বহু আস্থা আৰু বিশ্বাসেৰে দূৰ্নীতিমুক্ত অসম দেখাৰ আশাৰে কংগ্ৰেছৰ বিপক্ষে অসমৰ ৰাইজে বিজেপিক শাসনৰ ভাৰ তুলি দিছিল ৷ কিন্তু সেই আস্থা আৰু বিশ্বাসক কুঠাৰাঘাত কৰি ভাষা, সাহিত্য সংস্কৃতি, কলা, সকলোতে বিজেপি চৰকাৰখনে প্ৰত্যক্ষ তথা পৰোক্ষভাৱে হস্তক্ষেপ কৰি অসমীয়া জাতিটো নি:শেষ কৰাৰ দিশে আগবাঢ়িছে ৷ লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষাৰ প্ৰশ্ন কাকত উঠাই দি মোদী, অমিত শ্বাহক সন্তুষ্ট কৰিবলৈ, বহিৰাগত প্ৰাৰ্থীক অসমত চাকৰিৰ সুবিধা দি অসমীয়া যুৱকৰ উচ্চপদত চাকৰিৰ সুবিধাৰ বঞ্চিত কৰাৰ পৰিকল্পনা যুগুত কৰিলে ৷ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা অসমীয়া বাতৰি প্ৰচাৰ বন্ধ কৰিলে ৷ ৰাজপাটত বহিয়েই আত্মস্বাৰ্থ পুৰণৰ বাবে ক্ষমতাৰ খকত বলীয়া হৈ আপোন মাতৃকো বিক্ৰী কৰি দিবলৈ কুণ্ঠাবোধ নকাৰ যেন বোধ হৈছে ৷ ভণ্ড দেশপ্ৰমিকৰ (বিশ্বাসঘাটক) ৰাজনৈতিক পাশাখেলত অসমৰ জনসাধাৰণ আজি পণবন্দী ৷ তথাকথিত জাতীয়তাবাদী সকল নিমাত ৷ সদৌ অসম ছাত্ৰ সন্থা, অসম সাহিত্য সভা আদিৰ দৰে জাতীয় সংগঠনসমূহো নিমাতী কইনাৰ ৰূপ লৈ অসমীয়াৰ স্বাৰ্থ পিঠি দি অহাৰ অভিযোগ উঠিছে৷
আজি অসমীয়া ভাষা-সংস্কৃতি বিপদাপন্ন ৷ অসমীয়া সমাজ-স’স্কৃতিলৈ ভাবুকি আহি পৰিছে বুলি লিখা-মেলা হৈ আহিছে; ঘৰে ঘৰে আলোচিত হৈছে ৷ বংগ, বিহাৰ, ৰাজস্থানৰ সংস্কৃতিয়ে ভিৰ কৰিছে অসমত ৷ অসমৰ নিজা কৃষ্টি-সংস্কৃতি পৰম্পৰা উৎসৱ-পাৰ্বণ আদিতকৈ বাহিৰৰ উৎসৱ-পাৰ্বণ আদিয়ে অসমত বেচিকৈ প্ৰধান্য লাভ কৰিবলৈ ধৰিছে বা কৰাবলৈ ধৰিছে ৷ কোনো ক্ষমতাশালী ৰাজনৈতিক নেতাই নামঘৰত গুৰুআসনৰ সমুখত গুৰুআসনক পিচ দি হনুমান চালিচা পাঠ কৰা ঘটনা অসমীয়া জাতিৰ বাবে এক অশনি সংকেত বুলি আলোচিত হ’বলৈ ধৰিছে ৷ অসমত প্ৰধান্য পোৱা বল ব’ম, ভেলেণ্টাইন ডে, ৰ’জ দে আদি কোনো কাৰণতে অসমীয়া সংস্কৃতি অথবা পৰম্পৰা হ’ব নোৱাৰে ৷ আধুনিকতাৰ কবলত পৰি অসমীয়া