; এই সকলেই পূৰ্ণসংস্কৃতিৰ বাহক ৷ এওঁলোকক মানুহৰ দৰে জীয়াই ৰাখিব লাগিব – আৰু যুগৰ চেতনাৰ- প্ৰেৰণাৰে এওঁলোকক সঞ্জীৱিত কৰি তুলিব লাগিব ৷ বিষ্ণু ৰাভা ধুবুৰী জেলত থাকোঁতে লিখা “হিয়াৰ পুং” নামৰ গল্পটোত (মূল বড়ো ভাষাত লিখা) তেওঁ এজন সাধাৰণ আখৰকেইটাও চিনি নোপোৱা বুঢ়া মানুহৰ মুখেৰে শেষৰফালে কোৱাইছে –
“ আজি মানুহে কান্দিব নোৱাৰে ৷ থকা, খোৱা,পিন্ধাৰ কাৰণে কান্দিলে চৰকাৰৰ পুলিচ-মিলিটাৰীহঁতে আহি কন্দা মানুহজনক ধৰি নিয়ে, কোবায়, ফাটেকত ভৰায় ৷ আজি মানুহে কান্দিব নোৱাৰে ৷ কিয় এনেকুৱা হয় ? আইন, আইনৰ কাৰণে ৷ এই আইন হৈছে ধনীক ৰক্ষা কৰা আৰু দখীয়াক মৰা আইন ৷ এনে আইনৰ পৰাই ধনতন্ত্ৰবাদী সমাজ ব্যৱস্থা চলি আছে৷ …….
ৰাইজসকল ! হতচিৰি হোৱা দুৰ্কপলীয়া হালোৱা-হজুৱা-বনুৱা ভাইসকল ! যেতিয়ালৈকে ধনীৰ আইনৰ পেৰা-যন্ত্ৰটো আপোনালোকে ভাঙি নেপেলায়, তেতিয়ালৈকে সুখ-শান্তি আৰু মুক্তি নহয় ৷ সেই পেৰা-যন্ত্ৰটো নাশ কৰিবৰ কাৰণেই বিপ্লৱ লাগে ৷……ইয়াৰ এই সত্যৰ গতি ধীৰ স্থিৰ আৰু গোপন ৷ এই সত্যয়ে সৰ্বহাৰাৰ, আপোনালোকৰ দৰে দুৰ্কপলীয়া হালোৱা- হজুৱা-বনুৱা শ্ৰেণীৰ লগ,- অন্তৰৰ লগৰীয়া ৷ …সেইদিন আহিছে, তেজে ৰঙা তেজাল দিন আহিছে, সোণকালে আহিব ধৰিছে ৷ সেইদিনা-সেইদিনা হ’ব আজিৰ হিচাপ-নিকাচ শোধ পৰিশোধ ৷”