• About Us
  • Contact
  • Disclaimer
No Result
View All Result
THE OPINION
Tuesday, July 1, 2025
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
THE OPINION
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

ৰাজ্যখনত বিজেপি শাসনৰ ৮ বছৰত ১৮,২৩৭ টা বলাৎকাৰৰ গোচৰ ! ব্যৰ্থতা লুকুৱাবলৈ সাম্প্ৰদায়িক ঢাকোন

দিলীপ ৰায়চৌধুৰী by দিলীপ ৰায়চৌধুৰী
August 28, 2024
in অসম, ভিডিঅ’
Share on FacebookShare on Whatsapp

অসমৰ আইদেউ, বাইদেউ,ভন্টী, ভাগিনীহঁতৰ মাজত অতি জনপ্ৰিয় পুৰুষজন হ’ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । সুযোগ পালেই এখন চেলফি উঠিবলৈ আথবা গাত গা লগাই ফটো এখন উঠিবলৈ হেতাওপোৰা লাগি যায় । হাতখন এবাৰ স্পৰ্শ কৰিব পালে বা গালখন কণমাণিটোক চিকুটি দিয়াৰ দৰে চিকুটিব পালে তেওঁলোকৰ যেন জীৱন সাৰ্থক হ’য় ! আতঁৰৰ পৰা দেখিলে এটা ফ্লাইং কিছ!

কিন্তু তেওঁলোকে নাজানে যে তেওঁলোকৰ জীৱনৰ নিৰাপত্তাৰ বিষয়ত মুখ্যমন্ত্ৰীজনে অলপো চিন্তা নকৰিলে যোৱা ৭টা বছৰ ! ২০১৬ চনৰ পৰা ২০২৩ৰ ফেব্রুৱাৰীলৈ, অর্থাৎ ৭ বছৰত অসমত ধর্ষণৰ গোচৰ ৰুজু হৈছে ১২.৭২৬টা। অর্থাৎ প্রতি বছৰে গড়ে বাজ্যত ধৰ্ষণৰ গোচৰ ৰুজু হৈছে ১,৮১৮টা। অসমত ক্রমাৎ বৃদ্ধি পাইছে নাৰীজনিত অপৰাধ। যোৱা ডেৰ মাহত সংঘটিত হৈছে ২৩ টাতকৈও অধিক ধৰ্ষণ ।

অসমত ৰাজনৈতিক ক্ষমতাৰে যোৱা ২৩টা বছৰে দপদপাই থকা হিমন্ত বিশ্ব শৰ্মাই নিজ মুখেৰে যোৱা ডেৰ-দুমাহত সংঘটিত এনে ঘটনাৰ তালিকাভুক্ত কৰি অসমৰ মহিলা নিৰাপদ নহয় বুলি স্বীকাৰোক্তি দিয়াটোও তেওঁৰ বাবে অতি লজ্জাজনক কথা !

বিজেপিৰ শাসনত অসম তথা ভাৰতৰ নাৰী অলপো নিৰাপদ নহয়। বিজেপিৰ শাসনত ধৰ্ষণকাৰীক ৰক্ষণাবেক্ষণ দিয়া জলন্ত উদাহৰণ হ’ল গুজৰাট দাঙ্গাৰ সময়ত ধৰ্ষণত অভিযুক্ত সকলক গুজৰাটৰ বিজেপি চৰকাৰে জেলৰ পৰা মুকলাই দি ফুলৰ মালা পিন্ধাই আদৰণি জনোৱা আৰু মিঠাই বিতৰণ কৰা আনন্দ প্ৰকাশ কৰা দৃশ্য ! বিজেপি এম পি ব্ৰীজভূষণৰ বিৰুদ্ধে যৌণ নিৰ্যাতনৰ অভিযোগ কৰা ছোৱালী পালোৱান কেইজনীক ন্যায় দিয়াৰ পৰিৱৰ্তে পুলিচী অত্যাচাৰ চলোৱা ঘটনা বিলাক দেশবাসীয়ে আজিও পাহৰা নাই ।

অসমত মহিলাৰ সুবক্ষাৰ ক্ষেত্রত আইন-শৃংখলাৰ ব্যৰ্থতাৰ কথা খোদ মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰাৰ পিচত ৰাজ্যৰ নাৰীক সুৰক্ষা দিয়াত অসম আৰক্ষী আৰু প্রশাসন ব্যর্থ হোৱা নিৰ্লজ্জ স্বীকাৰোক্তিৰ পিচত মুখ্যমন্ত্ৰীজন গাদীত বহি থকাৰ যোগ্যনে ?

