• About Us
  • Contact
  • Disclaimer
No Result
View All Result
THE OPINION
Tuesday, July 1, 2025
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
THE OPINION
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

৬৮’ অলিম্পিকৰ অদৃশ্য হিৰ’জন

News Desk by News Desk
August 11, 2024
in ক্ৰীড়া
Share on FacebookShare on Whatsapp

১৯৬৮ চনৰ ১৬ অক্টোবৰ। পুৰুষৰ ২০০ মিটাৰ দৌৰ প্ৰতিযোগিতাৰ ফলাফল আহিছে। প্ৰথম স্থানত এফ্ৰ’-আমেৰিকান দৌৰবিদ টমী স্মিথ, দ্বিতীয় স্থানত অষ্ট্ৰেলিয়াৰ পিটাৰ নৰমান আৰু তৃতীয় স্থানত আন এগৰাকী আমেৰিকান কৃষ্ণাংগ জন কাৰ্ল’ছ।

মেডেল বিতৰণীৰ সময়ত যি হৈছিল সেয়া ইতিহাস। যি ইতিহাস আজি প্ৰায় ৬০ বছৰ পিছতো মানুহে মনত ৰাখিছে আৰু চাগৈ শ শ বছৰলৈ মনত থাকিব।
বঁটা বিতৰণীৰ ঠিক পিছতেই যেতিয়া মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় সংগীত মেক্সিকোৰ ‘ইউনিভাৰ্ছিটি অলিম্পিক ষ্টেডিয়াম’ত বহু হাজাৰ দৰ্শকক সাক্ষী কৰি বাজি উঠিছিল ( যিহেতু প্ৰথম পুৰস্কাৰপ্ৰাপ্ত এজন আমেৰিকান আছিল) তেতিয়াই সকলোকে আচৰিত কৰি সোণৰ পদক বিজেতা আৰু ব্ৰঞ্জৰ পদক বিজেতা দুয়োগৰাকী এফ্ৰ’-আমেৰিকান দৌৰবিদে নিজৰ এখন এখন হাত ওপৰলৈ এটি মুঠিৰ সৈতে উঠাই দিছিল। মুঠি মৰা হাতখনত তেওঁলোকে পিন্ধি আছিল এপাত এপাত ক’লা হাতমুজা। এয়া আছিল প্ৰতিবাদ । যি প্ৰতিবাদে সমগ্ৰ বিশ্ব তোলপাৰ লগাইছিল। আমেৰিকাত কৃষ্ণাংগ সকলৰ ওপৰত সেই সময়ত চলা অন্যায়- অবিচাৰ ভেদভাৱৰ বিৰুদ্ধে আছিল সেই প্ৰতিবাদ । জোতা নিপিন্ধি কেৱল ক’লা মোজা পিন্ধি মেডেল ল’বলৈ গৈ কাৰ্লছ আৰু টমী স্মিথে সমগ্ৰ পৃথিৱীক বুজাব বিচাৰিছিল আমেৰিকাত থকা কৃষ্ণাংগ সকলৰ দৰিদ্ৰতা- অভাৱৰ কথা।
ইতিহাসে তেওঁলোকক তেওঁলোকৰ প্ৰতিবাদৰ বাবে সুকীয়া ঠাই প্ৰদান কৰিলে । ১৯৬৮ চনৰ সেই অলিম্পিকৰ এই দুগৰাকী বিজেতাৰ সাহসিকতাৰ কথা সমগ্ৰ বিশ্বত ফাটি ফুটি গল। তেওঁলোক হৈ পৰিল প্ৰতিবাদৰ এক অনন্য প্ৰতীক।
তেওঁলোক দুজনৰ সেই প্ৰতিবাদৰ পিছতেই আমেৰিকান অলিম্পিক এছ’চিয়েচনে চিৰকালৰ বাবে নিষিদ্ধ ঘোষণা কৰিলে যদিও, মানৱ অধিকাৰৰ হকে মাত মতা সকলৰ বাবে টমী আৰু জন হৈ পৰিল আইকন।


পিছে, ৰূপৰ পদক লাভ কৰা অষ্ট্ৰেলিয়াৰ পিটাৰ নৰমানৰ কথা কেতিয়াবা ভাবি চাইছেনে? আচলতে এই ঐতিহাসিক মুহূৰ্তক ‘ইতিহাস’ কৰি তোলাত এক অন্যতম ভূমিকা পালন কৰিছিল অষ্ট্ৰেলিয়াৰ পিটাৰ নৰমানে। ২০০ মিটাৰ দৌৰ জিকাৰ পিছত মেডেল লবলৈ পদিয়াম যোৱাৰ আগতেই জন কাৰ্লছ আৰু টমী স্মিথে ঠিক কৰিছিল এই প্ৰতিবাদৰ কথা । পিছে কাৰ্ল’ছে নিজৰ ক’লা হাতমোজা যোৰ ভুলবশত: নিজৰ কোঠাত থৈ আহিছিল। পিটাৰ নৰমানৰ বুদ্ধি অনুসৰিয়েই তেওঁলোকে বাকী থকা টমী স্মিথৰ এপাত এপাত হাতমুজা দুয়োজনেই পিন্ধি লৈছিল। পিটাৰ নৰমানেও তেওঁলোকৰ প্ৰতিবাদত সহমৰ্মিতা প্ৰকাশ কৰিবলৈ ‘Olympic Project for Human Rights’ বেজ নিজৰ বুকুত গাঁঠি লৈছিল। খেল জগতত হোৱা বৰ্ণবাদ আৰু মুলতঃ আমেৰিকাত চলা কৃষ্ণাংগ সকলৰ প্ৰতি হোৱা ভেদভাৱৰ বিৰুদ্ধে গঠন হোৱা Olympic Project for Human Rights ৰ বে’জ এজন শ্বেতাঙ্গ খেলুৱৈয়ে নিজৰ বুকুত গাঁঠি লোৱা দেখি বহুতেই আশ্চৰ্য প্ৰকাশ কৰিছিল। নিজৰ আদৰ্শক আগত ৰাখি কৃষ্ণাংগ খেলুৱৈসকলৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শন কৰি আন দুগৰাকী বিজেতাৰ সৈতে পিটাৰ নৰমানেও সেই বেজ পৰিধান কৰি মেডেল লৈছিল। আৰু ইয়াৰ পিছত? ইয়াৰ পিছৰ খিনি ইতিহাস। যি আজি আপুনি মই সকলোৱে মনত ৰাখিছোঁ । পিছে সেই ইতিহাসে কাৰ্লছ আৰু স্মিথৰ নাম সোণৰ আখৰেৰে লিখি ৰাখিলে ঠিকেই, পিছে তৃতীয়জনক সকলোৱে পাহৰিলে।

