লেখক- লোকনাথ গোস্বামী
(বিশিষ্ট সমাজকৰ্মী তথা একেধাৰে শিল্পী, সাহিত্যিক, গীতিকাৰ, নিবন্ধকাৰ, চিন্তাবিদ লোকনাথ গোস্বামীয়ে ৰঙা চীন ফুৰি-চাকি,দেখি-শুনি লাভ কৰা ৰোমাঞ্চকৰ ভ্ৰমন কাহিনীৰ অভিজ্ঞতাৰ কথা আমি খণ্ড খণ্ডকৈ প্ৰকাশ কৰিম, আজিৰ এই লেখাটো তেখেতৰ তৃতীয় খণ্ড )
৬২’ৰ চীন ভাৰতৰ যুদ্ধৰ অৱসান ঘটিল৷ চীনা সৈন্যই একপক্ষীয়ভাৱে যুদ্ধ বিৰতি ঘোষণা কৰি য’ৰ পৰা আহিছিল, তালৈকে প্ৰত্যাবৰ্তন কৰিলে৷
২০ নৱেম্বৰৰ মাজনিশা চীনে ঘোষণা কৰিলে —
*Begining from 00.00 hours of November21,1962,the Chinese Frontier Guards will ceasefire along with entire Chino-Indian Border.
*Begining from decenber1,1962, the Chinese frontier guards will withdraw to position 20 kilometers behind the line of actual control which existed between China and India from november 7th,1959.
এই ঘোষণাই সমগ্ৰ বিশ্বজুৰি এক আলোড়ন সৃষ্টি কৰিছিল৷ এই ধৰণৰ একপক্ষীয় যুদ্ধবিৰতি ঘোষণা ইতিহাসতেই বিৰল৷ এই যুদ্ধত ভাৰতৰ শোচনীয় পৰাজয় ঘটিল৷ এনে শোচনীয় পৰাজয়ে দেশৰ লগতে দেশে-বিদেশে প্ৰধানমন্ত্ৰী নেহেৰুৰ ভাৱমূৰ্তি বৰ বেয়াকৈ ম্লান কৰিলে৷ যুদ্ধত বহু ভাৰতীয় সৈন্যৰ প্ৰাণ গ’ল, বহুজন জীৱনলৈ ঘূণীয়া হ’ল৷ চীনা সৈন্যৰ হাতত কেইবা গৰাকীও উচ্চপদস্থ ভাৰতীয় সেনা বিষয়া বন্দী হ’ল৷ দেশজুৰি এক শোকাকুল পৰিৱেশে বিৰাজ কৰিলে৷ কিন্তু তেতিয়াও ভাৰতীয় সেনা বাহিনীক আৰম্ভণিৰ পৰা অন্তিম মুহূৰ্ত্তলৈ মৰণ-পণেৰে ভাগে ভাগে সবল নে্তৃত্ব দি মুৰকত চীনা সৈন্যৰ হাতত বন্দি হ’ব লগীয়া হোৱা কেইবাগৰাকীও উচ্চপদস্থ সেনা বিষয়াই ছয়-সাত মাহ পৰ্যন্ত বিজয়ী চীনত বন্দিত্বৰ কাল কটাব লগীয়া হৈছিল৷ মুক্তিৰ পিছত সেইসকল সেনা বিষয়া দেশলৈ ঘূৰি আহি কেতবোৰ বিস্ফোৰক মন্তব্য আগ বঢ়াইছিলহি৷ সেই সকল উচ্চপদস্থ আৰু অভিজ্ঞ সেনা বিষয়াৰ মতে আমাৰ দেশ ভাৰতবৰ্ষই চুবুৰীয়া ৰা্ষ্ট্ৰখনৰ বিৰুদ্ধে এনেধৰণৰ যুদ্ধঘোষণা কৰাটো এক আত্মঘাতী পদক্ষেপ আছিল৷ তাৰ বাবে নেহেৰুৰ বৈদেশিক নীতিৰ লগতে দেশৰ প্ৰতিৰক্ষা বিভাগক সেই সকল সেনা বিষয়াই ঘাইকৈ জগৰীয়া কৰিছিল৷ অভিজ্ঞ সেনা বিষয়া সকলৰ মতে চীনা সৈন্যৰ হাতত যিমান ভাৰতীয় সৈন্যই প্ৰাণ আহুতি দিব লগীয়া হৈছিল, তাতকৈ সীমান্তৰ সেই দুৰ্গম, তুষাৰাবৃত পৰ্বতৰ টিঙত চূড়ান্ত শীতৰ চাপত আওপুৰণি অস্ত্ৰ-সস্ত্ৰেৰে যুঁজ দিবলৈ গৈ বেচি সৈন্যই আওমৰণে মৰিব লগীয়া হৈছিল৷ (এই সন্দৰ্ভত বিতং আলোচনা পৰৱৰ্তী অধ্যায়ত কৰা হ’ব)