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীয়ে পঞ্জীয়ন হোৱা গোচৰ খিনিৰ তালিকাহে প্ৰকাশ কৰিছে ।পঞ্জীয়নবিহীন অপৰাধ হয়তো আৰু বহুত বেচি আছে। যোৱা ৮-৯ বছৰত অসমৰ বিভিন্ন জিলাত অসংখ্য নাৰী ধৰ্ষণ, হত্যা আৰু নিৰ্যাতনৰ বলি হৈছে। বহুক্ষেত্ৰত গ্রেপ্তাৰ হোৱাৰ পাচত অপৰাধীয়ে পুনৰ মুকলি হ’বলৈ সক্ষম হোৱাটোও দেখা গৈছে ।

উল্লেখযোগ্য যে যোৱা দশকটোত অসমত মদ,ভাং,নিচাযুক্ত ড্ৰাগচ্‌ আদিৰ প্ৰচলন বৃদ্ধি পাইছে ।হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্বলৈয়ে ড্ৰাগচৰ প্ৰচলনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল । কিন্তু কিছুদিন পিচত এই যুদ্ধ স্থবিৰ হৈ পৰিল আৰু তাৰ বিপৰীতে মদৰ প্ৰচলন বৃদ্ধিৰ বাবে চৰকাৰে মদৰ দোকানীক হেঁচা দিয়াহে দেখা গ’ল! আনহাতে সমাজৰ গৰীৱ ল’ৰা ছোৱালীয়ে পঢ়া চৰকাৰী স্কুল সমূহ বন্ধ কৰি অসমৰ গ্ৰামাঞ্চলত শিক্ষা সংকোচন আৰু মদৰ প্ৰচলন বৃদ্ধিৰ ব্যৱস্থা কৰিলে । চৰকাৰে কৰ্ম-সংস্থাপন দিব নোৱাৰাৰ বাবে গ্ৰামাঞ্চলত কৰ্মহীন তথা গৰীৱ মানুহৰ সৎখ্যা ক্ৰমান্নয়ে বাঢ়ি থাকিল । চৰকাৰৰ হিতাধিকাৰী বৃদ্ধিৰ নীতি আৰু বিনামূলীয়া চাউলৰ যোগানে সৰহ সংখ্যক গৰীৱ মানুহক কৰ্মহীন আৰু এলেহুৱা কৰি পেলাইছে । এলেহুৱা হৈ মানুহৰ স্বভাৱৰো পৰিবৰ্তন হৈছে । নীচাযুক্ত বস্তু,ভাং,ড্ৰাগচ্‌, হত্যা-লুণ্ঠন,ধৰ্ষণ,নাৰী নিৰ্যাতন আদিৰে জীৱন অতিবাহিত কৰাৰ প্ৰৱনতা বাঢ়ি আহিছে । আনহাতে চহৰাঞ্চলটো নিবনুৱাৰ বৃদ্ধি হৈছে । জীৱন যুদ্ধত হতাশাগ্ৰস্থ যুৱক যূৱতীয়ে জুৱা, মদ, ভাং,ড্ৰাগচ. ঠগ বাজি, চুৰি ডকাইতি লুণ্ঠন আদিৰ প্ৰতি আকৰ্ষিত হৈছে । বিশৃংখল হৈ অহা সমাজখনত সেয়েহে ধৰ্ষণ,নাৰীনিৰ্যাতন , চিলনী চোৰ ,নিচাযুক্ত ড্ৰাগচ্‌, অশ্লীলতা আদিৰ নিচিনা অপকৰ্ম বাঢ়ি গৈছে ।

যোৱা ২৩টা বছৰ কংগ্ৰেছ আৰু বিজেপি দলৰ সদস্য হৈ অসমত চৰকাৰী নীতি-নিৰ্ধাৰণ আৰু প্ৰশাসনৰ লগত জড়িত শক্তিশালী ব্যক্তিজন হ’ল হিমন্ত বিশ্ব শৰ্মা । তেওঁ শিক্ষা,স্বাস্থ্য ,গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰী হৈ থকা সময়ছোৱাত ৰাজ্যখনত ধৰ্ষণ,হত্যা,লুণ্ঠন.ড্ৰাগচ,চোৰাং ব্যৱসায়,ছিণ্ডিকেট আত্মহত্যা, আদি ঘটনা বৃদ্ধি পাইছে । মূল্যবৃদ্ধিয়ে ৰাইজক হতাশাগ্ৰস্থ কৰিছে ।

