প্ৰথম খণ্ড-
লেখক- লোকনাথ গোস্বামী
(বিশিষ্ট সমাজকৰ্মী তথা একেধাৰে শিল্পী, সাহিত্যিক, গীতিকাৰ, নিবন্ধকাৰ, চিন্তাবিদ লোকনাথ গোস্বামীয়ে ৰঙা চীন ফুৰি-চাকি,দেখি-শুনি লাভ কৰা ৰোমাঞ্চকৰ ভ্ৰমন কাহিনীৰ অভিজ্ঞতাৰ কথা আমি খণ্ড খণ্ডকৈ প্ৰকাশ কৰিম, আজিৰ এই লেখাটো তেখেতৰ প্ৰথম খণ্ড )
পৃথিৱীখনত ইমান বিলাক বিচিত্ৰ দেশ থকা স্বত্ত্বেও কেৱল এখন মাথোঁ দেশৰ প্ৰতি ইমান ধাউতি আমাৰ মনত কেনেকৈ জাগিছিল, সেই কথা ভাবি নিজেই কেতিয়াবা বিস্ময়াভিভূত হওঁ৷ এতিয়াও মনত পৰে, এবাৰ কোনো এখন দৈনিক কাকতৰ এগৰাকী সাংবাদিকে আমাৰ এক সাক্ষ্যাৎকাৰ গ্ৰহণ কৰিছিল৷ প্ৰসংগক্ৰমে তেওঁ আমাক হঠাতে প্ৰশ্ন এটা কৰিলে- আপোনাক যদি এই মুহূৰ্ত্তত পৃথিৱীৰ যি কোনো এখন দেশলৈ যাবলৈ সুযোগ দিয়া হয়, আপুনি কোনখন দেশলৈ যাবলৈ মন কৰিব? ’আমি এক মুহূৰ্ত্তও পলম নকৰি পোনচাটেই ক’লো ’চীন দেশলৈ’৷ সাংবাদিক গৰাকীয়ে তেতিয়া আকৌ প্ৰশ্ন কৰিলে–’পৃথিৱীখনত ইমান বিলাক ভাল ভাল, উন্নত দেশ থাকোতে আপুনি নিৰ্দ্দিষ্টভাৱে চীন দেশৰ নাম কিয় ল’লে?’
আমি ক’লো– “প্ৰথম কথা, দেশখনে আমাৰ দেশতকৈ দুবছৰৰ পিছত স্বাধীনতা লাভ কৰিছিল৷ তৎস্বত্ত্বেও দেশখনে আমাৰ দেশতকৈ অতি কমেও দুশ বছৰ আগ বাঢ়ি যোৱা বুলি নিঃসন্দেহে কব পাৰি৷ সেয়ানো কেনেকৈ সম্ভৱ হ’ল, তাক জানিবৰ বাবে মন সদায় উদ্বাউল হৈ থাকে৷ তাৰোপৰি চীন এখন কমিউনিষ্ট দেশ, যাক কোৱা হয় peoples democratic Republic of China । কমিউনিষ্ট বুলিলে বা কমিউনিষ্ট দেশ বুলিলে আমাৰ সমাজৰ গৰিষ্ঠ সংখ্যক মানুহৰেই চকু কঁপালত উঠে। কিন্তু চীনৰ বাস্তৱ ছৱিখনে আমাৰ মনত তেনে এটা ধাৰণা জন্মিবলৈ দিয়া নাই এতিয়াও৷ দেশখনৰ অতিত যিমান গৌৰৱোজ্জ্বল, বৰ্তমানো সমানেই সমৃদ্ধিময়, গৌৰৱময়৷ চীনৰ বৃহৎ প্ৰাচীৰ দেশখনৰ প্ৰাচীন সভ্যতাৰ ক্ষেত্ৰত যিদৰে বিশ্বৰ ভিতৰতে এক অতুলমীয় নিদৰ্শন, একেদৰে বুলেট ট্ৰে’ইন আধুনিক সভ্যতাৰ অন্যতম আচৰ্য্য ৷ বিশ্বৰ ভিতৰতে বৃহৎ বাণিজ্যিক কেন্দ্ৰ ছাংহাই চহৰকে ধৰি কিমান যে চাব লগীয়া, জানিব লগীয়া আছে চুবুৰীয়া দেশখনত!আজি-কালি ৰাজ্যখনৰ অলেখ অভিভাৱকে তেওঁলোকৰ ল’ৰা-ছোৱালীক উচ্চশিক্ষা লাভৰ বাবে চীনলৈ পঠোৱাৰ কথা আমি নিতৌ দেখি আছোঁ৷ ব্যৱসায়, বাণিজ্যৰ বাবেও অনেক যুৱক-যুৱতী দেশখনলৈ ঢপলীয়াই গৈছে৷ আমাৰ দেশ ভাৰতবৰ্ষয়ো চুবুৰীয়া এই দেশখনৰ ওপৰত কিদৰে, কিমান পৰ্যায়লৈ নিৰ্ভৰশীল, সেয়া নকলেও হব নিশ্চয়৷এনে নানানটা কাৰণত সময় সুবিধা কৰিব পাৰিলে দেশখন ওচৰৰ পৰা চাই অহাৰ প্ৰবল হেঁপাহ এটা কাহানিবাৰ পৰাই মনত পুঁহি ৰাখিছোঁ৷ নাজানো সেই সপোন কেতিয়াকৈ পূৰণ হ’ব, বা হ’বনে নহয়!’’