জাতিৰ বাপতি সাহোন বিহুটিও আজি প্ৰবল প্ৰত্যাহ্বানৰ সমুখীন হৈছে ৷ বিহুক ৰাজনীতিকৰণ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে ৷ অতীত পৰম্পৰা বা ঐতিহ্য ধ্বজাবাহী এক সাৰ্বজনীন সম্প্ৰীতিৰ উৎসৱ বা অসমীয়াৰ আয়ুস ৰেখা যেন নহয় এনে ধাৰণাই মনত শংকা আনি দিছে ৷
বিভিন্ন ধৰ্ম সম্প্ৰদায়ৰ মাজৰ সাতামপুৰুষীয়া সম্প্ৰীতিৰ এনাজৰীডাল ধৰ্মীয় মেৰুকৰণৰে হিন্দুত্ববাদৰ বীজানু সিঁচি দি ভোট আদায় কৰাৰ স্বাৰ্থত চিঙি দিবলৈ চেষ্টা কৰা দেখা গৈছে ৷ আগৰ চৰকাৰৰ তুলনাত বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিচত ধৰ্মীয় অসহিঞ্চুতা যেন বেচিহে জোৰদাৰ কৰি তোলা হৈছে ৷ সদায় ঠাট্টা বিদ্ৰুপ, মিঞা আদি ইতিকিংসুচক শব্দ ব্যৱহাৰেৰে সেই বিশেষ সংখ্যালঘুখিনিক বাৰে বাৰে আক্ৰমণ কৰি তেওঁলোককো অসহিঞ্চু হ’বলৈ বাধ্য কৰা হৈছে ৷ কোনো কলেজৰ তথাকথিত শিক্ষিত অধ্যাপিকাই আব্দুল মালিকক বাংলাদেশী সজাই নিজৰ বৈদ্ধিক দৈন্যতাকে দেখুৱাইছে ৷ অতি জাতীয়তাবাদ আৰু ধৰ্মীয় সাম্প্ৰদায়িক সংকীৰ্ণতায়ো সংকুচিত কৰিছে সাতামপুৰুষীয়া ভাতৃত্ববোধক ৷ এই ব্যাধিৰ সমাধান কেনেকৈ কৰা যাব , সেই চিন্তাৰ সময় আহি পৰিছে ৷ ভূপেন হাজৰিকাই ক’বৰ দৰে – “আজিৰ অসমীয়াই নিজক নিচিনিলে অসমতে ৰসাতলে যাব ৷”
আমি ভবিষ্যত প্ৰজন্ম বা বংশধৰসকলৰ বাবে অসমীয়া ভাষা-সাহিত্য, কৃষ্টি-সংস্কৃতি, সমাজ অথবা সুজলা-শ্যামলা এখন পৰিপূৰ্ণ অসম বিচাৰোঁ তেন্তে ঐক্যব্ধভাৱে প্ৰচেষ্টা হাতত ল’ব লাগিব ৷ অসমীয়া ভাষা-সাহিত্য, সংস্কৃতিলৈ অহা সকলো প্ৰত্যাহ্বান, সি ৰাজনৈতিকেই হওক বা বহিৰাগত অনা-অসমীয়াৰ আক্ৰমণেই হওক প্ৰতিহত কৰি আমাৰ ভাষা-সংস্কৃতি ৰক্ষা কৰিবলৈ অসমীয়াই নিজকে উচ্ছৰ্গা কৰি অসম আৰু অসমীয়াৰ ভবিষ্যত সুৰক্ষা কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হ’ব লাগিব ৷
