অসমত মুঠ জনজাতি জনসংখ্যা ২০০৯চনত আছাম ট্ৰিবিউন কাকতে দিয়া প্ৰতিবেদন অনুসৰি ১৬.৬৪ শতাংশ। যদিও তেওঁলোকে অসমৰ প্ৰাচীন জনগোষ্ঠী, তথাপিও অসমৰ জনজাতি সকলে বৰ্তমানো পচ্ছাদ পদ অৱস্থাতে আছে। তেওঁলোকৰ শিক্ষা, স্বাস্থ্য, চিকিৎসা, কৰ্মসংস্থান আৰু বাসগৃহৰ বাবে চৰকাৰৰ পক্ষৰ পৰা সঠিক ব্যৱস্থা লোৱা হোৱা নাই। কেন্দ্ৰ তথা ৰাজ্য চৰকাৰসমূহে বিগত দশক কেইটাত জনজাতিৰ বাবে আৱশ্যকীয় ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ হৈছে। নিৰ্বাচনৰ সময়ত শাসক দলসমূহে অন্যান্য অংশৰ শ্ৰমজীৱি লোকৰ লগতে জনজাতি লোকসকলক বহু প্ৰতিশ্ৰুতি দি আহিছে কিন্তু শাসনত অধিষ্ঠিত হোৱাৰ পিছত প্ৰতিশ্ৰুতি সমূহ পূৰণ কৰিবলৈ চেষ্টা কৰা দেখা নাযায়। এনেদৰে দশক দশক জুৰি জনজাতি কৃষক, কৰ্ম প্ৰাৰ্থী যুৱক-যুৱতী, আৰু নি:স্ব লোক সকলে বঞ্চিত হৈ আহিছে। বিপুল সংখ্যক জনজাতীয় খেতিয়ক সকলৰ হাতত খেতি কৰিবলৈ পৰ্যাপ্ত পৰিমানে মাটি নাই। পুঁজিবাদী, অৰ্ধ সামান্ত্যবাদী শোষণৰ বাবে ব্যাপক সংখ্যক জনজাতীয় কৃষক ভুমিহীন হৈ পৰিছে। এই সকলৰ বেছি ভাগ কৃষকেই ভূমিৰ সন্ধানত বিভিন্ন জিলাৰ অৰণ্যত বাস কৰি আহিছে। সেয়ে ভৈয়াম অঞ্চলৰ অৰণ্য ভূমি বহু বছৰ আগৰে পৰাই জনাঞ্চলত পৰিণত হৈছে। আনহাতে, পাহাৰীয়া জনজাতি সকলে অৰণ্যত বসবাস কৰি আহিছে। তেওঁলোকে ঝুমখেতি আৰু প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল হৈ জীৱন নিৰ্বাহ কৰে।
কেন্দ্ৰীয় চৰকাৰে জাতীয় সম্পদ ব্যক্তিগত কৰণ কৰা আৰু বৃহৎ বণিয়া সকলক বিক্ৰী কৰি আছে। এই প্ৰক্ৰিয়াত জনজাতি সকলে বাস কৰা বনাঞ্চল বা তাৰ আশে-পাশে থকা সহজ সৰল জনজাতি সকলে খেতি কৰা চৰকাৰী ভূমি ব্যক্তিগত বৃহৎ কৰ্প’ৰেটক গতাই দি আছে। কোকৰাঝাৰ জিলাৰ তিনি হাজাৰ আঠশ বিঘা চৰকাৰী ভূমি ৰামদেৱেক দিয়া হৈছে। অথচ তাৰে বড়ো জনজাতি সকলক দুহিতা মাটিও আবন্টন বা পট্টা দিয়া নাই। জনজাতি সকলৰ গণতান্ত্ৰিক সচেতন ৰাইজে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিল। আনহাতে, চৰকাৰে বাজেটত জনজাতি উন্নয়ন শীতানত অতি সীমিত ধন ধাৰ্য কৰি জনজাতি লোকৰ অৱস্থাক উপলুঙা কৰি আহিছে।