আমাৰ সৈতে বিভিন্ন বিষয়ৰ কথা পাতি এটা সময়ত সাংবাদিক গৰাকীয়ে আমাৰ পৰা বিদায় ল’লে৷ দুদিনমানৰ পিছত দেখিলো দৈনিক কাকাতখনত আমাৰ সেই সাক্ষ্যাৎকাৰটো হুবহু প্ৰকাশ পাইছে৷ সাক্ষ্যাৎকাৰটো পঢ়ি বহুতে চীন দেশৰ প্ৰতি থকা আমাৰ তানটোৰ কথা বৰ কৌতুহলেৰে সুধিছিল৷
চুবুৰীয়া দেশ চীনৰ প্ৰতি আমাৰ আগ্ৰহ জন্মাৰ কথাটো ভাবিলে আজিও গাত অন্য এক শিহঁৰণ জাগে৷ সৰুতে আমাৰ তেজপুৰৰ সমীপৰ ওপজা গাঁওখনৰ পৰা খৰালি কালত মুকলি পথাৰলৈ ওলাই আহি উত্তৰদিশে চাই পঠিয়ালে লানি লানি ধবল ধবল পৰ্বত লানি জিলিকি থকা দেখিছিলো৷ তেতিয়া গাঁৱৰ মানুহে আমাক কোৱা মনত আছে, সেয়া হিমালয় পৰ্বত বুলি৷ পিছত জানিলো সেয়া ভাৰতৰ ভিতৰৰে হিমালয় পাদদেশৰ এক সুবৃহৎ অঞ্চল, যাক ’নেফা’(NEFA–North-East Frontier Agency)নামেৰে জনা গৈছিল আৰু বৰ্তমান সেয়াই অৰুণাচল প্ৰদেশ৷ সেই হিমালয় পৰ্বতলানিৰ আটাইতকৈ ওখ বৰাফাবৃত শৃঙ্গটোৱেই এভাৰেষ্ট শৃঙ্গ বুলি তেতিয়াই কোৱা শুনিছিলো৷ তেতিয়াই গাঁৱৰ বুঢ়া-মেথা মানুহ বিলাকে কোৱা শুনিছিলো, সেই হিমালয় পৰ্বতৰ সিপাৰে এখন বৰ ধূনীয়া দেশ আছে, নাম চীনদেশ৷
আমাৰ গাঁৱত এটা পুথি ভঁড়াল আছিল, নামটো ‘নৱজীৱন পুথি ভঁড়াল’৷ শৈশৱত সেই পুথি ভঁড়ালৰ সৈতে আমাৰ এক আত্মিক সম্পৰ্ক গঢ়ি উঠিছিল৷ শৈশৱত খুব সাধু কথা আৰু ভ্ৰমণ কাহিনীৰ কিতাপ বিলাক পুথিভঁড়ালৰ পৰা আনি পঢ়াৰ অভ্যাস এটা গঢ়ি উঠিছিল৷ তেতিয়াই চীন দেশৰ সাধু, জাপানৰ সাধু, পৰীকুৱঁৰীৰ সাধু, অকণিৰ ৰামায়ন, অকণিৰ মহাভৰত আদি শিশুৰ বাবে মজুত ৰখা কিতাপ বিলাক আনি গোগ্ৰাসে গিলিছিলো৷ চীন দেশৰ সাধু’ পুথিখন পঢ়াৰ অন্তত মন-পখি তেতিয়াই হিমালয় পৰ্বতৰ সিপাৰৰ কল্পনাৰ ধূনীয়া দেশখনৰ আলিয়ে-গলিয়ে বিচৰণ কৰি ফুৰিছিল৷ তেতিয়াই মনতে পাঙিছিলো, ডাঙৰ হ’লে পাৰিলে অইন দেশলৈ নগলেও অন্ততঃ চীন দেশখন নিজ চকুৰে এবাৰ গৈ চাই আহিমগৈ৷
সময় অতিবাহিত হোৱাৰ লগে লগে নিজৰ দেশখনৰ লগতে আন্তৰ্জাতিক পৰ্যায়তো ৰাজনৈতিক বাতাবৰণ দ্ৰুত গতিত সলনি হ’বলৈ ধৰিলে৷ হঠাতে আৰম্ভ হ’ল চীন-ভাৰতৰ সীমাৰ কাজিয়া । আমাৰ তেতিয়া হাইস্কুলৰ দুৱাৰ-দলিত ভৰি থোৱাৰ সময়৷ গাঁৱত মানুহৰ মুখে মুখে যুদ্ধৰ কথা৷ এতিয়াৰ দৰে তেতিয়া মানুহৰ ঘৰে ঘৰে ৰেডিঅ’ নাছিল৷ গাঁৱৰ পুথি ভঁড়ালত এটা ৰেডিঅ’ আছিল, চৰকাৰৰ ঘৰৰ পৰা অনুদান হিচাবে পোৱা৷ সন্ধিয়া হোৱাৰ লগে লগে গাঁৱৰ বুঢ়া-মেথা, ল’ৰা-ছোৱালী আটায়ে ভাগে ভাগে গৈ গাঁৱৰ মাজভাগত থকা বৰনামঘৰৰ সমীপৰ মুকলি চোতালখনত গৈ থুপ খায় গৈ৷ তাতে বহি সকলোৱে যুদ্ধৰ বা-বাতৰি লয়৷ পিছত যুদ্ধই ভয়ঙ্কৰ ৰূপ লোৱাত আমি গাঁও এৰি গোটেই পৰিয়ালটো ব্ৰহ্মপুত্ৰ পাৰ হৈ নগাঁও জিলাৰ হাটবৰ পালোগৈ৷
(আগলৈ)