অতি সম্প্ৰতি দেখা গৈছে – বহু অন্ধভক্তৰ মোহভঙ্গ হৈছে আৰু সামাজিক মাধ্যমকে ধৰি ব্যক্তিগত আলোচনা -বিলোচনাত তেওঁলোকৰ ক্ষোভৰ প্ৰকাশ ঘটিবলৈ ধৰিছে। ফাকি, মিছা কথাৰে সদায় শাসন নচলে । সাধাৰণ জনগণৰ দুখ-দুৰ্দশাক আওকাণ কৰি শাসন চলালে জনগণ জাগ্ৰত হ’বই। সৌ সিদিনা নৱ-নৰ্বাচিত ব্ৰিটিছ প্ৰধানমন্ত্ৰী লিজ ট্ৰাছৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰতিশ্ৰুতি ভঙ্গৰ বিৰুদ্ধে ব্ৰিটিছ জনগণৰ মাজত ক্ষোভৰ উদ্গীৰণ হোৱাত লিজ ট্ৰাছ প্ৰধানমন্ত্ৰীত্বৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হৈছে। মানুহ যি দেশৰেই নহওক, পেটৰ ভাত, সমস্যাত জৰ্জৰিত মানুহৰ মানসিকতা সদায় একে হ’বই । ব্ৰিটিছ জনগণ জাগি উঠিব পাৰিছে তেওঁলোকৰ সজাগতাৰ বাবে। আমাৰ জনগণ বিশেষকৈ অসমৰ জনসাধাৰণে এইবোৰৰ পৰা শিক্ষা লোৱা উচিত । কেইটামান টকা বা কেইকেজিমান চাউলৰ বিনিময়ত নিজৰ আত্মসন্মানবোধ বিসৰ্জন দিয়াটো উচিত নহয় যেন লাগে ৷ এইখিনিতে হিটলাৰৰ মূৰ্গীটোলৈ মনত পৰে ৷ হিটলাৰে এবাৰ এটা মূৰ্গী লৈ সংসদলৈ আহিল ৷ আৰু সকলোৰে আগত মূৰ্গীটোৰ এটা এটাকৈ পাখি চিঙিব ধৰলে ৷ মূৰ্গীটোৱে যন্ত্ৰণাত চিঞৰত গগণ ফালিব ধৰিলে ৷ হিটলাৰে নিষ্ঠুৰভাৱে যন্ত্ৰকাতৰ মূৰ্গীটোৰ এটা এটাকৈ সকলো পাখি চিঙি প্ৰায় টকলা কৰি পেলালে আৰু মৃতপ্ৰায় মূৰ্গীটো তলত এৰি দিলে ৷ খন্তেক পিছতে হিটলাৰে জেপৰ পৰা দানা কেইটামান উলিয়াই মূৰ্গীটোৰ ফালে ছটিয়াই দলে ৷ আৰু লাহে লাহে মূৰ্গীটোৱে দানা খাই হিটলাৰ ফালে আগুৱাব ধৰিলে ৷ সংসদৰ সকলোৰে সমুখত দানা খাই খাই হিটলাৰৰ ভৰিৰ পিছে পিছে দৌৰিব ধৰিলে ৷ শেষত হিটলাৰে নিজৰ ভৰিৰ ওপৰত কেইটামান দানা ছটিয়াই দিলে আৰু মূৰ্গীটোৱে সেইকেইটাও খাই হিটলাৰৰ ভৰিৰ চাৰিওফালে ঘূৰিব ধৰিলে ৷ হিটলাৰে অধ্যক্ষৰ ফালে চাই কল’লে যে ‘গণতান্ত্ৰিক দেশৰ জনতা এই মুৰ্গীটোৰ দৰে ৷ নেতাবোৰে প্ৰথমে জনতাৰ সকলোবোৰ লুটি লৈ জনতাক পঙ্গু কৰি পেলায় আৰু আৰু পাছত অলপ অলপ দানা দি জনতাৰ ভগৱান হৈ পৰে ৷
