• About Us
  • Contact
  • Disclaimer
No Result
View All Result
THE OPINION
Tuesday, July 1, 2025
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
THE OPINION
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

কংগনাৰ “ইমাৰজেঞ্চি” চলচিত্ৰৰ বাবে বিহাৰ-পশ্চিমবংগ সদৃশ পৰিৱেশ অসমৰ বোকাখাতত

পল্লৱ হাজৰিকা by পল্লৱ হাজৰিকা
November 25, 2022
in বিশেষ লেখা
Share on FacebookShare on Whatsapp

পল্লৱ হাজৰিকা,বোকাখাত

ভাৰতৰ বহু বিতৰ্কিত জৰুৰীকালীন অৱস্থা। ১৯৭৫ ৰ পৰ ৭৭ ৰলৈ একৈশ মাহ জুৰি সেইসময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে দেশজুৰি বলবৎ কৰিছিল সেই জৰুৰীকালীন অৱস্থা।চৰকাৰীভাৱে, তদানীন্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদে  ভাৰতীয় সংবিধানৰ ৩৫২(১) নং অনুচ্ছেদৰ অধীনত ‘’অভ্যন্তৰীণ সমস্যা (Internal disturbance)”-ৰ পৰিপ্ৰেক্ষিতত জৰুৰী অৱস্থা ঘোষণা কৰিছিল। এই অৱস্থা বলবৎ আছিল ১৯৭৫ চনৰ ২৫ জুনৰ পৰা ১৯৭৭ চনৰ ২১ মাৰ্চলৈকে।

সেই অস্থিৰ আৰু বহু বিতৰ্কিত জৰুৰীকালীন অৱস্থাৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হাতলৈ আহি পৰিছিল নিৰ্বাচন স্থগিত কৰা, নাগৰিকৰ অধিকাৰ খৰ্ব কৰাকে ধৰি অন্যান্য প্ৰচুৰ ক্ষমতা । সেই সময়ছোৱাত ইন্দিৰা গান্ধীৰ প্ৰায়ভাগ ৰাজনৈতিক প্ৰতিদন্দ্বীয়েই খাটিব লগীয়া হৈছিল কাৰাবাস আৰু জনসংযোগ মাধ্যমসমূহৰ বাক-স্বাধীনতাও হৈ পৰিছিল সীমাবদ্ধ।

ভাৰতৰ স্বাধীনতা লাভৰ পিছত জৰুৰীকালীন অৱস্থাৰ সেই সময়ছোৱাই ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ আটাইতকৈ বিতৰ্কিত সময়। ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ আটাইতকৈ বিতৰ্কিত সেই সময়ছোৱাৰ ওপৰতেই বলিউদ কুইন কংগনা ৰানাৱতৰ পৰিচালনাত নিৰ্মান হ’বলৈ গৈ আছে হিন্দী ছবি “ইমাৰজেঞ্চি”। এই “ইমাৰজেঞ্চি”লৈ এতিয়া অকল সাধাৰণ চলচ্চিত্ৰ প্ৰেমীয়েই নহয় ৰাজনৈতিক ভাৱে সচেতন লোকো ৰৈ আছে পৰম উৎসুকতাৰে। সকলোৰে উৎসুকতা কংগনা ৰানাৱতে কি দেখুৱাব “ইমাৰজেঞ্চি”ত ? কেনেদৰে কৰা হৈছে বিশ্লেষণ ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ আটাইতকৈ বিতৰ্কিত সেই সময়ছোৱাৰ? ইতিমধ্যে চিনেমাখনৰ দৃশ্যগ্ৰহনৰ কাম পূৰ্ণোদ্যমে চলি আছে। অসমৰ কেইবাঠাইতো চলি থকা ছবিখনৰ দৃশ্যগ্ৰহনক লৈ সম্প্ৰতি অসমৰ সংবাদ মাধ্যমো যঠেষ্ট ব্যস্ত। দৃশ্যগ্ৰহনৰ exclusive visualৰ বাবে স্থানীয় সংবাদদাতাক বাৰুকৈয়ে ব্যস্ত কৰাইছে বৈদ্যুতিণ সংবাদ প্ৰতিষ্ঠান সমুহে।