গাইড লাইন অনুসৰি পুঁজিৰ আবন্টন জনসংখ্যা অনুপাতে বাজেটৰ কমেও ৮.৬শতাংশ হ’ব লাগে। সেই হিচাবে কোনো বাজেটত এই পৰিমাণৰ ধন বাজেটত ধাৰ্য কৰা নাই। কেন্দ্ৰীয় বাজেটত বিগত বৰ্ষত বি টি চি, কাৰ্বি-আংলং আৰু ডিমা হাছাওৰ বাবে ১০২কৌটি টকা ধাৰ্য কৰা হৈছিল যদিও সংশোধিত বাজেটত তাৰ পৰাও ৩৪কৌটি টকা কৰ্তন কৰা হয়। বনাঞ্চল আইন কাৰ্যকৰী কৰি জনজাতি আৰু পৰম্পৰাগতভাৱে বনাঞ্চলত বসবাস কৰা লোক সকলক ভূমি প্ৰদান কৰা আদি দাবী আজিও পূৰণ নহ’ল । ক’ভিড অতিমাৰীৰ ফলত অজস্ৰ শ্ৰমিকে কৰ্মসংস্থান হেৰুৱাইছে। কভিড কালীন সময়ত উপাৰ্জনহীন হৈ বিপৰ্য্যস্ত হৈ পৰা সময়ত জনজাতি পৰিয়ালে প্ৰতি মাহে ৭৫০০টকাকৈ দিয়াৰ ব্যৱস্থা কৰিবলৈ অসম জনজাতি অধিকাৰ মঞ্চৰ পক্ষৰ পৰা দাবী জনাইছিল।এম জি এন ৰেগাৰ কাম বছৰি২০০দিন পোৱাকৈ ব্যৱস্থা আৰু মঞ্জুৰী বৃদ্ধি কৰা আৱশ্যক। কিন্তু তাৰ পৰিবৰ্তে চৰকাৰে শ্ৰম সংহিতা আৰু প্ৰয়োগ বিধি প্ৰস্তুত কৰি মালিক সকলক সুবিধা কৰি দিছে। নতুন শ্ৰমসংহিতাৰে শ্ৰমিক শ্ৰেণীৰ কষ্টোপাৰ্যিত অধিকাৰ সমূহ নোহোৱা কৰিব। কৃষি প্ৰধান জনজাতি লোকসকলে কৃষিৰ পৰা উচ্ছেদ হৈ অসংগঠিত শ্ৰমিক, দৈনিক মজুৰ, ৰাস্তা পকীকৰা শ্ৰমিক আদি কামত যুক্ত হ’বলৈ বাধ্য হৈছে । আনহাতে তিনখন কৃষি আৰু কৃষক বিৰোধী কলা আইনৰ বিৰুদ্ধে পাঁচ শতাধিক কৃষক সংগঠনৰ সংযুক্ত কৃষক মৰ্চাৰ নেতৃত্বত দেশৰ লাখ লাখ কৃষকে১৩ মাহ জুৰি দীল্লীৰ সীমান্তত আন্দোলন কৰি কৰ্প’ৰেট স্বাৰ্থ বাঁহী আইন তিনি খন বাতিল কৰিবলৈ বাধ্য কৰিছে। এই আন্দোলনতো অসমৰ জনজাতি অধিকাৰ মঞ্চই এই আন্দোলনলৈ সমৰ্থন আগবঢ়ায় আৰু কেইবাখনো জিলাত প্ৰতিবাদী সভা অনুষ্ঠিত কৰে। সমস্যাটো জনজাতি ভিত্তিক নহ’লেও পৰিস্থিতিগত দিশত কৃষক-শ্ৰমিকৰ সমস্যা তেওঁলোকৰ নিজৰ সমস্যাৰ নিচিনাই হৈছে। জনজাতি