হিতাধিকাৰী সৃষ্টি তথা বিভিন্ন অনুৎপাদনশীল আঁচনিৰে অসমীয়া সমাজখনক অকৰ্মন্যত পৰিণত কৰিলে আৰু কৃষককো পথাৰৰ পৰা আঁতৰাই আনিলে আজিৰ তথাকথিত জনপ্ৰিয় চৰকাৰখনে ৷ বিনামূলীয়া চৰকাৰী চাউলকেইটা পাই অসমৰ হোজা চহা খেতিয়কজনে আজি পথাৰলৈ পিঠি দিছে ৷ পথাৰখন নাই মানেইতো কঙাল হোৱা ৷ মূল সুতিৰ কৃষকৰ পথাৰখনৰ গৰিষ্ঠ অংশই যেন চন পৰি থাকে ৷
বিজেপিয়ে তেওঁলোকৰ এক দেশ, এক ধৰ্ম, এক ভাষা নীতিৰ আধাৰত এক ভাষা, এক ভাৰত, শ্ৰেষ্ঠ ভাৰত শ্ল’গান দি সমগ্ৰ দেশতে হিন্দী ভাষা সম্প্ৰসাৰণৰ গোপন এজেণ্ডাৰে অসমতো অসমীয়া ভাষাক ধ্বংস কৰি তাৰ ঠাইত হিন্দী ভাষাক সবলভাৱে প্ৰতিষ্ঠা কৰাৰ লক্ষৰে
বিজেপি চৰকাৰখনে অসমীয়া ভাষা বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিবলৈ উঠিপৰি লাগিছে ৷ এক দেশ, এক ভাষাৰ পৰিকল্পনাত অস্তিত্বৰ শংকাত ভুগিছে অসমীয়া ৷ এজন অসমীয়া হিচাবে অসমৰ প্ৰতি বা অসমীয়া ভাষা- সাহিত্য, কৃষ্টি-সংস্কৃতি, সমাজ ৰক্ষাৰ ক্ষেত্ৰত আমাৰ দায়িত্ব সম্পৰ্কে সচেতন হোৱাৰ সময় ইতিমধ্যে পলম হৈছে ৷
নামনি জলবিদ্যুত প্ৰকল্প সম্পৰ্কত অসম চৰকাৰে সম্পূৰ্ণ তথ্যপাতিৰে কেন্দ্ৰক ভবিষ্যতৰ অভাৱনীয় সংকটৰ বিষয়ে পতিয়ন নিয়াবলৈ যত্ন কৰা নাই ৷ ৰাজ্য চৰকাৰখন প্ৰথমতে ৰাজ্যখনৰ জনসাধাৰণৰ ওপৰত দায়বদ্ধ ৷ ব্যক্তিগত আৰু দলীয় স্বাৰ্থৰ উৰ্দ্ধত থাকি ৰাজ্যখনৰ জনসাধাৰণৰ সম্ভাব্য সংকত মোচনৰ ব্যৱস্থা নকৰিলে তেওঁলোকে জনসাধাৰণক প্ৰতিনিধিত্ব কৰাৰ নৈতিক অধিকাৰ নাথাকে ৷ এতিয়া সমগ্ৰ দেশৰ ভাগ্য মোদী, অমিত শ্বাহ আৰু অসমত হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত নিৰ্ভৰ কৰিছে ৷
স্বাস্থ্যখণ্ডৰ প্ৰভুত উন্নয়ন হোৱা বুলি ফুলজাৰী মৰাৰ পিছতো তেজস্বিতা, আদিত্যৰ দৰে যুৱক-যুৱতী, প্ৰসুতি ৰোগী বিনা চিকিৎসা বা ভূল চিকিৎসাৰ বলি হৈ মৃত্যুবৰণ কৰিবলগীয়া হৈ আছে ৷ এতিয়া ৰাজনীতিৰ পৰা সাহিত্য-সাংবাদিকতালৈকে সবত্ৰ তৈল্যমৰ্দনৰ যুগ । সমাজে এই তোষামোদকাৰীবোৰক ঘৃণা আৰু বৰ্জন কৰিবলৈ নিশিকিলে পৰিবৰ্তনৰ কোনো আশা নাই । ইহঁতবোৰৰ বাবেই সকলো বৃত্তিতে ঘূণে ধৰিছে । একে সময়তে আঞ্চলিকতাবাদী বুলি দাবী কৰা অসম গণ পৰিষদৰ অস্তিত্ব অসমত প্ৰায় শেষ হ’ব | দলটো সম্পূৰ্ণ বিজেপিৰ বহতীয়াত পৰিণত হব | অসমৰ তৃণ মূল পৰ্যায়ত জাতীয়তাবাদী চিন্তাধাৰাৰ অগপৰ সমৰ্থক অলেখ ব্যক্তি আছে | কিন্তু দলটোৰ শীৰ্ষ পদত থকা এজনো ব্যক্তি আজি জাতীয়তাবাদী হৈ থকা নাই | এক কথাত বিজেপিৰ পিঞ্জৰাত আৱদ্ধ একোজন ৰাষ্ট্ৰীয়তা বাদী | সংবাদ মাধ্যমসমূহে ৰাইজৰ হৈ মাত নমতাৰ অভিযোগ উঠিছে ৷ ফলত শাসকে অসমীয়াবিৰোধী সিদ্ধান্ত ল’বলৈ উৎসাহ পাইছে বুলি আলোচিত হৈছে ৷
জ্যোতিপসাদ আগৰৱালাৰ বৈপ্লৱিক চেতনাৰ প্ৰকাশ লভিতা নাটকক লৈ গেৰুৱাকৰণৰ কৰাৰ অভিযোগ উঠিছে ৷ সুখৰ কথা সাধাৰণ ৰাইজৰ প্ৰৱল প্ৰতিবাদত আৱাহনৰ প্ৰযোজক লভিতা নাটকৰ মঞ্চায়ন বন্ধ কৰিবলৈ বাধ্য হ’ল ৷ এয়া সম্ভৱ হৈছে অসমীয়া মানুহৰ সংঘবদ্ধ প্ৰতিবাদৰ বাবে ৷ তাকেই কোৱা হৈছে অসমীয়া মানুহৰ খঙ উঠিব লাগিব, তেতয়াহে নিজৰ অস্তিত্ব বৰ্তি থাকিব ৷
কেইবা দশক জোৰা বানপানী আৰু নৈসমূহৰ কালান্তক গৰাখহনীয়া সমস্যাই অসমত দিনক দিনে জটিল ৰূপ ধাৰণ কৰিছে ৷ ৰাজ্যখনৰ অনেক দল-সংগঠনে ৰাজ্যৰসীমিত পূজিৰে এই সমস্যাৰ স্থায়ী সামাধানৰ সম্ভাৱনা নেদেখি বান-খহনীয়াক ৰাষ্ট্রীয় সমস্যা হিচাপে ঘোষণা কৰি সমস্যাৰ স্থায়ী সামাধানৰ বাবে দাবী জনাই আহিছে যদিও অসমবাসীক হতাশ কৰি কেন্দ্ৰীয় চৰকাৰে এয়া ৰাজ্যৰহে সমস্যা বুলি দায় সাৰিবলৈ চেষ্টা কৰি আহিছে ৷ ৰাজ্য চৰাকাৰে সমস্যাটোৰ গভীৰতাক উপলব্ধি নকৰি কেৱল আত্মপ্ৰচাৰ আৰু দলীয় অৱস্থান সূদৃঢ় কৰাৰ স্বাৰ্থতহে যেন কাম কৰা দেখা গৈছে ৷ ইয়াৰ মাজতে আকৌ নিৰ্বাচনী লক্ষৰে কেন্দ্ৰীয় গৃড়মন্ত্ৰী অমিতশ্বাহে গুৱাহাটীত অসমৰ বান সমস্যা পাঁচ বছৰৰ ভিতৰত অতীত হ’ব বুলি ঘোষণা কৰিছে ৷ নিৰ্বাচন আহিলেই বাৰে