(আজি পুৱা সমাজ বিজ্ঞানী, প্ৰগতিশীল লেখক তথা অৱসৰপ্ৰাপ্ত ভাৰতীয় অসামৰিক বিষয়া ইন্দিবৰ দেউৰীৰ মৃত্যু হয়। সমাজ বিজ্ঞানীজনৰ মৃত্যুত আমিও তেখেতলৈ জনাইছো শ্ৰদ্ধাঞ্জলি। তেখেতৰ স্মৃতিত বিশিষ্ট লেখক পৰমানন্দ মজুমদাৰ এই লেখাটো আপোনালোকলৈ আগবঢ়াই দিছো।)
পৰমানন্দ মজুমদাৰ–
অসমৰ সমাজ-জীৱনৰ নিগূঢ় খবৰ ৰখা, জাতিটোৰ সামাজিক ইতিহাসৰ সম্যক জ্ঞানেৰে পৰিপূৰ্ণ এগৰাকী সমাজ বিজ্ঞানী ইন্দিবৰ দেউৰী যোৱা দুমাহ ধৰি মৃত্যুৰ সতে যুঁজি যুঁজি আজি পুৱা জীৱন সামৰিলে। তেওঁৰ লগত থকা দীৰ্ঘদিনৰ ঘৰুৱা সম্পৰ্ক সূত্রে এই খবৰে আমাক যথেষ্ট ব্যথিত কৰিছে। তেওঁৰ সতে কটোৱা সময়বোৰ বৰ প্ৰেৰণাদায়ক। তেওঁৰ কথাত নতুনৰ সম্ভেদ থাকে। যাৰ কাৰণে সময় পালেই তেওঁৰ ওচৰ পাওঁ। ডিব্ৰুগড়ৰ পৰা প্ৰসেনজিৎ চৌধুৰী আহিলেটো কথাই নাই, আড্ডা জমি উঠে। সেই মধুময় সময়ৰ ছবি চকুৰ আগত উদ্ভাসিত হৈ উঠিছে এই মুহূৰ্তত।
ইন্দিবৰ দেউৰীৰ পিতৃ আছিল স্বনামধন্য ভীমবৰ দেউৰী,মাতৃ কমলাৱতী ব্ৰহ্ম। তেওঁ আছিল স্বনামধন্য ৰূপনাথ ব্ৰহ্মৰ জীয়ৰী। ১৯৯৪ চনত ভীমবৰ দেউৰী শ্বিলঙত থকাৰ সময়তে ইন্দিবৰ দেউৰীৰ জন্ম হয়। শ্বিলং আৰু কোকৰাঝাৰত প্রাথমিক শিক্ষা লোৱাৰ পাছত তেওঁ শিৱসাগৰৰ বাম ৰাজবাৰী আৰু কোকৰাঝাৰত হাইস্কুলীয়া শিক্ষা লয়। ডিব্ৰুগড়ৰ কানৈ কলেজৰ পৰা ইংৰাজীত সন্মান সহ স্নাতক ডিগ্ৰী লোৱাৰ পাছত আই এ এছ পৰীক্ষাত উত্তীৰ্ণ হৈ ডাক বিভাগত বিষয়া হিচাপে যোগদান কৰি দেশ বিদেশত কৰ্মৰত হৈ গুৱাহাটীত ‘চিফ পোষ্টমাষ্টাৰ জেনেৰেল’ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পাছত দিল্লীৰ প্ৰধান ডাকবিভাগৰ পৰা এগৰাকী দায়িত্বশীল বিষয়া হিচাপে ২০০৫ চনত স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিছিল।