উল্লেখযোগ্য যে কিছুদিন ধৰি ছবিখনৰ দৃশ্যগ্ৰহন হৈ আছে বোকাখাতত। এখন হিন্দী ছবিৰ দৃশ্যগ্ৰহন বোকাখাতৰ দৰে এখন ঠাইত হৈ থকাত স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰিছে বোকাখাতবাসী। দৃশ্যগ্ৰহনস্থলীত এখন হিন্দী ছবিৰ দৃশ্যগ্ৰহন প্ৰত্যক্ষ কৰাৰ প্ৰবল ইচ্ছাৰ উপৰিও বলিউদ কুইন কংগনা ৰানাৱতক ওচৰৰ পৰা চোৱাৰ প্ৰবল হেঁপাহ দেখা পোৱা গৈছে একাংশ বোকাখাতবাসীৰ মাজত। ইতিমধ্যে বোকাখাতৰ ঐতিহাসিক নিকৰিত আৰু বালিজানত চিনেমাখনৰ দৃশ্যগ্ৰহন সম্পন্ন কৰিছে কংগনা ৰানাৱতে। কিন্তু চিনেমাখনত নিকৰিৰ বা বালিজানৰ জনজীৱনক উপস্থাপন কৰা হোৱা নাই বৰঞ্চ নিকৰিত কৃত্ৰিমভাৱে স্থাপন কৰা হ’ল বিহাৰৰ এখন গাঁৱৰ দৃশ্যপট আনহাতে বালিজান তিনিআলিক গঢ়ি তোলা হ’ল পশ্চিমবংগৰ এটা অঞ্চল হিছাপে। এইলৈ এতিয়া স্বাভাৱিকতেই চৰ্চা হ’ব। কাৰণ বিহাৰৰ এখন গাঁও বা পশ্চিমবংগৰ এটা অঞ্চল অসমত কিয়?

প্ৰায়েই বিজেপিৰ অনানুষ্ঠানিক মুখপাত্ৰৰ ভূমিকাত অৱতীৰ্ণ হোৱা বলীউড অভিনেত্ৰী কংগনা ৰানাৱতে “ইমাৰজেঞ্চি”ৰ কেতবোৰ দৃশ্যৰ দৃশ্যগ্ৰহনৰ বাবে অসমক কিয় বাছি ল’লে বা বিহাৰৰ এখন গাঁৱৰ বা পশ্চিমবংগৰ এটা অঞ্চলৰ দৃশ্য চেলুলয়ডত তুলি ধৰিবলৈ উক্ত ৰাজ্য দুখনলৈ নগ’ল কিয়? নে অসমৰ মনোৰম প্ৰাকৃতিক সৌন্দৰ্যৰ ভুয়ষী প্ৰশংসাৰে সাধাৰণ চলচ্চিত্ৰ প্ৰেমীক আবেগীক কৰি অতি চতুৰতাৰে বিজেপি শাসিত এখন ৰাজ্য অসমক বাচি ল’লে কংগনা ৰানাৱতে ? কাৰণ কেতবোৰ ৰাজনৈতিক কাৰণত বিজেপীৰ অঘোষিত মুখপাত্ৰ কংগনা ৰানাৱতৰ বিহাৰলৈ যাবলৈ শংসয়। ইফালে চলিত বৰ্ষৰ ৯ আগষ্টত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে মিত্ৰ বিজেপিৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰি মহাগথবন্ধনক আকোৱালি লোৱাৰ পিছত, ভাৰতৰ ৰাজনৈতিক মহলত এতিয়া বিহাৰ আৰু ইয়াৰ জটিল ৰাজনীতিৰ মেট্ৰিক্সৰ ওপৰত চৰ্চা আৰম্ভ হৈছে। উল্লেখযোগ্য যে যোৱা আঠ বছৰত দ্বিতীয়বাৰৰ বাবে নীতিশ কুমাৰে বিজেপিৰ সংগ ত্যাগ কৰিলে আৰু লগে লগে নীতিশ কুমাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছিল তৃণমূল কংগ্ৰেছে। তেনে সময়তে ইন্দিৰা গান্ধীৰ জীৱন আৰু ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ আটাইতকৈ বিতৰ্কিত সেই সময়ছোৱাৰ চেলুলয়ড সংস্কৰণ কাম কাজ বিহাৰত ? ইফালে “ইমাজেঞ্চি”ত ইন্দিৰা গান্ধীক কংগনাই কেনেদৰে তুলি ধৰিব সেই সন্দেহ বিৰোধীৰ আছেই গতিকে কংগনা ৰানাৱতে “ৰিস্ক”-লোৱাতকৈ বিজেপি শাসিত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাৰ ৰাজ আতিথ্যক হয়তো অধিক নিৰাপদ গন্য কৰিলে।

একেদৰেই বোকাখাত মিছিং জনগোষ্ঠীয় এলেকা বালিজানত পশ্চিমবংগৰ দৃশ্যপট? “আৰু নাই দৰকাৰ, বিজেপি চৰকাৰ”- শ্লগান আওৰাই থকা তৃণমূল নেত্ৰী মমতা বেনাৰ্জীয়ে কংগনা ৰানাৱতক বিশ্বাসত ল’বনে গতিকে হিমন্ত বিশ্ব শৰ্মাৰ দৰে ৰাজ আতিথ্য দিয়াৰ প্ৰশ্নই নাহে। ইফালে তৃণমূলৰ নেত্ৰীগৰাকীয়ে ইতিমধ্যেই ঘোষনা কৰিছে আমি “অখিলেশ যাদৱ, নীতিশ কুমাৰ, হেমন্ত সোৰেণ” সকলো একত্ৰিত হৈছো।