মুখ্যমন্ত্ৰীজনে নিজে প্ৰকাশ কৰা তথ্য অনুসৰি ২০০১ চনৰ পৰা ২০২৪ চনলৈ অসমত ৪০,০৬৫ টা বলাৎকাৰৰ গোচৰ ৰজু হৈছে । ২০১৬ চনৰ বিজেপি শাসনৰ ৮ বছৰত এই পৰিসংখ্যা ১৮,২৩৭ টা । দেখা যায় যে ২০০১ চনৰ পৰা ২০১৫ চনলৈ অৰ্থাৎ ১৫ বছৰত ২১,৮২৮ টাৰ বিপৰীতে যোৱা ৮ টা বছৰৰ বিজেপি শাসনত ১৮,২৩৭ টা গোচৰ ৰজু হৈছে। আনহাতে, ২০১৭ চনৰ পৰা ২০১৯ চনৰ বিজেপি শাসনকালত ১০,৩৮৬ ধৰ্ষণৰ গোচৰ লক্ষ্য কৰিবলগীয়া ঘটনা ।

উক্ত পৰিসংখ্যাবোৰ প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে ক’ব বিচাৰিছিল যে যোৱা লোকসভা নিৰ্বাচনত কিছুমান বিশেষ সম্প্ৰদায় অধ্যুষিত অঞ্চলত কংগ্ৰেছ দলে ভাল ফল দেখুওৱাৰ ফলত সেই সম্প্ৰদায়ৰ মানুহে যোৱা ডেৰমাহত অসমত ২৩টা ধৰ্ষণ সংঘটিত কৰিবলৈ উৎসাহ আৰু সাহস পাইছে ।

ধৰ্ষণৰ নিচিনা এটা অপৰাধক মুখ্যমন্ত্ৰীজনে নিন্দনীয়ভাৱে ৰাজনৈতিক আৰু সাম্প্ৰদায়িক ৰূপ দিব বিচাৰিছে । কিন্তু ধৰ্ষণকাৰীসকলৰ নামৰ পৰা দেখা গৈছে যে অপৰাধী সকলৰ তালিকাত অকল কোনো বিশেষ সম্প্ৰদায়ৰ নহ’য় বিভিন্ন ভাষা-ধৰ্ম-জাতি-জনজাতিৰ অপৰাধীৰ নামহে আছে ।

আনহাতে,বিজেপি শাসনত কিয় ধৰ্ষণ বাঢ়িছে তাৰ মনোস্তাত্বিক আৰু বাস্তৱ অধ্যয়ণৰ ব্যৱস্থা নকৰাকৈ তেওঁ সাম্প্ৰদায়িকতা বিয়পোৱাতহে ব্যস্ত হৈছে । দেখা গৈছে সেই বিশেষ সম্প্ৰদায়ৰ মানুহে ধৰ্ষণ কৰিলে তেওঁৰ সাম্প্ৰদায়িকতা প্ৰচাৰৰ বাবে সুবিধা হ’য় !

এতিয়া প্রশ্ন হ’ল অসমত মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধ ৰোধৰ বাবে চৰকাৰে কি কৰিছে? মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ সৈতে এক নিৰাপদ পৰিবেশৰ ওতপ্রোত সম্পর্ক আছে। ষ্ট্রীট লাইটৰ ব্যৱস্থা কৰা, বিশেষ বিশেষ স্থানত চি চি কেমেৰাৰ ব্যৱস্থা কৰাৰ উপৰিও নিচাজাতীয় সামগ্ৰীৰ প্ৰচলনত বাধা, ধৰ্মীয় উৎসৱ, সাংস্কৃতিক অনুস্থান আদিত উদ্ভন্দালি আৰু অপ-সংস্কৃতি বন্ধ কৰা ইত্যাদি ।