বাৰে এইদৰে মিছা প্ৰতিশ্ৰুতিৰে ৰাইজক আভুৱা ভৰি আহিছে ৷ শোৱনশিৰী নদীবান্ধৰ বিৰোধিতা কৰা, বাংলাদেশী খেদা, বাংলাদেশক এক ইঞ্চিও মাটি এৰি নিদিয়া অদি প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা চৰকাৰখনে শাসনৰ জৰী হাতত লৈয়েই ওলোটাখৰ মাৰিলে ৷
এই কথা এতিয়া গোপন হৈ থকা নাই যে বিজেপি চৰকাৰখনে সৰ্বদিশতে অসমৰ ৰাইজক প্ৰৱঞ্চনা কৰি আহিছে ৷ ১৬০০ কোটি টকা খৰচ কৰি হেজাৰ হেজাৰ চৰকাৰী কৰ্মচাৰীয়ে অশেষ কষ্ট কৰি, দিন-ৰাতি একাকাৰ কৰি প্ৰস্তুত কৰি উলিওৱা ‘এন আৰ চি’ৰ নামত অসমৰ ৰাইজে অনেক কষ্ট আৰু হাৰাশাস্তি খাব লগা হৈছিল ৷ এতিয়া বিজেপি চৰকাৰে সেই এন আৰ চিকে ধোঁৱাচাঙত তুলিলে ৷ ধৰ্মৰ ভিত্তিত অবৈধ হিন্দু বাংলাদেশী নাগৰিকক ‘ভাৰতীয়কৰণ’ কৰা বিজেপি দলৰ গোপন এজেণ্ডাত আউল লগাৰ বাবেই অত শ্ৰম আৰু অৰ্থ ব্যয়ৰ বিনিময়ত চুড়ান্ত ৰূপ পোৱা ‘এন আৰ চি’ক নস্যাৎ কৰি পেলোৱাটো অসমৰ ৰাইজৰ প্ৰতি চুড়ান্ত অপমান ৷
প্ৰতিবছৰে ১ লাখকৈ নিবনুৱাক সংস্থাপিত কৰা হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই কৰা ঘোষণা, ঘোষণা হৈয়ে থাকিল ৷ এই চৰম কৰ্মসংস্থাপনহীনতাৰ পৰিণতিত অসমৰ বিভিন্ন জিলাৰ পৰা শ শ যুৱক-যুৱতীয়ে পেটৰ তাড়নাত দেশৰ বিভিন্ন ৰাজ্যলৈ সংস্থাপন বিচাৰি ওলাই যোৱাৰ তথ্য ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগেই প্ৰতিবেদনত প্ৰকাশ কৰিছে ৷ আনকি শ শ যুৱকে সংস্থাপনহীনতাত ভুগি বিদ্ৰোহী সংগঠনত যোগদান কৰাৰ কথাও সংবাদ মাধ্যমত প্ৰকাশ পাই আছে ৷
কোটি কোটি টকা ৰাজহুৱা ধন খৰচ কৰি ধুমধামেৰে ‘এডভাণ্টেজ আছাম’ পাতি বিদেশী বিনিয়োগকাৰী অসমলৈ আহি উদ্যোগ স্থাপন কৰিব আৰু অসমৰ যুৱক-যুৱতীৰ সংস্থাপনৰ বাট মুকলি হ’ব বুলি অসমবাসীক অলীক সপোন দেখুওৱা চৰকাৰৰ সেই সকলো ঘোষণা অন্ত:সাৰশুন্য বুলি ইতিমধ্যে প্ৰমান হ’ল ৷ এটা উদ্যোগো স্থাপন নহ’ল ৰজ্যখনত ৷ বৰঞ্চ কাগজ কলৰ দৰে সম্ভাৱনাপূৰ্ণ দুটা উদ্যোগ নিশ্চিহ্ন কৰি দিয়া হ’ল ৷ ইমানৰ পিছতো অসম চৰকাৰে নিৰ্লজ্জভাৱে সফলতাৰ ঢোল বজাবলৈ এৰা নাই ৷
