চলিত মাহৰ শেষত অনুষ্ঠিত হ’ব ২০২৫ চনৰ আই পি এলৰ মেগা নিলাম অনুষ্ঠান। দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া আৰু বাংলাদেশকে ধৰি অন্যান্য দেশৰ মুঠ ১৬ খন দেশৰ ক্ৰিকেটাৰে অংশ ল’ব এই নিলামী অনুষ্ঠানত। এই তালিকাত আাটাইতকৈ বেছি খেলুৱৈ আছে দক্ষিণ আফ্ৰিকাৰ।
অহা ২৪ আৰু ২৫ নৱেম্বৰত চৌদি আৰৱৰ জেদ্দাত অনুষ্ঠিত হ’ব টাটা আই পি এল ২০২৫ৰ মেগা নিলাম। এইবাৰ মুঠ ১৫৭৪গৰাকী ভাৰতীয় আৰু বিদেশী খেলুৱৈৰ মাজত নিলাম হ’ব। ইয়াৰে ১১৬৫ জন ভাৰতীয় খেলুৱৈ আৰু ৪০৯ জন বিদেশী খেলুৱৈ।
এই তালিকাত আছে ৩২০ গৰাকী কেপিং খেলুৱৈ অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় মেচ খেলা খেলুৱৈ। ইয়াৰে ১২২৪ জন খেলুৱৈয়ে আন্তঃৰাষ্ট্ৰীয় মেচ খেলা নাই।
এই অনুষ্ঠানত থাকিব হ’ব ৪৮ গৰাকী আন্তঃৰাষ্ট্ৰীয় ভাৰতীয় খেলুৱৈৰ। ২৭২ গৰাকী বিদেশী আন্তঃৰাষ্ট্ৰীয় খেলুৱৈয়েও এই নিলামত অংশগ্ৰহণ কৰিব।
ইয়াৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় মেচ নেখেলা ৯৬৫ গৰাকী ভাৰতীয় ক্ৰিকেটাৰ আৰু ১০৪ গৰাকী বিদেশী খেলুৱৈয়েও নিলামত অংশ ল’ব।
উল্লেখ্য যে দক্ষিণ আফ্ৰিকাৰ অধিকাংশ খেলুৱৈয়ে এই নিলামত অংশগ্ৰহণ কৰিছে। দক্ষিণ আফ্ৰিকাৰ ৯১ জন, ইংলেণ্ডৰ ৫২ জন, নিউজিলেণ্ডৰ ৩৯ জন, শ্ৰীলংকা আৰু আফগানিস্তানৰ ২৯ জন, বাংলাদেশৰ ১০ জন, আয়াৰলেণ্ডৰ ৯ জন, জিম্বাবুৱেৰ ৪ জন, কানাডা আৰু স্কটলেণ্ডৰ ২ জন আৰু ইউ এ ই আৰু ইটালীৰ ১ জনকৈ খেলুৱৈয়ে নিলামত অংশ ল’ব।
মন কৰিব যে প্ৰতিটো দলৰ স্বত্বাধিকাৰীয়ে সৰ্বাধিক ২৫ জন খেলুৱৈক দলত ৰাখিব পাৰে। সকলো দলতে খালী হৈছে ২০৪ জন খেলুৱৈৰ পদ। গতিকে এই নিলামত অংশ ল’বলগীয়া ১৫৭৪গৰাকী খেলুৱৈৰ মাজৰ পৰা মুঠ ২০৪ জন খেলুৱৈকে নিৰ্বাচিত কৰা হ’ব।