হিমন্ত বিশ্ব শৰ্মাই ধৰ্ষণৰ ঘটনাৰ বাবে এটা বিশেষ সম্প্ৰদায়ৰ বিৰূদ্ধে উচতণি দি সাম্প্ৰদায়িক ৰাজনীতি কৰিব পাৰিব কিন্তু ধৰ্ষণৰ দৰে অপৰাধ বন্ধ কৰিব নোৱাৰে।ধৰ্ষণৰ নিচিনা অপৰাধ বন্ধ কৰিবলৈ হ’লে জনসাধাৰনৰ মাজত শিক্ষাৰ প্ৰচলন বৃদ্ধি কৰিব লাগিব, মদ,ভাং,ড্ৰাগচ্‌ আদিৰ প্ৰচলন বন্ধ কৰিব লাগিব । সমাজৰ অৰ্থনৈতিক বৈষম্য আঁতৰ কৰাৰ বাবে নিবনুৱা সমস্যা সমাধানত মনোযোগ দিব লাগিব । অসমৰ মহিলা আয়োগেও সক্ৰিয় হ’ব লাগিব । মহিলা আয়োগৰ অধ্যক্ষ কোন তেেওঁৰ দায়িত্ব আদি বিষয়টৈ মহিলা সকলক সঁচেতন কৰিব লাগিব ! এইবোৰ নকৰি প্ৰশাসনৰ ব্যৰ্থতা ঢাকি ৰখাৰ বাবে ঘটনা সমূহৰ সাম্প্ৰদায়িক ৰূপ দিব বিচাৰিলে সমাজখনত বিশৃংখলতা বাঢ়িবহে আৰু ধৰ্ষণৰ দৰে অপকৰ্ম বাঢ়ি যোৱাৰ সম্ভাৱনা বাঢ়িব ।

Previous Post

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ বিৰোধী ঐক্য মঞ্চৰ

Next Post

ৰাজ্যত মুছলমানৰ সুৰক্ষা বিচাৰি মুখ্যমন্ত্ৰীৰ কাষ চাপিছে বদৰুদ্দিন আজমল

Related Posts

গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী
অসম

গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী

June 16, 2025
অসম প্ৰদেশ কংগ্ৰেছত নতুন কমিটি গঠন : কাৰ কাৰ ভাগত কি দায়িত্ব পৰিল জানো আহক
অসম

অসম প্ৰদেশ কংগ্ৰেছত নতুন কমিটি গঠন : কাৰ কাৰ ভাগত কি দায়িত্ব পৰিল জানো আহক

May 26, 2025
ফাঁকি ফাঁকি এই মন! আজি টালি-টোপোলা বন্ধা দিৱস
অসম

ফাঁকি ফাঁকি এই মন! আজি টালি-টোপোলা বন্ধা দিৱস

May 16, 2025
Next Post
ৰাজ্যত মুছলমানৰ সুৰক্ষা বিচাৰি মুখ্যমন্ত্ৰীৰ কাষ চাপিছে বদৰুদ্দিন আজমল

ৰাজ্যত মুছলমানৰ সুৰক্ষা বিচাৰি মুখ্যমন্ত্ৰীৰ কাষ চাপিছে বদৰুদ্দিন আজমল

Currently Playing

TRENDING

  • অসমীয়া জাতীয় জীৱনত শঙ্কৰদেৱৰ অৱদান

    0 shares
    Share 0 Tweet 0
  • প্ৰগতিবাদী কবি অমূল্য বৰুৱা

    0 shares
    Share 0 Tweet 0
  • হীৰেন গোহাঁই কোন?

    0 shares
    Share 0 Tweet 0
  • গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী

    0 shares
    Share 0 Tweet 0

THE OPINION is a digital media platform based in Guwahati, Assam. It aims to disseminate the opinions floating in various strata of the society. It believes that the viewers can come to a logical conclusion only when different opinions are allowed to flourish. Let THE OPINIONs bloom.

Categories

  • অভিমত (9)
  • অৰ্থনীতি (5)
  • অসম (84)
  • আন্তঃৰাষ্ট্ৰীয় (7)
  • ক্ৰীড়া (10)
  • জীৱনশৈলী (1)
  • দেশ (63)
  • বাণিজ্য (1)
  • বিজ্ঞান (2)
  • বিশেষ লেখা (10)
  • ভিডিঅ’ (2)
  • ভ্ৰমণ কাহিনী (3)
  • মনোৰঞ্জন (3)
  • ৰাজনীতি (24)
  • শিক্ষা (4)
  • সমাজ (47)
  • সংস্কৃতি (5)
  • সাহিত্য (5)
  • স্বাস্থ্য (4)

© 2022 THE OPINION - Designed by Kareng Technologies.

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

© 2022 THE OPINION - Designed by Kareng Technologies.