১৯৬৮ চনৰ মেক্সিকো অলিম্পিকেই আছিল পিটাৰ নৰমানৰ জীৱনৰ শেষ অলিম্পিক। সেই সময়ত নৰমান আছিল পৃথিৱীৰে ভিতৰত পঞ্চমজন বেগী মানুহ। ১৯৭২ চনৰ মিউনিখ অলিম্পিকৰ ২০০ মিটাৰ আৰু ১০০ মিটাৰ দৌৰৰ বাবে ‘Qualify’ কৰাৰ পিছতো পিটাৰক অলিম্পিকত ভাগ ল’বলৈ দিয়া ন’হল। তেওঁৰ দোষ আছিল এটাই: নিজেই এজন শ্বেতাঙ্গ হৈ তেওঁ কৃষ্ণাংগ খেলুৱৈ সকলৰ প্ৰতিবাদত চামিল হৈছিল। ৬৮’ চনৰ অলিম্পিকত ৰূপৰ পদক লৈ অষ্ট্ৰেলিয়া উভতাৰ পিছত তেওঁক নিজৰ দেশতো সন্মান দিয়া হোৱা নাছিল। বৰঞ্চ, তেওঁক আৰু তেওঁৰ পৰিয়ালক এঘৰীয়া কৰি ৰখা হৈছিল। বহুবাৰ তেওঁৰ ঘৰত দুস্কৃতিকাৰীয়ে আক্ৰমণ কৰিছিল। জন কাৰ্ল’ছৰ কথাৰে : নৰমানে নিজৰেই দেশত অকলশৰীয়াভাবে যুঁজিবলগীয়া হৈছিল । পিটাৰ নৰমানক বহুবাৰ সুবিধা দিয়া হৈছিল পুনৰ অলিম্পিক আৰু দেশৰ খেলৰ জগতলৈ ঘূৰি আহিবলৈ। দিয়া হৈছিল আশ্বাস ভাল সা সুবিধা প্ৰদান কৰাৰ । মাথোঁ চৰ্ত আছিল এটাই, তেওঁ জন কাৰ্লছ আৰু টমী স্মিথৰ সেই অলিম্পিকত ‘কৃষ্ণাংগ শক্তি’ প্ৰদৰ্শনৰ সেই ঘটনাক ৰাজহুৱাভাবে গৰিহণা দিব লাগে। পিছে, নিজৰ আদৰ্শৰ সৈতে পিটাৰ নৰমানে কেতিয়াও আপোচ নকৰিলে । কেতিয়াও মান্তি নহল সেই চৰ্ত পূৰণ কৰাত। সেয়েহে, সকলোবোৰৰ পৰা অৱহেলিত হৈ তেওঁ কোনো এখন অখ্যাত জিমখানাত প্ৰশিক্ষক হিচাপে কাম কৰে থাকিল। সেয়াও অস্থায়ী পদত । বিষাদ আৰু হতাশাই পিছলৈ নৰমানক ‘এলকহ’লিক’ কৰি পেলালে। মদ-পেইনকিলাৰ তেওঁৰ হৈ পৰিল নিচা।


২০০০ চনত অষ্ট্ৰেলিয়াত হোৱা অলিম্পিকৰ থিক কেইমাহমান আগত পিটাৰ নৰমানৰ মৃত্যু হয়। মৃত্যুৰ সময়ত নৰমানৰ কফিনৰ কাষত আহি থিয় দিয়ে তেওঁৰ পুৰণি বন্ধু জন কাৰ্লছ আৰু টমী স্মিথ । শেষবাৰৰ বাবে বিদায় জনাই সেইজনাক যিয়ে নিজৰ আদৰ্শৰ বাবে সকলো হেৰুৱাবলগীয়া হ’ল। পিছে তেওঁৰ মৃত্যুৰ পিছতো সেই নিজৰ দেশত হোৱা অলিম্পিকত তেওঁক এবাৰো মনত পেলোৱা ন’হল। পিটাৰ নৰমানৰ জীৱনক লৈ নিৰ্মাণ কৰা ২০০৮ চনৰ ‘চেল্যুট’ নামৰ তথ্যচিত্ৰ খন মুক্তিৰ পিছতহে তেওঁৰ বিষয়ে বিশ্বই কিছু পৰিমানে গম পায়। ‘চেল্যুট’ মুক্তি হোৱাৰ পিছতেই বিশ্বৰ বিভিন্ন বাতৰি কাকতত নৰমানৰ বিষয়ে লিখা মেলা আৰম্ভ হয়। শেষত ২০১২ চনত হে অষ্ট্ৰেলিয়া চৰকাৰে তেওঁৰ সৈতে হোৱা অন্যায়ৰ বাবে ক্ষমাপ্ৰাৰ্থী বুলি স্বীকাৰ কৰিবলৈ বাধ্য হয়।