অসমীয়া সমাজখনত তেওঁৰ মেধা আৰু চিন্তাৰ প্ৰসাৰতা বৰ পৰিচিত নহয়। কিন্তু তেওঁৰ চিন্তা আৰু চৰ্চা জাতিটোৰ প্ৰেক্ষাপটত অতিকে গুৰুত্বপূৰ্ণ। আবেগৰ বিপৰীতে যুক্তিৰ বিচাৰ তথা ইতিহাসৰ নিৰ্মোহ পৰ্যবেক্ষণেৰে জাতিটোৰ সমস্যাসমূহৰ পটভূমি তেওঁ সদায় যুকিয়াই চাইছিল। বিশেষকৈ অসমৰ নৃগোষ্ঠীসমূহৰ বিষয়ে তেওঁৰ অধ্যয়ন অতি উচ্চ স্তৰৰ, বিশ্ববিদ্যালয়ৰ আনুষ্ঠানিক গৱেষণাই ঢুকি নোপোৱা বহুদিশত তেওঁ আলোকপাত কৰিছে। তেনে কিছু গধুৰ আলোচনাৰে সমৃদ্ধ তেওঁৰ প্ৰথমখন পুথি ‘জনগোষ্ঠীয় সমস্যা:অতীত বর্তমান আৰু ভৱিষ্যত।’ ২০০১ চনত ‘জাৰ্ণাল এম্প’ৰিয়ামে’ পুথিখন প্ৰকাশ কৰিছিল। পোন্ধৰ বছৰ পিছত, ২০১৫ চনত তাৰ এটা পৰিৱৰ্ধিত সংস্কৰণ উলিয়াইছে ‘বান্ধৱে’। এতিয়ালৈকে অসমীয়া ভাষাত জনগোষ্ঠীসমূহৰ সমস্যা লৈ প্ৰকাশিত এইখনেই উৎকৃষ্ট আৰু প্ৰামাণ্য পুথি বুলিব পাৰি। তাত তেওঁ ‘মূলসুঁতি’ৰ বাগধাৰাত অৱনত জনগোষ্ঠীসমূৰ পৰিপ্ৰেক্ষিতক প্ৰধানত: উপেক্ষা কৰাৰ কথা দোহাৰিছে। আনহাতে তেওঁ আশংকা কৰিছিল যে ভাৰত ৰাষ্ট্ৰ তথা অসমৰ ৰাজ্য চৰকাৰে বহু- জনগোষ্ঠীয় আৰু অতিকৈ মিশ্ৰিত জনগাঁথনিৰ অসমত একপক্ষীয়ভাৱে জাতি-জনগোষ্ঠী ভিত্তিক বুজাবুজিৰ চুক্তিৰ মাধ্যমেৰে জাতি- জনগোষ্ঠীভিত্তিক প্ৰশাসনীয় ব্যৱস্থা গঠন কৰা নীতিৰে অসমৰ জনগোষ্ঠীয় সমস্যা অধিক জটিল কৰি তুলিব। তেওঁৰ ধাৰণা যে সঠিক আছিল তাক দোহৰাৰ প্ৰয়োজন নাই। তেওঁ সুক্ষ্মবিচাৰ বিশ্লেষণেৰে লিখিছে যে সীমিত সুযোগ সুবিধা থকা, বিভিন্ন অৱনত জনগোষ্ঠীৰে বৈচত্র্যময় মিশ্র জনগাঁথনিৰ, আৰু শিল্পায়ণ-ৰহিত অসমত জনগোষ্ঠীয় সমস্যা সমাধানৰ বাবে সকলো জনগোষ্ঠীৰ সম-মর্যাদা আৰু সম-বিকাশ নিশ্চিত কৰা প্ৰয়োজন।
পুথিখনৰ দ্বিতীয় সংস্কৰণত তেওঁ লিখিছে যে সমস্যাৰ জাতি-জনগোষ্ঠী ভিত্তিক সমাধান নীতিয়ে বিভিন্ন স্তৰৰ পৃথকতাবাদী প্ৰৱণতা বৃদ্ধি কৰিছে। একেদৰে জনগোষ্ঠীয় চেতনাৰো মুকলিভাৱে সমালোচনা কৰি তেওঁ লিখিছে যে স্বাধিকাৰৰ বাবে কৰা দীৰ্ঘ আন্দোলনসমূহৰ ধাৰাবাহিকতা সম্বন্ধে উত্তৰসূৰীসকলৰ কোনো ধাৰণা নথকাৰ দৰে। সেই ইতিহাস চর্চা তথা চেতনাৰ অভাৱত অসমৰ ভৈয়ামৰ জনগোষ্ঠীয় স্বাধিকাৰ আন্দোলনৰ উত্তৰসূৰীসকল হঠকাৰী আৰু