উল্লেখযোগ্য যে, পশ্চিমবংগৰ নিৰ্বাচনত বিজেপীৰ পৰাজয় আৰু তৃণমূল কংগ্ৰেছৰ বিজয়ৰ পাছতেই কংগনা ৰানাৱতে মমতা বেনাৰ্জীক ধাৰাবাহীক আক্ৰমণ কৰি থৈছে আনকি টুইটাৰৰ যোগেদি মমতা বেনাৰ্জীক কংগনাই আখ্যা দিছিল “MONSTER DIDI” (পিশাচিনী) যাৰ বাবে কংগনাৰ টুইটাৰ একাউণ্ট “Suspend” কৰা হৈছিল। গতিকে সেই সময়ত কংগনাই মমতা বেনাৰ্জীক কৰা অভব্য আচৰণৰ পোতক তোলাৰ সুযোগ চতুৰ কংগনাই মমতা বেনাৰ্জীক দিয়াৰ প্ৰশ্নই নাহে।

কাজেই এতিয়া বোকাখাতৰ বালিজান হৈ পৰিছে পশ্চিমবংগ। এনেয়েও বিজেপি শাসিত হিমন্ত বিশ্ব শৰ্মাৰ অসম বৰ্তমান হৈ পৰিছে “ইতিহাস বিকৃতকৰণ”ৰ উত্তম ক্ষেত্ৰ। সেই বাবেই হয়তো “ইমাৰজেঞ্চি” নিৰ্মানৰ খবৰ ৰাখোতা সকলে বিবেক অগ্নিহোত্ৰীৰ “কাশ্মীৰ ফাইলচ”ৰ মুক্তিৰ সময়ৰ “সন্দেহ” আৰু “বাদ-বিবাদ”কো মনত পেলোৱাৰ প্ৰাসংগিকতা থাকিব।

Tags: emergencyKangana Ranaut
Previous Post

গণ শিল্পী হেমাঙ্গ বিশ্বাসৰ মৃত্যু দিনত এক বিশেষ লেখা

Next Post

আজমলৰ বক্তব্যই বিজেপিৰ সাম্প্ৰদায়িক প্ৰচাৰক উৎসাহিত কৰিবঃ চিপিআই(এম)

Related Posts

শোষিতজনৰ কবি মোহনকৃষ্ণৰ মৃত্যু দিৱসৰ শ্ৰদ্ধাঞ্জলি : গুণীন চৌধুৰী
বিশেষ লেখা

শোষিতজনৰ কবি মোহনকৃষ্ণৰ মৃত্যু দিৱসৰ শ্ৰদ্ধাঞ্জলি : গুণীন চৌধুৰী

January 11, 2025
জৰুৰীকালীন অৱস্থা আৰু আৰ এছ এছ
বিশেষ লেখা

জৰুৰীকালীন অৱস্থা আৰু আৰ এছ এছ

August 11, 2024
বিষ্ণু ৰাভা দিৱসত সৈনিক শিল্পীজনলৈ শ্ৰদ্ধাঞ্জলি
বিশেষ লেখা

বিষ্ণু ৰাভা দিৱসত সৈনিক শিল্পীজনলৈ শ্ৰদ্ধাঞ্জলি

August 11, 2024
Next Post
আজমলৰ বক্তব্যই বিজেপিৰ সাম্প্ৰদায়িক প্ৰচাৰক উৎসাহিত কৰিবঃ চিপিআই(এম)

আজমলৰ বক্তব্যই বিজেপিৰ সাম্প্ৰদায়িক প্ৰচাৰক উৎসাহিত কৰিবঃ চিপিআই(এম)

Currently Playing

TRENDING

  • অসমীয়া জাতীয় জীৱনত শঙ্কৰদেৱৰ অৱদান

    0 shares
    Share 0 Tweet 0
  • প্ৰগতিবাদী কবি অমূল্য বৰুৱা

    0 shares
    Share 0 Tweet 0
  • হীৰেন গোহাঁই কোন?

    0 shares
    Share 0 Tweet 0
  • গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী

    0 shares
    Share 0 Tweet 0

THE OPINION is a digital media platform based in Guwahati, Assam. It aims to disseminate the opinions floating in various strata of the society. It believes that the viewers can come to a logical conclusion only when different opinions are allowed to flourish. Let THE OPINIONs bloom.

Categories

  • অভিমত (9)
  • অৰ্থনীতি (5)
  • অসম (84)
  • আন্তঃৰাষ্ট্ৰীয় (7)
  • ক্ৰীড়া (10)
  • জীৱনশৈলী (1)
  • দেশ (63)
  • বাণিজ্য (1)
  • বিজ্ঞান (2)
  • বিশেষ লেখা (10)
  • ভিডিঅ’ (2)
  • ভ্ৰমণ কাহিনী (3)
  • মনোৰঞ্জন (3)
  • ৰাজনীতি (24)
  • শিক্ষা (4)
  • সমাজ (47)
  • সংস্কৃতি (5)
  • সাহিত্য (5)
  • স্বাস্থ্য (4)

© 2022 THE OPINION - Designed by Kareng Technologies.

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

© 2022 THE OPINION - Designed by Kareng Technologies.