ইতিহাসে তেওঁক মনত ৰাখক, বা নাৰাখক, এটা কথা ঠিক- ১৯৬৮ চনৰ সেই আইকনিক মুহূৰ্তৰ অদৃশ্য হিৰোজন আছিল পিটাৰ নৰমান।

Previous Post

আদানীৰ ব্যৱসায়িক পাৰ্টনাৰ তদন্তৰ দায়িত্বত থকা ছেবীৰ অধ্যক্ষ মাধৱী বুচ : হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত বহু বিস্ফোৰক তথ্য

Next Post

বাংলাদেশঃ পদত্যাগ কৰাৰ ঘোষণা মহম্মদ ইউনুছৰ

Related Posts

IPL 2025 : নিলাম হ’ব ৪০৯ গৰাকী বিদেশী ক্ৰিকেটাৰৰ, কোন দলত কোনে পাব স্থান?
ক্ৰীড়া

IPL 2025 : নিলাম হ’ব ৪০৯ গৰাকী বিদেশী ক্ৰিকেটাৰৰ, কোন দলত কোনে পাব স্থান?

November 6, 2024
বিভিন্ন জনগোষ্ঠীৰ মাজত সংঘাতক বিজেপি চৰকাৰে উচটনি দিছে:চিপিআই(এম)
ক্ৰীড়া

বিভিন্ন জনগোষ্ঠীৰ মাজত সংঘাতক বিজেপি চৰকাৰে উচটনি দিছে:চিপিআই(এম)

August 27, 2024
নেডাৰলেণ্ডৰ হাতত পৰাস্ত হৈ টি-২০ বিশ্বকাপৰ পৰা বাহিৰ শক্তিশালী দক্ষিণ আফ্রিকা
ক্ৰীড়া

নেডাৰলেণ্ডৰ হাতত পৰাস্ত হৈ টি-২০ বিশ্বকাপৰ পৰা বাহিৰ শক্তিশালী দক্ষিণ আফ্রিকা

November 6, 2022
Next Post
বাংলাদেশঃ পদত্যাগ কৰাৰ ঘোষণা মহম্মদ ইউনুছৰ

বাংলাদেশঃ পদত্যাগ কৰাৰ ঘোষণা মহম্মদ ইউনুছৰ

Currently Playing

TRENDING

  • অসমীয়া জাতীয় জীৱনত শঙ্কৰদেৱৰ অৱদান

    0 shares
    Share 0 Tweet 0
  • প্ৰগতিবাদী কবি অমূল্য বৰুৱা

    0 shares
    Share 0 Tweet 0
  • হীৰেন গোহাঁই কোন?

    0 shares
    Share 0 Tweet 0
  • গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী

    0 shares
    Share 0 Tweet 0

THE OPINION is a digital media platform based in Guwahati, Assam. It aims to disseminate the opinions floating in various strata of the society. It believes that the viewers can come to a logical conclusion only when different opinions are allowed to flourish. Let THE OPINIONs bloom.

Categories

  • অভিমত (9)
  • অৰ্থনীতি (5)
  • অসম (84)
  • আন্তঃৰাষ্ট্ৰীয় (7)
  • ক্ৰীড়া (10)
  • জীৱনশৈলী (1)
  • দেশ (63)
  • বাণিজ্য (1)
  • বিজ্ঞান (2)
  • বিশেষ লেখা (10)
  • ভিডিঅ’ (2)
  • ভ্ৰমণ কাহিনী (3)
  • মনোৰঞ্জন (3)
  • ৰাজনীতি (24)
  • শিক্ষা (4)
  • সমাজ (47)
  • সংস্কৃতি (5)
  • সাহিত্য (5)
  • স্বাস্থ্য (4)

© 2022 THE OPINION - Designed by Kareng Technologies.

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

© 2022 THE OPINION - Designed by Kareng Technologies.