সুবিধাবাদী গতিপথেই ধাবিত হয়। অনগ্ৰসৰ জনগোষ্ঠীসমূহৰ আত্মনিয়ন্ত্ৰণ প্ৰশ্নটোৰ বৈজ্ঞানিক বিশ্লেষণেৰে তেওঁ পুথিখনত বিশেষভাৱে বড়ো, দেউৰী, মিচিং, মৰাণসকলৰ চেতনা আৰু সংঘাতৰ প্ৰেক্ষাপটৰ এক নির্মোহ পৰ্যবেক্ষণ কৰিছে। আর্থসামাজিক পটভূমিৰ বিশদ ব্যাখ্যাই তেওঁৰ চিন্তাৰ মৌলিক দিশটো ইয়াত পৰিস্ফুট হৈ উঠিছে। তেওঁৰ স্থিতি স্পষ্ট: “অসমৰ মিশ্ৰিত জনগাঁথনি আৰু সৰ্বগ্ৰাসী সাধাৰণ অনগ্ৰসৰতাৰ বাস্তৱ পৰিস্থিতিত জনগোষ্ঠীসমূহৰ অনন্যতাৰ স্থিতি হ’ল সম্পূৰ্ণৰূপে অযুক্তিপূর্ণ স্থিতি। এই বাস্তৱ পৰিস্থিতিত জনগোষ্ঠীসমূহৰ মাজত পাৰস্পৰিক সহযোগিতাৰ যোগেদিহে সকলো জনগোষ্ঠীৰ সর্বাংগীন বিকাশ সম্ভৱ হ’ব। অনন্যতাৰ স্থিতিয়ে সংঘাতৰহে জন্ম দি থাকিব। সেয়ে সংখ্যাগুৰু অসমীয়া ভাষীসকলকে আৰম্ভ কৰি সকলো জনগোষ্ঠীয়েই আদিম অনন্যতাৰ ধাৰণা পৰিত্যাগ কৰি পাৰস্পৰিক সহযোগিতাৰ পৰিবেশ গঢ়ি তুলিলে সকলো অসমবাসীৰ, সকলো জনগোষ্ঠীৰ সর্বাংগীন বিকাশ হ’ব।”
কোৱা বাহুল্য যে বৰ্তমান জনগোষ্ঠীসমূহৰ মাজত অনন্যতাৰ ৰাজনীতি ক্ৰমে বিস্তাৰ লাভ কৰিছে।(উল্লেখযোগ্য যে জনজাতিসকলৰ স্বাধিকাৰৰ আন্দোলন তথা জনজাতিসকলক একেখন মঞ্চত সমবেত কৰি সমাধিকাৰ প্ৰশ্নটো তুলি ধৰাৰ উদ্দেশ্যে 1933 চনত ট্ৰাইবেল লীগ গঠন কৰিছিল ভীমবৰ দেউৰীয়ে।) ইন্দিবৰ দেউৰী এগৰাকী মননশীল লেখক। তেওঁৰ লেখাত সততে এটা যুক্তিবাদী আৰু বস্তুনিষ্ঠ দৃষ্টিভংগী অনুভূত হয়, যিয়ে বিষয়বস্তুৰ যথাযথ দিশ আমাৰ আগত তুলি ধৰে।আমি নিজে কেইবাখনো সংকলনত তেওঁৰ যুক্তিনিষ্ঠ লেখা সন্নিৱিষ্ট কৰিছোঁ।প্ৰসেনজিৎ চৌধুৰীৰ সতে আমি সম্পাদনা কৰা ‘জ্যোতিপ্ৰসাদ ”গান্ধী-চিন্তা’ আৰু ‘ধৰ্ম সমাজ আৰু সাম্প্ৰদায়িকতা’ সংকলনত থকা তেওঁৰ সুচিন্তিত প্ৰবন্ধ কেইটা হ’ল ক্ৰমে ‘জ্যোতিপ্ৰসাদৰ ‘চন্দ্ৰকুমাৰ আগৰৱালা’ত সমাজ ইতিহাসৰ সমল’;’হিন্দুৰ স্বৰাজ’ আৰু বিজ্ঞান বিৰোধিতা’ আৰু ‘ধৰ্ম নিৰপেক্ষতা আৰু ধৰ্মীয় সাম্প্ৰদায়িকতা।’ শিৱনাথ বৰ্মন,সন্ধ্যা দেৱী আৰু আমি সম্পাদনা কৰা ‘অসমীয়া নাৰী:ঐতিহ্য আৰু উত্তৰণ’ত ‘অসমীয়া জনজাতীতী নাৰী’ –এটা অতি তথ্যসমৃদ্ধ ৰচনা লিখাৰ উপৰি আমি সম্পাদনা কৰা দুন পুথি ‘বিজ্ঞান প্ৰযুক্তি আৰু সমাজ ‘ত ‘বিজ্ঞান প্ৰযুক্তি আৰু ধৰ্ম ‘ আৰু ‘ডাইনী, জ্যোতিষ আৰু অলৌকিক চিকিৎসা’ সংকলনত ‘ডাইনী: :অসমৰ জনগোষ্ঠী’ শীৰ্ষক ৰচনাৰে অসমীয়া সাহিত্যৰ চিন্তাৰ জগতখনক নতুন আলোকেৰে সমৃদ্ধ কৰিছে। অসম প্ৰকাশন পৰিষদে এই ৰচনাৰ লগতে আৰু কিছু ৰচনাৰে প্ৰকাশ কৰা তেওঁৰ দ্বিতীয়খন পুথি হ’ল: ‘যুক্তি আৰু জনসমাজ’ (2007)।
ইয়াৰ উপৰি প্ৰসেনজিৎ চৌধুৰীৰ সতে যুটীয়াভাৱে প্ৰণয়ন কৰা তেওঁ সংকলনটি হ’ল:’জ্যোতি-বিষ্ণু:সাংস্কৃতিক ৰূপান্তৰৰ ৰূপৰেখা(2018)।অসম পাবলিচিং কোম্পানীয়ে প্ৰকাশ কৰা এই সংকলনৰ সৰহখিনি ৰচনা প্রসেনজিৎ চৌধুৰীৰ। দেউৰীৰ জ্যোতিপ্ৰসাদক লৈ তিনিটা লেখা আছে। এটা ‘বোৱতি সুঁতি,জ্যোতিপ্ৰসাদ আৰু আৰ্য-অনার্য’ আৰু আন এটা ‘জ্যোতিপ্ৰসাদ,ইংৰাজী গীত,প্ৰতীক্ষাৰ সংগীত’। চন্দ্ৰকুমাৰ আগৰৱালাৰ বিষয়ে আমি পূৰ্বে উল্লেখ কৰা ৰচনাখনো ইয়াত সাঙুৰি থৈছে। বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে থকা একমাত্ৰ ৰচনাখন হ’ল:’বিষ্ণু ৰাভা আৰু জনজাতীয় উত্থান’।তদুপৰি পৰিশিষ্টত তেওঁৰ ভূপেন হাজৰিকা সম্পৰ্কীয় কেইবাখনো ৰচনাৰ উপৰি এখন হেমাংগ বিশ্বাস আৰু নীলেশ্বৰ ব্ৰহ্মৰ শিল্প প্ৰতিভাৰ তুলনামূলক বিচাৰৰ ৰচনা এখনো আছে। ভূপেন হাজৰিকাৰ বিষয়ে তাহানি আশীৰ দশকতে ‘সাম্প্রতিক সাময়কী’ত লেখা ৰচনাখন এখন দিকদর্শী ৰচনা। পুথিখন অসমৰ সাংস্কৃতিক ইতিহাসৰ চৰ্চাত এখন লেখতলবলগীয়া পুথি হিচাপে গণ্য কৰিব পাৰি৷
দেউৰীৰ আৰু দুটা কৃতিত্ব হ’ল দুখন অনবদ্য গ্রন্থ সম্পাদনা।দুয়োখনেই অসমৰ যুক্তিবাদী আন্দোলনলৈ বিশিষ্ট অৱদান বুলি ক’লেও বঢ়াই কোৱা নহয়।এখন হ’ল: ‘যুক্তি-বিকাশ’ (2008)। ইয়াত দহটা প্ৰবন্ধ সন্নিৱিষ্ট হৈছে। আচলতে এইখন ‘যুক্তি বিকাশ সমিতি’য়ে প্ৰকাশ কৰা বিভিন্ন জনে লিখা দহখন ক্ষুদ্র পুস্তিকাৰ সমষ্টি।