এহাতে পৰাজয়ৰ গ্লানি, আনহাতে বুজন সংখ্যক ভাৰতীয় সৈন্যৰ অনাহূত মৃত্যুৱে ভাৰতীয় সৈন্যৰ মনোবল ভাঙিব পাৰে বুলি দেশবাসীৰ মনত চিন্তাৰ উদ্ৰেক ঘটিছিল৷ সেয়ে ভাৰতীয় সেনাৰ মনোবল যাতে কোনো কাৰণতে ভাঙিব নোৱাৰে,তাৰ বাবে ভাৰত চৰকাৰে কেতবোৰ বিশেষ আঁচনি বা পদক্ষেপ গ্ৰহণ কৰিছিল৷ সৈন্য বাহিনীৰ লগতে দেশবাসীৰ মনলৈ উৎসাহ-উদ্দীপনা ঘূৰাই আনিবৰ বাবে দেশখনৰ কিছু নিৰ্বাচিত ঠাইত আগশাৰীৰ জনপ্ৰিয় শিল্পী-কলাকুশলী সকলক লৈ সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰাৰ দিহা কৰিছিলে৷ তেনে এক অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল সীমান্তৰ সমীপৱৰ্তী ঠাই হিচাবে চিহ্নিত তেজপুৰৰ দাতি-কাষৰীয়া অঞ্চল বেছেৰীয়াত,য’ত যুদ্ধৰ আগে আগে বিশাল সেনা ছাউনী প্ৰতিষ্ঠা কৰা হৈছিল৷কিন্তু যুদ্ধৰ পিছত আমি বেছেৰীয়া হাইস্কুললৈ যাওঁতে নিচেই সমীপৰ সেই সেনা ছাউনীৰ অৱস্থা দেখি হতভম্ব হৈছিলো৷ বিয়া ভগাৰ পিছত ঘৰখনৰ যি পৰিৱেশ হয়, ঠিক তেনেকুৱা এটা মৰামুজা পৰিৱেশ দেখিবলৈ পাইছিলো৷বেছেৰীয়াত তেতিয়া আয়োজিত অনুষ্ঠানটোলৈ মুম্বাইৰ পৰা বহু তাৰকা শিল্পী আহিছিল৷সেই সকলৰ ভিতৰত আছিল ৰাজকাপুৰ, মধুমতী, মুকেশ,আনোৱাৰ,মহেন্দ্ৰ কাপুৰ, ভি ভালচাৰা প্ৰমুখ্যে অনেক শিল্পী৷অনুষ্ঠানৰ মাজতে ৰাজকাপুৰে ভাংৰা নৃত্য পৰিৱেশন কৰিছিল, যাৰ সৈতে একৰ্ডিয়ান সংগত কৰিছিল তেজপুৰৰ বিশিষ্ট শিল্পী অজিত সিংহই৷
সেই সময়ত আৰু এটা ঘটনা আমি প্ৰত্যক্ষ কৰিছিলো আমি পঢ়ি থকা বেছেৰীয়া হাইস্কুলত৷ আমাৰ স্কুলৰ মুকলি ফিল্ডখনৰ শোভা বৰ্দ্ধন কৰা বৰগছ জোপাৰ তলত এখন মিটিং হৈছিল৷তেজপুৰ টাউনৰ পৰা কেইগৰাকীমান বিশিষ্টলোক স্কুললৈ আহিছিল৷ তেজপুৰ টাউনৰ পৰা অহা সেই মানুহখিনিৰ মাজত এজন ওখ-পাখ,বগা বেচ ধূনীয়া মানুহ আছিল৷ সেইজন আছিল মঞ্চকোৱঁৰ চন্দ্ৰধৰ গোস্বামী৷তেখেতসকল আহিছিল সৈন্য বাহিনীৰ বাবে পুঁজি সংগ্ৰহৰ কাৰণে৷ চন্দ্ৰধৰ গোস্বামীয়ে চীন-ভাৰতৰ যুদ্ধৰ সম্পৰ্কত এটা বৰ আৱেগিক ভাষণ দিছিল আৰু দেশৰ বাবে নিজৰ জীৱন বলিদান দিয়া সেনা সকলৰ সাহায্যাৰ্থে মুক্ত হস্তে দান-বৰঙণি