অসমীয়াৰ খঙ কেতিয়া উঠিব ? আজিও অসমীয়া সেই সহজ-সৰল, নিৰ্বোধ অসমীয়া হৈয়েই আছে ৷ আজি মানুহে কান্দিব নোৱাৰে ৷ থকা, খোৱা,পিন্ধাৰ কাৰণে কান্দিলে চৰকাৰৰ পুলিচ-মিলিটাৰীহঁতে আহি কন্দা মানুহজনক ধৰি নিয়ে, কোবায়, ফাটেকত ভৰায় ৷ কিয় এনেকুৱা হয় ? আইন, আইনৰ কাৰণে ৷ আইনৰ ওপৰত অসমীয়াই কিমান বিশ্বাস কৰিব পাৰিছে ? শেষত নগেন শইকীয়াৰে কথাৰে -“মানুহৰ মনত তিনিটা কাৰণত বিদ্ৰোহৰ মনোভাৱ গঢ় লৈ উঠে ৷ এটা হ’ল কোনোবাই জীয়াই থকাৰ অধিকাৰ খৰ্ব কৰিব খুজিলে, দ্বিতীয়তে মানুহৰ ভাষিক আৰু সাংস্কৃতিক অধিকাৰ নষ্ট কৰিব খুজিলে আৰু তৃতীয়তে অৰ্থনৈতিকভাৱে ক্ষতিগ্ৰস্ত কৰিব খুজিলে ৷ পৃথিৱীৰ দেশে দেশে এনেকুৱা একোটা অৱস্থাতে বিদ্ৰোহে মূৰ দাঙি উঠে ৷ যুৱ শক্তিয়ে অস্ত্ৰ সংগ্ৰহ কৰি দলবদ্ধ হৈ গোপনে যুদ্ধ কৰিবলৈ নিজকে প্ৰস্তুত কৰে, মানুহৰ তেজেৰে দেশ ৰাঙলী হয় ৷ সদায় চকুৰ আগত ঘটি থকা এনে ঘটনাবোৰ দেখিও আমি মানুহৰ মনৰ সন্দেহ আৰু অসন্তুষ্টি ঘটাব পৰা কামৰ পৰা বিৰত নহওঁ কিয় ? ইয়াৰ অৰ্থ এইটো নেকি যে শাসকসকলে তেনে এটা অৱস্থা বিচাৰে যাতে বিদ্ৰোহীসকলক সশস্ত্ৰভাৱে দমন কৰাই নহয়., নিপাত কৰিব পাৰিব ৷ ক্ষমতাত অধিষ্টিত হৈ মদমত্তভাৱে মানুহক দমন কৰিব খুজিলে এসময়ত এই বিদ্ৰোহৰ জুই দপদপকৈ জ্বলি উঠে ৷ অসমৰ দৰে সৰু সৰু ৰাজ্য এখনত কেন্দ্ৰীয় চৰকাৰৰ মনোভাৱ দেখি ভাব হৈছে অসম আৰু অসমৰ মানুহ নি:শেষ হৈ গ’লেও তেওঁবিলাকক হিন্দুৰ সংখ্যাগৰিষ্ঠতা লাগিবই ৷ ৰাজ্য চৰকাৰে অসমৰ থলুৱা জনসাধাৰণৰ মনোভাৱ তথ্য আৰু যুক্তিসহকাৰে কেন্দ্ৰীয় চৰকাৰৰ পতিয়ন যাব পৰাকৈ দাঙি ধৰক ৷ তেতিয়াহে তেওঁবিলাকে ৰাজ্যৰ জনসাধাৰণৰ সঠিকভাৱে প্ৰতিনিধিত্ব কৰা হ’ব ৷ নহ’লে ‘মৰুভুমি এইদৰে আহে, লাহে লাহে, মাহে মাহে, বছৰে বছৰে’ এই অৱস্থাৰ সৃষ্টি হ’ব ৷”