আনখন প্রসেনজিৎ চৌধুৰীৰ সতে যুগ্ম সম্পাদনা ‘যুক্তিৰ পোহৰত সমাজ’ (2018)। এইখনত ওঠৰটা লেখা সন্নিৱিষ্ট হৈছে। এইখনো ক্ষুদ্ৰ পুস্তিকাৰে থুপ দুয়োখন পুথি দেউৰীৰ যুক্তিবাদী চেতনাৰ উজ্বল স্বাক্ষৰ।প্ৰথমখনৰ পাণ্ডিত্যপূৰ্ণ পাতনিৰ এঠাইত তেওঁ লিখিছে:”এইটো স্পষ্ট যে আমাৰ ভাৰতীয় চিন্তা-চেতনাৰ ঐতিহ্যতো যুক্তিবাদী উপাদান আছে আৰু আমাৰ যুক্তিবাদী প্ৰধান প্ৰেৰণা হ’ল পাশ্চাত্য যুক্তিবাদ আৰু মানৱতাবাদ।সাংস্কৃতিক জাতীয়তাবাদীসকলে আখ্যা দিবলৈ চেষ্টা কৰাৰ দৰে আমাৰ যুক্তিবাদ মাথোন আমদানিকৃত মতবাদ নহয়,প্রাচীন যুক্তিবাদী ঐতিহ্য থকা আধুনিকতাৰ ভাবধাৰাৰে সমৃদ্ধ মতবাদহে। এই সমৃদ্ধ যতবাদে আমাক ঐতিহ্যচ্যুত নকৰে,বৰং এই যতবাদে আমাৰ হেৰাই যাব ধৰা গৌৰৱময় যুক্তিবাদী ধাৰাক সমৃদ্ধিৰে অধিক প্ৰাসংগিক কৰি তুলিছে আৰু এই নৱ যুগত আমাক ঐতিহ্যৰ সেই ধাৰাৰ উত্তৰসূৰীহে কৰিছে।
গুৱাহাটীত তেওঁৰ সতে লগলাগি সদ্য প্রয়াত শিৱনাথ বৰ্মন,প্রসেনজিৎ চৌধুৰী,নিত্য বৰা আৰু আমি কেইজনমান উৎসাহী কনিষ্ঠই অমলেন্দু গুহ,অনিল ৰায়চৌধুৰী,নলিনীধৰ ভট্টাচাৰ্যৰ দৰে স্বনামধন্য ব্যক্তিৰ ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠান পাতিছো,অভিনন্দন গ্রন্থ উলিয়াইছোঁ।তেওঁৰ দিকদর্শী চিন্তাৰ দুটি প্রবন্ধ এই দুখন পুথিত লিখিছে।অমলেন্দু গুহৰ অভিনন্দন গ্রন্থ ‘ঐতিহ্য আৰু ইতিহাস’ত তেওঁ লিখিছে ৰূপনাথ ব্ৰহ্মৰ বিষয়ে বিস্তৃতভাৱে।অনিল ৰায়চৌধুৰী অভিনন্দন গ্ৰন্থ ‘সংগ্ৰাম আৰু সংবীক্ষা’ত তেওঁ মৰাণ জনগোষ্ঠীৰ জনজাগৰণৰ পটভূমি বিচাৰ কৰিছে। আমি এইগৰাকী অল্পভাষী প্রাণস্পর্শীলোকৰ প্ৰয়াণত আমি হেৰুৱালো এগৰাকী সকলোধৰণৰ ধৰ্মীয় কুসংস্কাৰ বিৰোধী,সাম্প্ৰদায়িক ধ্যানধাৰণাক দ্বিধাহীনভাৱে বিৰোধ কৰা আৰু সকলোধৰণৰ সামাজিক বৈষম্য বিৰোধী বুদ্ধিজীৱীক।অসমৰ জাতীয় জীৱনৰ বিষয়ে তেওঁৰ ব্যাখ্যা বিশ্লেষণৰ মূল্যায়ণেই হ’ব তেওঁৰ প্রতি প্রকৃত শ্রদ্ধার্ঘ্য।