আগবঢ়াবলৈ স্কুলৰ আটাইকে আহ্বান জনাইছিল৷ তেতিয়া আমি দেখিছিলো হাইস্কুলৰ প্ৰধান শিক্ষক মহোৰাম বৰাৰ অষ্টম শ্ৰেণিত পঢ়ি থকা জীয়েকজনীয়ে আগবাঢ়ি গৈ হাতৰ আঙুলিৰ সোণৰ আঙুঠিটো খুলি তেখেত সকলৰ হাতত তুলি দিছিল৷ আমি মাথো অবাক হৈ চাই ৰৈছিলো৷সেই সময়তে মানুহে কোৱা শুনিছিলো মহিলা সমিতি বিলাকে লগে-ভাগে উলৰ চুৱেটাৰ গুঠি জাৰৰ দিনত সৈন্যবাহিনীলৈ পঠিয়াইছিল৷বিভন্ন ঠাইত মানুহে হাতৰ-কাণৰ আ-অলংকাৰ খুলি দিছিল৷
যুদ্ধোত্তৰ ভাৰতত তোলপাৰ লগোৱা লতা মংগেশকাৰৰ কণ্ঠৰ ’এ মেৰে ৱতন কে লোগো ’ গীতটোও ঠিক এনে এটা পটভূমিতে সৃষ্টি হৈছিল৷ভাৰতীয় সেনাৰ সাহস আৰু মনোবল বৃদ্ধিৰ উদ্দেশ্যৰেই ৰচিত হৈছিল এই ঐতিহাসিক গীতটি৷গীতটি ৰচনা কৰিছিল কবি প্ৰদীপ খ্যাত প্ৰদীপকুমাৰ ত্ৰিবেদীয়ে আৰু গীতটিত সুৰ দিছিল চি ৰামচন্দ্ৰই৷লতাজীয়ে গীতটি ১৯৬৩ চনৰ ২৭ জানুৱাৰী তাৰিখে নতুন দিল্লীত গণৰাজ্য দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত প্ৰথম পৰিৱেশন কৰিছিল৷লতাজীৰ কণ্ঠত গীতটি শুনি প্ৰধানমন্ত্ৰী পণ্ডিত নেহেৰুৰ দুচকুৰে আপোনা-আপুনি লোতক বৈ আহিছিল৷আবেগপ্ৰৱণ নেহেৰুৱে লতাজীক কৈয়ে পেলালে- ’ বেটী, তুনে মুজে ৰুলা দিয়া’৷ তেতিয়াৰ পৰাই এই গীতটি দেশপ্ৰেমৰ এক জীয়া প্ৰতীক হৈ আছে আজিও৷ এই গীতটি শুনিলে সঁচাকৈ্যে ভাৰতীয় মানুহ মাত্ৰেই দেহ-মন দেশপ্ৰেমৰ নিৰ্মল অনুভৱেৰে উঠলি উঠে৷
সেই একেই যুদ্ধোত্তৰ পটভূমিতে ভূপেন হাজৰিকা গৈছিল সীমান্তলৈ৷কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাত যুদ্ধবিধস্ত সীমান্ত অঞ্চল পৰিভ্ৰমণ কৰিবলৈ যোৱা ভাৰতীয় দলটোৰ এগৰাকী প্ৰতিনিধি আছিল ভূপেন হাজৰিকা৷সীমান্তত ভৰি দি কেউফালে চাই যুদ্ধই সৃষ্টি কৰা বিভীষিকাময়, কৰুণ পৰিণতি, মৃত সৈনিকৰ কংকাল, হাড়-মূৰ, পৰিত্যক্ত পোচাক-পৰিচ্ছদ দেখি আবেগ-বিহ্বল হৈ পৰিছিল শিল্পীগৰাকী৷সীমান্তৰ পৰা ঘূৰি আহি সেই বেদনা-সিক্ত অভিজ্ঞতাৰ কাহিনী আমাৰ প্ৰতিনিধিত সবিস্তাৰে লেখাৰ লগতে একাধিক
গীত ৰচনা কৰি এইচ এম ভি ত ৰেকৰ্ড কৰিলে ৷ভূপেন হাজৰিকাৰ সেই গীতে বিশেষভাৱে অসমীয়া মানুহৰ মন-মগজুত ভালেই মচিব নোৱাৰা চাপ বহুৱালে৷চুবুৰীয়া ৰাষ্ট্ৰখনক গীতৰ মাজেৰেই উৰাই-ঘূৰাই গালি-শপনি পাৰিলে তেওঁ৷ পিছলৈ অৱশ্যে শিল্পীগৰাকীয়ে নিজৰ স্থিতি সলনি কৰিবলৈ বাধ্য হৈছিল৷(আগলৈ)