সকলৰ অধিকাৰ ৰক্ষাৰ সংগ্ৰাম বৃহত্তৰ গণতান্ত্ৰিক আন্দোলনৰ সংগ্ৰামৰ লগত যুক্ত কৰিব লাগিব। ৰাজ্যখনৰ জনসংখ্যাৰ এক পঞ্চমাংশ লোক হ’ল জনজাতি আৰু আদিবাসী,এক তৃতীয়াংশতকৈ অধিক সংখ্যা লঘু মুছলিম জনসংখ্যা মিলি ৰাজ্য খনৰ অৰ্ধেক জনসংখ্যা যদি একেবাৰে পশ্চাদ পদ অৱস্থাতে থাকে, তেওঁলোকৰ উন্নয়নৰ বাবে যথোচিত পদক্ষেপ গ্ৰহণ কৰা নহয়, যি খিনি পৰিকল্পনা গ্ৰহণ কৰা হয় তাক দশক দশক জুৰি আন্তৰিকতাৰে কাৰ্যকৰী কৰাৰ পদক্ষেপ গ্ৰহণ কৰা নহয়, তেন্তে সেই খন ৰাজ্যৰ উন্নয়ন কেনেকৈ সম্ভৱ। আজি কৌশলী ৰাজনীতিৰ পাকচক্ৰত পৰি জনজাতি সকলে বহুধাবিভক্ত হৈ আছে। যিমিন দিন বিভাজিত হৈ থাকিব, সিমান দিন প্ৰতাৰিত আৰু বঞ্চিত হৈয়ে থাকিব লাগিব। জনজাতি সকলে নিজৰ অধিকাৰ আজুৰি আনিবলৈ হ’লে ঐক্যবদ্ধ হ’বই লাগিব। স্বাৰ্থ আদায় কৰিবলৈ ঐক্যবদ্ধ গণতান্ত্ৰিক সংগ্ৰামৰ পথ গ্ৰহণ কৰিব লাগিব। বিভাজিত হৈ থাকিলে প্ৰলোভনৰ ৰাজনীতিৰে আৰু বিভাজিত আৰু প্ৰতাৰিত কৰাৰ সুযোগ দিয়া হয় শাসক শ্ৰেণীক। জনজাতি নেতৃত্বই ক্ষমতা সৰ্বস্ব ৰাজনীতিৰ মোহত বন্দী হৈ এই কথা নিজেও অনুধাৱন কৰিব পৰা নাই, জনগোষ্ঠীটোকো অনুধাৱন কৰিবলৈ সুযোগ দিয়া নাই। বি টি এ ডি বা ডিমা হাছাও স্বয়ত শাসিত পৰিষদ গঠন হোৱাৰ আজি প্ৰায় দুই দশক হৈ গ’ল। কিন্তু সংশ্লিষ্ট অঞ্চলৰ সাধাৰণ বড়ো ৰাইজ বা কাৰ্বি ৰাইজৰ জীৱন -যাপনৰ মান, শিক্ষা, স্বাস্থ্য, কৰ্মসংস্থান আদিৰ বিশেষ উন্নতি হৈছেনে? নামনি অসমৰ অন্যান্য যুৱকৰ লগতে হেজাৰ হেজাৰ বড়ো যুৱক মজুৰি কৰিবলৈ কেৰেলা, কৰ্ণাটক, দিল্লী আদি বহিৰাজ্যলৈ গৈছে। ইয়াৰ পৰা নিশ্চয় অনুমান কৰিবলৈ অসুবিধা নহয়, উন্নয়ন কিমান হৈছে। সেয়ে অসমৰ উন্নয়নৰ সংগ্ৰাম জনজাতি সকলৰ উন্নয়নৰ সংগ্ৰামৰ লগত যুক্ত কৰিবলৈ জাতি, ধৰ্ম,বৰ্ণ নিৰ্বিশেষে সকলো অংশৰ সচেতন আৰু গণতান্ত্ৰিক ৰাইজে আন্তৰিকতাৰে আগভাগ ল’ব লাগিব ।
লেখক তাৰিফ ভূঞা, (১৭ অক্টোবৰ, ২০২২ তাৰিখৰ অসমীয়া খবৰত প্ৰকাশিত)
