শিপাদাল বুকুৰ গভীৰত, এই শিপা প্ৰেমৰ, এই শিপা দেশৰ, এই শিপা মাটি আৰু মানুহৰ। এই উপলব্ধিৰে জপনাখন খুলি সেউজীয়াৰ মাজৰে দুখোজ দিয়াৰ পিছতে যিগৰাকী মানুহৰ লগত দেখা হব পাৰে, তেওয়েই নীলমণি ফুকন, আন্ধাৰৰ মাজতো জোনাকী পৰুৱাৰ দৰে পোহৰ বিলাই থকা কবি নীলমণি ফুকন।
কবিতা কি, এই প্রশ্নটোৰ সৈতে কবি কি অৰ্থাৎ কবিৰ দৰ্শন কি এই প্ৰশ্নটো জৰিত হৈ আছে। কবি আৰু কবিতা এক আৰু অভিন্ন, নিজৰ কবিতা সম্পৰ্কে কৈছিল, “এৰা, বহুত কথাই বুজাব নোৱাৰি, কেৱল অনুভৱ কৰিবহে পাৰি । কথাটো বহুতে নুবুজে৷ মোক বহুতে এজন দুর্বোধ্য কবি বুলি ভাবে।
‘কবিৰ জীৱন দুখৰ ‘….‘দুখৰ নহ’লেও সুখৰ নহয় ৷ লেমনতফৰ এটা উক্তি কবলৈ পহৰা নাছিল : What is the life of a poet without suffering. “… সেই ল’ৰাকালিতে ৰঙাগৰা চাহ বাগিছাৰ শ্ৰমিকৰ মুখত জীবন সম্পৰ্কীয় গান বোৰ শুনি পাহৰিব পৰা নাছিল সিহঁতৰ দুখ আৰু আনন্দ, যেন সন্ধান পালে আনন্দ আৰু বেদনাৰ, তেওঁলোকৰ প্ৰেম আৰু সৌন্দৰ্যৰ, কবিৰ উপলব্ধিত যি সৌন্দর্য বিয়পি আছিল সূর্যোদয়ৰ পৰা সুৰ্য্যন্তলৈ, আন্ধাৰৰপৰা জোনাকলৈ, জন্মৰ পৰা মৃত্যুলৈ- সেয়েহে কবিৰ কবিতা সমূহত তাৰ প্ৰতিফলন বাৰুকৈয়ে অনুভূত হৈছিল।
“অৰণ্যৰ গান’ নামৰ কবিৰ কবিতা সংকলনখনি মূলতঃ মাটিৰ মানুহৰ জীৱনৰ কাব্যিক প্ৰকাশ। কবিৰ ভাষাত, “প্ৰায়বোৰ কবিতাই মূলতে গান, গানেই কবিতা, কবিতাই গান। এতিয়াও গান হৈয়ে আছে, এতিয়াও সিহঁতৰ একোটা জীৱন্ত শৰীৰ আছে। প্ৰায়বোৰ গানৰ লগত আছে নাচ, দেহৰ বিভিন্ন ভঙ্গী, তাল, বাঁহী, মাদল, চাৰেণ্ডা হৰেক ৰকমৰ বাদ্যযন্ত্র। ভাব হয়,— এই কবিতাবোৰৰ কিছুমান সম্পূৰ্ণকৈ ৰসোপলব্ধি কৰিবলৈ হ’লে সিহঁতৰ সেই জীৱন্ত শৰীৰ ধাৰণ কৰিব লাগিব। নাচিব পাৰিব লাগিব, গাই গাই নাচি নাচি আনন্দত ক’ব নোৱাৰা হৈ পৰিব লাগিব। “
নীলমণি ফুকনৰ প্ৰায়বোৰ কবিতাতেই আছে মাটি আৰু মানুহৰ প্ৰতি দায়বদ্ধতা। চাহবাগান ৰ শ্ৰমিক, জনজাতীয় সকলৰ সহজ সৰল জীবন প্ৰণালীয়ে কবিক আকৰ্ষণ কৰিছিল। তেওঁলোকৰ মনোজগতৰ আবেগ আনুভূতিৰ জীৱন আৰু সৌন্দর্য চেতনাৰ অন্তৰঙ্গ পৰিচয় বহন কৰা তেওঁলোকৰ সৃষ্টিশীল গীত বোৰৰ মাজেৰে যি ব্যঞ্জনাধর্মী কল্পনা-ভাবনা-বেদনা আনন্দ উদ্ৰেক, সঞ্চাৰিত হৈ আহে , কবিক এই বিষয় নুৰে বৰকৈ আকৰ্ষিত কৰিছিল। সেয়েহে তেওঁ অৰণ্যৰ গানৰ পাতনিত কৈছে, চাঁওতাল প্ৰেমৰ কবিতাৰ সম্পৰ্কত আৰ্চাৰে বোধহয় সঠিক কথাকে কৈছে- Their poctry simple sensuous passionate- shared with that of কালিদাসৰ Amaru and Jayadeva, ”মিচিং কাৰ্বি মুণ্ডা পৰজা কবিতাবোৰৰ কোনোটোহঁত সৰ্বকালৰ প্ৰেমৰ কবিতাবোৰৰ সমগোত্রীয় বুলি কওঁ যদি বোধহয় অত্যুক্তি কৰা নহ’ব। এই কবিতাবোৰৰ মাজত ভাৰতীয় প্ৰেমৰ কবিতাৰ প্ৰাচীনতম সুঁতিটো তলসুতীয়া হৈ আজিও বৈ আছে।”
তেখেতে প্ৰায়েই কৈছিল, আজিকালি ৰাজনীতিত মূল্যবোধ নোহোৱা হল। তোমালোক দেশৰ নতুন প্ৰজন্ম। মূল্যবোধক তোমালোকে আগস্থান দিবই লাগিব। নিজৰ বিবেকক হেৰাই যাবলৈ নিদি যুক্তিৰে বিচাৰ কৰি চোৱা – দেশৰ বাবে কি জৰুৰী ?
যেতিয়া দহ ডিচেম্বৰ ২০১৯ ত কা গৃহীত হয়, ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে বাতৰি কাকতত প্ৰথম পৃষ্ঠাৰ শিৰোনাম দেখিবলৈ পোৱা গল, ‘শ্বহীদ হল অসমীয়া ভাষা’। এনে এক দুঃসহ বাতৰি পঢ়ি অশ্ৰুসিক্ত হৈ পৰিছিল জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকন, কান্দি কান্দি ৰাজ্যবাসীলৈ তেওঁ কাতৰ আহ্বান জনালে, তোমালোকে মাতৃ ভাষাটো নেৰিবা।
এই গৰাকী বৰেণ্য কবি,কাব্য ঋষি ‘অসম প্ৰাণ’ৰ মৃত্যুত আজি আমি মৰ্মাহত, এই সামান্য লেখাটোৰ জৰিয়তে তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।
